Subscribe Us

Breaking News

লেখক, কবি সমাৰোহ, আলোচনা চক্ৰসহ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ, ২০২৬

7th Dibrugarh Book Fair 2026 event banner featuring writers meet and poets symposium


ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ‘খোজ অসম’ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অহা ইং ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰ, ২০২৬ তাৰিখলৈকে সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ, ২০২৬ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ গ্ৰন্থ মহোৎসৱৰ লগত সংগতি ৰাখি মহোৎসৱথলীত প্ৰতিদিনে বিভিন্ন সাহিত্যৰ অনুষ্ঠান, প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে৷ ইতিমধ্যে ‘খোজ অসম’ৰ সভাপতি সুব্ৰত বৰ্মন আৰু সম্পাদক বিশ্ববিজয় ফুকনৰ আহ্বানত লেখক-সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈক সভাপতি লেখক-ডি.এইচ.এছ.কে কলেজৰ অধ্যক্ষ ড॰ শশীকান্ত শইকীয়াক উপ-সভাপতি, লেখক-অধ্যাপক লক্ষীনন্দন বৰগোহাঞিক সাহিত্য উপদেষ্টা, লেখক-সাহিত্য সংগঠক সুমন দত্তক মুখ্য আহবায়ক, সমাজকৰ্মী মনোজ কুমাৰ বৰুৱাক মুখ্য সমন্বয়ক, লেখক-সমালোচক ড॰ অসীম চুতীয়াক স্মৃতিগ্ৰন্থ সম্পাদক, ৰাজীৱ আগমাচাৰ্য্য, বিশ্বকিংকৰ বৰুৱাক সহকাৰী সম্পাদক, শান্তনু দুৱৰাক বিত্ত সম্পাদক আৰু ৰ্ডিব্ৰুগড় নিবাসী সাহিত্য, সমাজ, প্ৰশাসন, শিক্ষা, ৰাজনীতিৰ ভালেকেইগৰাকী আগশাৰীৰ লোকক উপদেষ্টা হিচাপে লৈ শক্তিশালীভাবে সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদ্‌যাপন সমিতি গঠন কৰা হৈছে৷ 


উদ্‌যাপন সমিতিয়ে প্ৰকাশ কৰা বাৰ দিনীয়া কাৰ্য্যসূচী অনুসৰি ৬ নৱেম্বৰ, ২০২৬ তাৰিখে বিয়লি ৪.০০ বজাত উদ্বোধনী অনুষ্ঠান৷ এই অনুষ্ঠানত উপস্থিত থাকিব সন্মানীয় অতিথি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য অতিথি বিশিষ্ট ঔপন্যাসিক ড॰ ৰীতা চৌধুৰী, বিশিষ্ট অতিথি  ডিব্ৰুগড় বিশ্ববিদ্যালয়, উপাচাৰ্য ড॰ জিতেন হাজৰিকা, প্ৰাক্তন উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকা, লেখক, প্ৰাক্তন প্ৰাধ্যাপক ড॰ কৰবী ডেকা হাজৰিকা, প্ৰাক্তম মন্ত্ৰী, ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী, কবি-চিকিৎসক ডাঃ প্ৰণয় ফুকন, সাহিত্যিক-প্ৰকৃতিপ্ৰেমী জুৰী বৰা বৰগোহাঞি, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, সাহিত্যিক পেঞ্চনাৰ-প্ৰাক্তন আধ্যক্ষ জ্যোতি বৰগোহাঁই, লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ জ্যোতিপ্ৰসাদ দত্ত, ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা৷ সন্ধিয়ালৈ স্মৃতিগ্ৰন্থ উন্মোচন, খোজ অসমৰ দ্বাৰা উদ্যমী খেতিয়ক ধনীৰাম চেতিয়াক ‘খোজ সেৱা বঁটা ২০২৬’ প্ৰদান, চিৰিং চাপৰিবাসী মহিলা সকলৰ দ্বাৰা দিহানাম পৰিবেশন, ড॰ ৰীতা চৌধুৰীৰ সৈতে অন্তৰংগ আলাপ আৰু নৃত্যাঙ্গন কলাকেন্দ্ৰৰ সাংস্কৃতিক অনুষ্ঠান৷ অন্তৰংগ আলাপৰ আঁত ধৰিব আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যবাহী পৰশা কোঁৱৰে। 


৭ নৱেম্বৰ, ২০২৬ তাৰিখে দিনৰ ১১.০০ বজাত বিদ্যালয় শিক্ষা, ডিব্ৰুগড়ৰ সৌজন্যত‘কিতাপৰ নামত এদিন’, বিয়লি ২.০০ বজাত লেখক-অধ্যাপক ড॰ লক্ষ্যজিৎ বুঢ়াগোহাঁই, লেখক-অধ্যাপক ড॰ চন্দনজ্যোতি চুতীযৰ পৰিচালনাৰে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ কেইগগ্ৰাকীমান ছাত্ৰ-ছাত্ৰীক লৈ ‘নতুনৰ দৃষ্টিৰে গ্ৰন্থ আলোচনা’, বিয়লি ৩.৩০ বজাত ড॰ অসীম চুতীয়ৰ সঞ্চালনা আৰু আলোচক লেখক-অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ, লেখক-প্ৰাধ্যাপক ড॰ লক্ষিপ্ৰিয়া গগৈ, তত্তচান পুথিভঁৰালৰ প্ৰতিষ্ঠাপক অনিন্দিতা গগৈৰ সৈতে ‘ডিজিটেল মাধ্যমৰ দ্ৰুত প্ৰসাৰ আৰু অসমীয়া কিতাপৰ ভৱিষ্যৎ’ শীৰ্ষক আলোচনা চক্ৰ৷ সন্ধিয়া শঙ্কৰদেৱ বিদ্যা নিকেতন আৰুসম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান৷ ৮ নৱেম্বৰ, ২০২৬ তাৰিখে পুৱা ১১.০০ বজাত সুৰেন্দ্ৰ নাথ বৰ্মন সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা৷ বিয়লি ১.০০ বজাত লেখক সমাৰোহ৷ 


এই সমাৰোহত অসমৰ ১৯ গৰাকী জ্যেষ্ঠ-কনিষ্ঠ লেখক ক্ৰমে- ডাঃ নীলাক্ষি চলিহা গগৈ, অনুৰাগ মহন্ত, ডাঃ সীমান্ত কোঁৱৰ, দেৱজ্যোতি বৰা, দীপাংকৰ মল্ল বৰুৱা, দীপ্তি দত্ত কলিতা, পাৰ্থপ্ৰদীপ বৰা, প্ৰাৰ্থনা গগৈ, তুলতুল ফুকন, আকাংখ্যা তামোলী, মুনমী দত্ত হাজৰিকা, মুনমী হাজৰিকা, ড॰ বিদিশা মহন্ত, মনোজ লাল গগৈ, ড॰ লিপি ফুকন, প্ৰাঞ্জল দাস, ৰাজেন দাস, ৰাগিনী পূবালী বৰা, যাদৱ গগৈ, প্ৰাঞ্জল পাত্ৰ, জোন গগৈয়ে অংশগ্ৰহণ কৰিব৷ লক্ষীনন্দন বৰগোহাঞি সমন্বয়ক হিচাপে থকা এই অনুষ্ঠানটো উদ্বোধন কৰিব সাহিত্যিক, অধ্যাপক ড॰ মৃদুল শৰ্মাই৷ বিয়লি ৩.০০ বজাত অনুৰাগ কাব্যগোষ্ঠীৰ কবিতাৰ অনুষ্ঠান আৰু সন্ধিয়ালৈ ডি. ডি. ডান্স একাডেমীৰ সাংস্কৃতিক অনুষ্ঠান৷ ৯ নৱেম্বৰ, ২০২৬ তাৰিখে বিয়লি ১.০০ বজাত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত “তাহানিৰ ডিবৰুগড়ঃ ডিব্ৰুগড়” শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠান৷ বিয়লি ৩.০০ বজাত নাট পৰিচালক-অধ্যাপক ড॰ দিগন্ত দত্তৰ সঞ্চালনাৰে আলোচক নাট্যকৰ্মী-অভিনেতা অসীম কুমাৰ শৰ্মা, নাট পৰিচালক পবিত্ৰ চেতিয়া, নাট পৰিচালক ড॰ নীলিম চেতিয়াৰ সৈতে ‘অ-পেছাদাৰী নাটক আৰু নাট্যকৰ্মী’ শীৰ্ষক আলোচনা চক্ৰ৷ 


অনুষ্ঠানটো উদ্বোধন কৰিব বিশিষ্ট নাট্যকৰ্মী জ্যোতি প্ৰকাশ ভট্টাচাৰ্য্যই৷ সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড॰ ভূপেন হাজৰিকা পৰিবেশ্য কলা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বাৰেৰহণীয়া অনুষ্ঠান৷ ১০ নৱেম্বৰ, ২০২৬ তাৰিখে বিয়লি ১.০০ বজাত গ্ৰন্থ উন্মোচনী অনুষ্ঠান, বিয়লি ৩.০০ বজাত ড॰ অৰবিন্দ ৰাজখোৱাৰ সঞ্চালনা আৰু আলোচক লেখক-অধ্যপক ড॰ মৃণাল কুমাৰ গগৈ, লেখক-অধ্যপক ড॰ জুৰি বৰুৱা, লেখক-অধ্যপক নৱজিৎ চেলেঙৰ সৈতে ‘লেখক-সাহিত্যিকৰ সাহিত্য আৰু সামাজিক দায়বদ্ধতা’ শীৰ্ষক আলোচনা চক্ৰ৷ সন্ধিয়া ‘অহিৰ ভৈৰৱ’ৰ উদ্যোগত ভায়লিন বাদন অনুষ্ঠান, ডিব্ৰুগড় জিলা মইনা পাৰিজাত, মূৰ্চনা সংগীত বিদ্যালয় আৰু নৃত্যাঙ্গন কলাকেন্দ্ৰৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, অভাবী শিক্ষাৰ্থীৰ বাবে ‘পথিক’ (Street Music Band)ৰ এটি গীতৰ বিনিময়ত এখন কিতাপ দান কাৰ্যসূচী৷ 


১১ নৱেম্বৰ, ২০২৬ তাৰিখে বিয়লি ৰ.০০ বজাত গ্ৰন্থ উন্মোচন, ৩.০০ বজাত জাতীয় কবি আনিছ উজ জামান আৰু কবি জোনমণি দাসৰ সোঁৱৰণত কবি সমাৰোহ৷ কবি বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই সমন্বয়ক হিচাপে থকা এই সমাৰোহ সঞ্চালনা কৰিব কবি, অধ্যাপক নিৰোদ গোহাঁই-য়ে আৰু উদ্বোধন কৰিব বিশিষ্ট লেখক, চিকিৎসক ডাঃ মৃগাংক শেখৰ চলিহাই৷ সন্ধিয়া ডিবৰু লোকসংগীত কেন্দ্ৰৰ বিচিত্ৰানুষ্ঠান আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান৷ ১২ নৱেম্বৰ, ২০২৬ তাৰিখে পুৱা ১১.০০ বজাত আয়কৰ বিভাগৰ দিনজোৰা সজাগতামূলক অনুষ্ঠান৷ সন্ধিয়া নৃত্যাস্তুতি কলা কেন্দ্ৰ আৰু আন্মনা শৰ্মা ডান্স একাডেমীৰ বাৰেৰহণীয়া অনুষ্ঠান৷ ১৩ নৱেম্বৰ, ২০২৬ তাৰিখে পুৱা ১০.৩০ বজাত আয়কৰ বিভাগৰ দিনজোৰা অনুষ্ঠান৷ সন্ধিয়া ৫.০০ বজাত ড॰ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ সঞ্চালনা আৰু আলোচক এক্টিভিষ্ট অৰ্পনা বৰা, লেখক-প্ৰতিপ্ৰেমী কুশদীপ হাতীমতা, লেখক-প্ৰতিপ্ৰেমী মানস প্ৰতিম দত্তৰ সৈতে ‘নব্য ধাৰণাৰে শিক্ষা– প্ৰতিযোগিতাৰ পৰা প্ৰকৃতিৰ মাজলৈ’ শীৰ্ষক আলোচনা চক্ৰ৷ সন্ধিয়া অনুপম মইনা পাৰিজাতৰ বিচিত্ৰানুষ্ঠান৷ ১৪ নৱেম্বৰ, ২০২৬ তাৰিখে পুৱা ১১.০০ বজাত আয়কৰ বিভাগৰ দিনজোৰা অনুষ্ঠান৷ সন্ধিয়া ৫.০০ বজাত ‘ফটোগ্ৰাফী চচাইটি অফ ডিব্ৰুগড়’ৰ উদ্যোগত ‘চিত্ৰকাব্যঃ ফট’পয়েট্ৰী (Photopoetry)– এক নতুন শিল্পৰ কথাৰে (Final main)’ উপস্থাপন কৰিব কবি, চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ বৰুৱাই৷ 


সন্ধিয়া ড॰ ৰাধাকৃষ্ণণ বিদ্যালয় আৰু ৰাগ মঞ্জুৰী কলা নিকেতনৰ সাংস্কৃতিক অনুষ্ঠান৷ ১৫ নৱেম্বৰ, ২০২৬ তাৰিখে বিয়লি ২.০০ বজাত ‘চাচটেইনেবল গ্ৰীণ ডিব্ৰুগড়ৰ সৌজন্যত’ পক্ষীবিদ ড॰ ৰঞ্জন কুমাৰ দাসৰ সঞ্চালনা আৰু আলোচক প্ৰকৃতিপ্ৰেমী, লেখক অপূৰ্ব বল্লভ গোস্বামী, প্ৰকৃতিপ্ৰেমী ক্ৰমে দেৱজিৎ মৰাণ, মৃদু পবন ফুকনৰ সৈতে ‘প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা আৰু আমাৰ দায়িত্ববোধ’ শীৰ্ষক আলোচনা চক্ৰ৷ সন্ধিয়া ৪.০০ বজাত হৰিশ চন্দ্ৰ বাগচী স্মাৰক বক্তৃতানুষ্ঠান আৰু গ্ৰন্থ উন্মোচন৷ এই অনুষ্ঠানৰ মুখ্য অতিথি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু গ্ৰন্থ উন্মোচক ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ৷ সন্ধিয়া ৫.৩০ বজাত NE Water Talk আৰু জীৱ সুৰক্ষাৰ উদ্যোগত প্ৰাইজমণি কুইজ প্ৰতিযোগিতা আৰু তাৰ পাছতেই সাংস্কৃতিক অনুষ্ঠান৷ ১৬ নৱেম্বৰ, ২০২৬ তাৰিখে বিয়লি ১.৩০ বজাত গ্ৰন্থ উন্মোচন, বিয়লি ৩.০০ বজাত বঁটা বিতৰণী অনুষ্ঠান৷ সন্ধিয়া ৪.৩০ বজাত লেখক, চিকিৎসক ডাঃ সৌৰভ বুঢ়াগোহাঁইৰ সঞ্চালনা আৰু আলোচক গৱেষক-লেখক পেইম থি গোহাঁই,  অনুবাদক-প্ৰাধ্যাপক ড॰ কল্যাণ ভূঞা,  অনুবাদক ড॰ বন্দীতা সুদিয়াৰ ঠাকুৰীয়াৰ সৈতে ‘ অনুবাদ সাহিত্য আৰু প্ৰাসংগিকতা’ শীৰ্ষক আলোচনা চক্ৰ৷ এই অনুষ্ঠানটো উদ্বোধন কৰিব লেখক-চিকিৎসক ডাঃ নিৰ্মল চাহেৱালাই৷ সন্ধিয়ালৈ সূৰ্য্যশিখা মইনা পাৰিজাতৰ সাংস্কৃতিক অনুষ্ঠান৷ 


১৭ নৱেম্বৰ, ২০২৬ তাৰিখে সন্ধিয়া ৪.০০ বজাত NSF Music Academyৰ সৌজন্যত ‘মাটিৰ গান মানুহৰ গান’৷ সন্ধিয়া ৫.০০ বজাত জ্যোতিষ ভট্টাচাৰ্য্যৰ সোঁৱৰণত এক অনুষ্ঠান৷ তাৰ পিছতেই বাগেশ্ৰী কলা মন্দিৰ আৰু সুৰীয়া শিল্পী সমাজৰ সংগীতানুষ্ঠান। এইবাৰ সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত ৰাষ্ট্ৰীয়-ৰাজ্যিক ভালেসংখ্যক প্ৰকাশন প্ৰতিষ্ঠান আৰু বিপনীয়ে অংশগ্ৰহণ কৰিব। জ্ঞান অন্বেষণ আৰু কিতাপ পঢ়াৰ আনন্দ প্ৰদানৰ এই মহোৎসৱখনি সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত ৰাইজৰ সু-দিহা পৰামৰ্শ আৰু সহায়-সহযোগিতা উদযাপন সমতিয়ে কামনা কৰিছে। লেখক-পাঠক, ছাত্ৰ-ছাত্ৰী তথা সমূহ ৰাইজে মহোৎসৱৰ আটাইকেইটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ বৌদ্ধিক পৰিবেশক পুনৰ এবাৰ উজ্জ্বলাই তুলিব বুলি গভীৰ অশা প্ৰকাশ কৰিছে উদযাপন সমতিয়ে।

No comments