কলঙত পৰি নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ ছাত্ৰীৰ কৰুণ মৃত্যু, চহৰজুৰি চাঞ্চল্য

নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
ফটো: দিলশিৰি বাৰ্তা


দিলশিৰি বাৰ্তা, নগাঁওঃ নগাঁও চহৰৰ বুকুত মঙ্গলবাৰে পুৱাই এক অতি কৰুণ তথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চহৰখনৰ এএছটিচি (ASTC) বাছ আস্থানৰ সমীপৰ দলঙৰ পৰা কলং নদীত পৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাব লগীয়া হয়। মৃত ছাত্ৰীগৰাকী নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী খুশী ঘোষ বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱাৰ ভাগত খুশী ঘোষ নামৰ ছাত্ৰীগৰাকী কোনো কাৰণত এএছটিচি সমীপৰ দলঙৰ পৰা কলং নদীত পৰি যায়। ছাত্ৰীগৰাকীক নদীত পৰি যোৱা প্ৰত্যক্ষ কৰি স্থানীয় লোকে লগে লগে উদ্ধাৰ অভিযান চলায়। স্থানীয় ৰাইজৰ তৎপৰতাত ছাত্ৰীগৰাকীক নদীৰ বুকুৰ পৰা জীৱন্ত অৱস্থাত উদ্ধাৰ হয় যদিও নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কিছু সময় পিছতে চিকিৎসকে ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, ঘটনাৰ খবৰ পাই নগাঁও আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে। এই খবৰে বৰ্তমান সমগ্ৰ নগাঁও চহৰৰ লগতে বিদ্যালয়খনৰ শিক্ষক-ছাত্ৰীসকলৰ মাজতো গভীৰ শোকৰ ছাঁ পেলাইছে। ছাত্ৰীগৰাকী কেনেকৈ বা কি পৰিস্থিতিত দলঙৰ পৰা তললৈ পৰি গ’ল, সেই সন্দৰ্ভত এতিয়াও প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই। নগাঁও আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু সম্পূৰ্ণ তদন্তৰ পাছতহে ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

Post a Comment

Previous Post Next Post