পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি , দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎসৱমুখৰ পৰিৱেশ

পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি , দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎসৱমুখৰ পৰিৱেশ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি যোৱা ২২ আৰু ২৩ মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হৈ যায়। বিদ্যালয়খনৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ তথা আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। উৎসৱৰ প্ৰথম দিনা কাৰ্যসূচীৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত শিক্ষক লীলাধৰ চেতিয়াই বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে সোণালী জয়ন্তী আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ক্ৰমে উদযাপন সমিতিৰ সভাপতি গুণেন বৰা আৰু প্ৰধান শিক্ষক যোগেশ্বৰ দাসে। 

পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি , দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎসৱমুখৰ পৰিৱেশ
পতাকা উত্তোলন কাৰ্যসূচী, ফটোঃ নিজা সংবাদদাতা

এই ঐতিহাসিক ক্ষণক স্মৰণীয় কৰি তুলিবলৈ আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ দ্বাৰা একেলগে ৫০ খন পতাকা উত্তোলন কৰা হয়। প্ৰয়াত শিক্ষক-ছাত্ৰ আৰু শুভাকাংক্ষীসকলৰ স্মৰণত স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে অৱসপ্ৰাপ্ত শিক্ষয়িত্ৰী নৱজ্যোতি চাংমাইয়ে। অৱসৰপ্ৰাপ্ত বন কৰ্মচাৰী যতীন গগৈ আৰু জীৱন বৰতামূলীয়ে বৃক্ষৰোপণ কৰে। ইয়াৰ পিছতে যোগচন্দ্ৰ গগৈয়ে মুকলি কৰা বিশেষ প্ৰদৰ্শনীত অঞ্চলটোৰ নিকটৱৰ্তী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসপ্ৰাপ্ত অধ্যক্ষ ড° পুতুল শইকীয়াই বিদ্যালয়ৰ ৫০ বছৰীয়া স্মৃতিসৌধ আৰু ৰঞ্জুমণি হাজৰিকা শইকীয়াই বিদ্যালয়ৰ নৱনিৰ্মিত কোঠা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।  বিয়লি ১ বজাত ন-পুৰণি শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সমাৰোহখনি উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ ৰঞ্জিত বৰাই। প্ৰাক্তন ছাত্ৰী কুমকুম চাংমাইয়ে আঁত ধৰা অনুষ্ঠানটি পৰিচালনা কৰে অৱসপ্ৰাপ্ত শিক্ষক গোপাল দাসে, য’ত বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰে। 



উৎসৱৰ দ্বিতীয় দিনা কাৰ্যসূচীৰ আৰম্ভণিতে গোলাঘাট জিলা পৰিষদৰ উপসভানেত্ৰী গীতামণি বৰাই এক আকৰ্ষণীয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা মূল মুকলি সভাখনি উদ্বোধন কৰে গোলাঘাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি দিব্যজ্যোতি শৰ্মাই। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেশ্বৰ দাসে আদৰণি ভাষণ আগবঢ়ায়। উক্ত সভাত কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোকেন্দ্ৰনাথ বৰাই সভাপতিত্ব কৰে আৰু কমাৰবন্ধা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতুল শইকীয়াই বিদ্যালয়ৰ স্মৰণিকা "সোণালী সৌৰভ" উন্মোচন কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰসন্ন শৰ্মা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ড° দীপা ফুকন বৰুৱাই বৰ্তমানৰ শিক্ষা ব্যৱস্থা তথা নতুন শিক্ষানীতিৰ ওপৰত এক তত্ত্বগধুৰ আৰু সময়োপযোগী বক্তব্য দাঙি ধৰে।

পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি , দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎসৱমুখৰ পৰিৱেশ
দ্বিতীয় দিনাৰ সাংস্কৃতিক শোভাযাত্ৰা, ফটোঃ নিজা সংবাদদাতা

পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ প্ৰধান শিক্ষক বুবুল দাসে উদ্বোধন কৰা সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীয়ে গীত-মাত পৰিৱেশন কৰি অনুষ্ঠানটি মধুময় কৰি তোলে। ইয়াৰ পিছতে স্থানীয় যুৱকবৃন্দৰ দ্বাৰা মহাপুৰুষীয়া নাট "দক্ষ যজ্ঞ" মঞ্চস্থ কৰা হয়। বিশিষ্ট লোকসংস্কৃতি সাধক দুলুমনি বৰাই এই নাটভাগ উদ্বোধন কৰে। 

সমগ্ৰ জয়ন্তী অনুষ্ঠানটি সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেশ্বৰ দাসে অঞ্চলটোৰ শুভাকাংক্ষী ৰাইজ, শিক্ষক-কৰ্মচাৰী বৃন্দ, উদযাপন সমিতিৰ বিষয়ববীয়া, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি, অভিভাৱক-অভিভাৱিকা আৰু সমগ্ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Post a Comment

Previous Post Next Post