![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, গোলাঘাটঃ গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়ামত যোৱা ১৬ আৰু ১৭ মে’ত অনুষ্ঠিত হৈ যোৱা 'অল ইণ্ডিয়া কেৰাটে চেম্পিয়নশ্বীপ-২০২৬'ত অসমক প্ৰতিনিধিত্ব কৰি গোলাঘাটৰ কমাৰবন্ধা কেৰাটে গ্ৰীলডৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃহৎ সাফল্য বুটলি আনিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত পদক বুটলি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি খেলুৱীসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক কুমুদ বৰাক আজি গোলাঘাটত স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনায়।উল্লেখ্য যে, এই সন্মানীয় প্ৰতিযোগিতাত কমাৰবন্ধা কেৰাটে গ্ৰীলডৰ খেলুৱৈ তথা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অংকুৰজ্যোতি তামুলীয়ে অনবদ্য প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰে।
আনহাতে, গোলাঘাট জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ গৌৰৱ শইকীয়া, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী অন্তৰাপ্ৰীয়া শইকীয়া, কছাৰীহাট জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী নিহাৰিকা ৰাজখোৱা আৰু দক্ষিণহেঙ্গেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মুগ্ধজ্যোতি গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা এই কনকন খেলুৱৈসকলৰ সফলতাৰ আঁৰত থকা প্ৰশিক্ষক কুমুদ বৰাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক ৰাইজে বিশেষভাৱে প্ৰশংসা কৰে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ বহু সচেতন ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকি খেলুৱীসকলৰ ভৱিষ্যত উন্নতি কামনা কৰে। এই সফলতাই সমগ্ৰ গোলাঘাট জিলাৰে ক্ৰীড়া মহললৈ এক আনন্দৰ জোৱাৰ আনিছে।
