মেৰাপানীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল চেন্ট্ৰ’ বাহনঃ এগৰাকী মহিলা গুৰুতৰভাৱে আহত

মেৰাপানীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল চেন্ট্ৰ’ বাহনঃ এগৰাকী মহিলা গুৰুতৰভাৱে আহত
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীৰ গমাৰীত শনিবাৰে পুৱাৰ ভাগতে এক পথ দুৰ্ঘটনা সংঘটিত হয়। চলংপথাৰৰ পৰা কমাৰবন্ধা অভিমুখে গৈ থকা অৱস্থাত AS-03 5264 নম্বৰৰ এখন চেন্ট্ৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। প্ৰাপ্ত তথ্য মতে, দুৰ্ঘটনাটোৰ ফলত গাড়ীখনত থকা আন যাত্ৰীসকল সুৰক্ষিতভাৱে ৰক্ষা পৰে যদিও এগৰাকী মহিলা যাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কাৰ্যত নামি পৰে। আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে মেৰাপানী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত এক তদন্ত অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post