পুৱাই লখিমপুৰত নাওবৈচাত ৰাজ্য কঁপাই যোৱা নৈশ বাছৰ পথ দুৰ্ঘটনা, এজন যাত্ৰীৰ থিতাতে মৃত্যু, বহু যাত্ৰী গুৰুতৰভাৱে আহত

পুৱাই লখিমপুৰত নাওবৈচাত ৰাজ্য কঁপাই  যোৱা নৈশ বাছৰ পথ দুৰ্ঘটনা, এজন যাত্ৰীৰ থিতাতে মৃত্যু, বহু যাত্ৰী গুৰুতৰভাৱে আহত
ফটোঃ নিজা প্ৰতিবেদক


ডিজিটেল সংবাদ, নাওবৈচাঃ লখিমপুৰ জিলাৰ নাওবৈচাত শনিবাৰে পুৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ থকা এখন নৈশ বাছ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এজন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। 

প্ৰাপ্ত তথ্য মতে, ‘Yatra’ ট্ৰেভেলছৰ AR-01 W1144 নম্বৰৰ নৈশ বাছখনে প্ৰায় ১৬ ৰ পৰা ১৭ গৰাকী যাত্ৰী লৈ গুৱাহাটীৰ পৰা মাজুলীলৈ আভিমুখে গৈ আছিল। যাত্ৰাপথত লখিমপুৰৰ নাওবৈচা অঞ্চলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাছখনৰ ভিতৰত থকা এজন যুৱকৰ থিতাতে কৰুণ মৃত্যু ঘটে। মৃত যুৱকজন মাজুলীৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে যদিও বৰ্তমানলৈকে তেওঁৰ সম্পূৰ্ণ নাম-ঠিকনা জানিব পৰা হোৱা নাই। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ আৰু আৰক্ষী তৎপৰতাত উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। বাছখনত থকা আন কেইবাগৰাকীও যাত্ৰী এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। 

বৰ্তমান চিকিৎসালয়ত চিকিৎসকৰ দলে আহতসকলক জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়াই আছে। এই শোকাৱহ ঘটনাই সমগ্ৰ মাজুলী আৰু লখিমপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। 

Post a Comment

Previous Post Next Post