Subscribe Us

Breaking News

নগাঁৱত আৰক্ষী-ডকাইতৰ মাজত নিশা গুলীয়াগুলী, মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল ওৰফ মণি নিহত

নগাঁৱত আৰক্ষী-ডকাইতৰ মাজত নিশা গুলীয়াগুলী, মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল ওৰফ মণি নিহত
ফটোঃনিজা সংবাদদাতা

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাত ডকাইত আৰু সশস্ত্ৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে এক তীব্ৰ আৰু কঠোৰ অভিযান। এই ধাৰাবাহিক অভিযানৰ মাজতে মঙলবাৰে নিশা জিলাখনৰ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত বৰকন্দলী অঞ্চলত আৰক্ষী আৰু এটা সশস্ত্ৰ ডকাইতৰ দলৰ মাজত এক ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। 

আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে কৰা প্ৰত্যুত্তৰৰ গুলীবৰ্ষণত শেহতীয়াকৈ নগাঁও চহৰৰ মৰিকলঙত সংঘটিত হোৱা চিকিৎসক দম্পতীৰ আৱাসগৃহৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড তথা কুখ্যাত ডকাইত খাইৰুল ওৰফে মণি থিতাতে নিহত হয়। আৰক্ষীৰ এই এনকাউণ্টাৰৰ ঘটনাই সমগ্ৰ জিলাখনতে এক তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি, শেহতীয়াকৈ নগাঁও চহৰৰ মৰিকলঙত এহাল চিকিৎসক দম্পতীৰ আৱাসগৃহত এক ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল, যি ঘটনাই সমগ্ৰ জিলাখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত নগাঁও আৰক্ষীৰ এটা বিশেষ দলে অতি ক্ষিপ্ৰতাৰে তদন্ত চলাই আছিল। 

মঙলবাৰে নিশা আৰক্ষীয়ে এক বিশ্বাসযোগ্য গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ৰাঙলুৰ বৰকন্দলী অঞ্চলত ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ এক সুপৰিকল্পিত আৰু গোপন অভিযান চলায়। আৰক্ষীৰ দলটোৱে বৰকন্দলীৰ এক নিৰ্জন স্থানত থকা ডকাইতৰ সাময়িক ঘাটিটো চাৰিওফালৰ পৰা ঘেৰাও কৰাৰ সময়তে অপৰাধীৰ দলটোৱে আৰক্ষীৰ উপস্থিতি ধৰা পেলায়। 

নিজকে বচাবৰ বাবে ডকাইতৰ দলটোৱে কোনো সঁহাৰি নিদি আৰক্ষীক লক্ষ্য কৰি হঠাত্‍ ধাৰাবাহিকভাৱে গুলীবৰ্ষণ আৰম্ভ কৰে। হঠাত্‍ হোৱা এই আক্ৰমণৰ পিছত নিজৰ লগতে সতীৰ্থসকলৰ আত্মৰক্ষাৰ স্বাৰ্থত আৰক্ষীৰ দলেও ওলোটাই প্ৰত্যুত্তৰত গুলী চলাবলৈ বাধ্য হয়। নিশাৰ অন্ধকাৰ ফালি দুয়োপক্ষৰ মাজত হোৱা এই তীব্ৰ গুলীয়াগুলীৰ অন্তত ডকাইতি কাণ্ডৰ মূল হোতা, কুখ্যাত ডকাইত খাইৰুল ওৰফে মণি গুলীবিদ্ধ হৈ থিতাতে ঢলি পৰে। 

আৰক্ষী সূত্ৰই জনোৱা মতে, নিহত কুখ্যাত ডকাইত মণিৰ প্ৰকৃত ঘৰ লক্ষীমপুৰ জিলাত আছিল আৰু তেওঁ দীৰ্ঘদিন ধৰি মধ্য অসমত ডকাইতি কাণ্ডৰ জাল পেলাই আহিছিল। অৱশ্যে আৰক্ষীৰ এই ব্যাপক অভিযানৰ সময়তে নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ডকাইতৰ দলটোত থকা আন পাঁচটা সতীৰ্থ, কুখ্যাত ডকাইতৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

এনকাউণ্টাৰৰ ঘটনাটোৰ অন্তত আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত তালাচী চলাই ঘটনাস্থলীৰ পৰা ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এটা ৭.৬৫ এমএম (7.65 mm) অত্যাধুনিক পিষ্টল, কেইবা জাঁই সজীৱ গুলী আৰু বহুসংখ্যক খালি কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি নগাঁও আৰক্ষীয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰা আন পাঁচটা দুৰ্ধৰ্ষ ডকাইতক যিকোনো প্ৰকাৰে কৰায়ত্ত কৰাৰ বাবে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি এক তীব্ৰ অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ এই কঠোৰ পদক্ষেপে জিলাখনৰ সচেতন নাগৰিক সমাজক আশ্বস্ত কৰিছে।




No comments