দেৰগাঁৱত ঘৰচীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যু মাউতৰ

দেৰগাঁৱত ঘৰচীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যু মাউতৰ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁৱত সংঘটিত হৈছে কৰুণ ঘটনা। এটা ঘৰচীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত প্ৰশান্ত ভূঞা নামৰ এজন মাউত। এই কৰুণ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ দেৰগাঁও অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, দেৰগাঁও মলাই কুমাৰ গাঁৱৰ এটা পথেদি ‘ৰামপ্ৰসাদ’ নামৰ এটা ঘৰচীয়া হাতী আনি থকা হৈছিল। সেই সময়তে উক্ত পথটোৰ মাজভাগতে থকা এটা শিৱ মন্দিৰৰ কাষত পূৰ্বৰে পৰা আন এটা হাতীয়ে বাঁহৰ পাত খাই আছিল। ৰামপ্ৰসাদ নামৰ হাতীটো একেটা পথেদি আহি থকা দেখি বাঁহ পাত খাই থকা হাতীটোৰ মাউত অৰ্থাত প্ৰশান্ত  ভূঞা নামৰ মাউতজন নামি আহে। কিন্তু দুৰ্ভাগ্যবশতঃ, ৰামপ্ৰসাদ নামৰ হাতীটোৱে নিজৰ মাউতজনে একো তৰ্কিব পৰাৰ আগতেই প্ৰশান্ত নামৰ মাউতজনক লক্ষ্য কৰি আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃত্যু প্ৰশান্ত ভূঞা নামৰ মাউতজনৰ। ঘটনাটো সংঘটিত কৰাৰ পিছতেই ৰামপ্ৰসাদ নামৰ হাতীটোৱে সেই স্থান ত্যাগ কৰি পলায়ন কৰে। 

পৰৱৰ্তী সময়ত ৰামপ্ৰসাদৰ মাউত জনে পিছে পিছে গৈ অশেষ কষ্টৰে হাতীটোক বঙ্গালগাঁৱৰ এখন হাবিৰ মাজত বান্ধিবলৈ সক্ষম হয়। এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত দেৰগাঁও আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে বৰ্তমানৰ পৰিস্থিতি অধ্যয়ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, আক্ৰমণকাৰী ৰামপ্ৰসাদ নামৰ হাতীটোৰ হিংস্ৰতাৰ ইতিহাস এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও প্ৰায় এবছৰৰ আগতে এই ৰামপ্ৰসাদ নামৰ হাতীটোৱে নিজৰ গৰাকীকো অনুৰূপ ধৰণে আক্ৰমণ কৰাৰ ফলত মৃত্যুমুখত পৰিছিল। এটা হত্যাকাৰী হাতীক এনেদৰে মুকলিকৈ জনবসতিপূৰ্ণ অঞ্চললৈ আনিবলৈ দিয়া কাৰ্যক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।


Post a Comment

Previous Post Next Post