গোলাঘাটৰ বকিয়ালত বাঘৰ আতংকঃ গৰু বিচাৰি গৈ বাঘৰ আক্ৰমণৰ বলি হয় দুই ভাতৃ, গুৰুতৰভাৱে আহত

গোলাঘাটৰ বকিয়ালত বাঘৰ আতংকঃ গৰু বিচাৰি গৈ বাঘৰ আক্ৰমণৰ বলি হয় দুই ভাতৃ, গুৰুতৰভাৱে আহত
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ বৃহত্তৰ মৰঙি অঞ্চলত পুনৰ বাঘৰ আতংক। গোলাঘাট জিলাৰ মৰঙী ৰাজহ চক্ৰৰ বকিয়াল অঞ্চলত বুধবাৰে সন্ধিয়া এক বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। ঘৰৰ পোহনীয়া গৰু বিচাৰি যোৱাৰ সময়তে হাবিৰ পৰা ওলাই অহা এটা বাঘৰ আক্ৰমণৰ বলি হ’বলগীয়া হয় অঞ্চলটোৰ নবীন বৰা আৰু প্ৰবীন বৰা নামৰ দুই ভাতৃ। 

বাঘটোৰ আক্ৰমণৰ পৰা কোনোমতে দুয়োৰে প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হব লগা হয় দুই ভাতৃ। আহত দুয়োকে ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে। বৰ্তমান দুয়ো গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনা অনুসৰি, পূৰ্বৰ দৰেই আজিও সন্ধিয়া সময়ত নবীন বৰা আৰু প্ৰবীন বৰাই গৰু বিচাৰি গাঁৱৰে নিচেই কাষৰ এখন ক্ষুদ্ৰ হাবিলৈ গৈছিল। তেনে সময়তে হাবিখনৰ মাজৰ পৰা হঠাতে এটা প্ৰকাণ্ড বাঘ ওলাই আহে আৰু অতৰ্কিতে দুয়োৰে ওপৰত জপিয়াই পৰে। দুই ভাতৃয়ে আত্মৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰাত কাষৰে গাঁৱৰ ৰাইজ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। ৰাইজৰ তৎপৰতাত হুলস্থুলীয়া পৰিৱেশ দেখি বাঘটোৱে দুয়োকে এৰি থৈ পুনৰ হাবিলৈ পলাই যায়।

পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে তেজে লুটুৰি-পুতুৰি অৱস্থাত দুয়োকে উদ্ধাৰ কৰি পলম নকৰি চিকিৎসাৰ বাবে গোলাঘাটস্থিত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পিছতে বন বিভাগৰ এটা দল বকিয়াল অঞ্চলত আহি উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু বাঘটোৰ গতিনিধি নিৰীক্ষণ কৰি আছে। বৰ্তমান বন কৰ্মীসকলে অঞ্চলটোত তহলদাৰী ব্যৱস্থা কটকটীয়া কৰাৰ লগতে স্থানীয় ৰাইজক অকাৰণত সন্ধিয়া সময়ত হাবি-জংঘলৰ কাষলৈ নাযাবলৈ আৰু সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে। 

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বকিয়াল অঞ্চলতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

Post a Comment

Previous Post Next Post