![]() |
| ফটোঃ নিজা সংবাদদাতা |
ঘটনাৰ বিবৰণি অনুসৰি, কেন্দ্ৰটোৰ ভিতৰতে অমল সোনাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে মৃতকৰ পৰিয়ালে নিচামুক্তি কেন্দ্ৰটোৰ কাৰ্যপদ্ধতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজৰ অভিযোগ যে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিম্বু আৰু কৰ্মচাৰীসকলে অমলৰ ওপৰত দীৰ্ঘদিন ধৰি চলাই অহা অমানুষিক শাৰীৰিক নিৰ্যাতনৰ ফলতেই এই কৰুণ মৃত্যু সাৱটি ল'বলগীয়া হৈছে।
উল্লেখযোগ্য যে, ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰা ডি-এডিকশ্যন কেন্দ্ৰটোৰ স্বত্বাধিকাৰী সন্তোষ লিম্বু সম্প্ৰতি পলাতক হৈ আছে। স্বত্বাধিকাৰীজনৰ এই পলায়নপন্থী মনোবৃত্তিয়ে পৰিয়ালৰ সন্দেহক অধিক দৃঢ় কৰি তুলিছে।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই দুলীয়াজান আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ক্ষুব্ধ ৰাইজক বুজাই-বঢ়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্য এক গোচৰ ৰুজু কৰি ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে।
অমল সোনাৰৰ মৃত্যু কেনে পৰিস্থিতিত হ’ল আৰু ইয়াৰ আঁৰত আচলতে কি ৰহস্য লুকাই আছে, সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব। এই ঘটনাই সমগ্ৰ ৰাজ্যতে কাঠফুলাৰ দৰে গজি উঠা একাংশ ব্যক্তিগত নিচামুক্তি কেন্দ্ৰৰ তদাৰকী আৰু সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ এবাৰ ডাঙৰ প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰিছে।
.jpg)