![]() |
| ফটোঃ সামাজিক মাধ্যম (সম্পাদিত) |
ডিজিটেল ডেস্কঃ জাপানৰ প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচীত অনিশ্চয়তা। ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া। বহু প্ৰত্যাশিত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসমৰ ৰাজধানী গুৱাহাটী ভ্ৰমণত অনিশ্চয়তা আহি পৰাত এতিয়া সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি জাপানৰ সংসদৰ অধিৱেশনৰ বাবে সময় নাই জাপানৰ প্ৰধানমন্ত্ৰীৰ ছানায়ে টাকাইচিৰ। যাৰ বাবে দিল্লীতে ভাৰত ভ্ৰমণ সামৰি উভতিব স্বদেশলৈ।
উল্লেখ্য যে, অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ গুৱাহাটীত ভাৰত-জাপান বাৰ্ষিক সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বৰ্তমান এই ভ্ৰমণসূচী সলনি কৰি কেৱল নতুন দিল্লীতেই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যাক লৈ এতিয়া অসমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘৰুৱা ব্যস্ততা আৰু সময়ৰ নাটনিৰ বাবেই ভাৰত ভ্ৰমণৰ সময়সীমা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ বিপৰীতে অসমৰ একাংশ সংবাদ মাধ্যমত বাতিলৰ বিষয়টো অন্য ধৰণেৰে প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিজ দেশৰ সংসদৰ চলিত অধিৱেশন আৰু অন্যান্য জৰুৰী ঘৰুৱা ব্যস্ততাৰ বাবে এই ভ্ৰমণসূচী কেৱল ৰাষ্ট্ৰীয় ৰাজধানীতে সামৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ বিপৰীতে ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত বিষয়টো অন্য ধৰণেৰে প্ৰকাশ পাইছে। শেহতীয়াভাৱে গুৱাহাটীৰ গণেশগুৰিত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকন কৰাৰ সময়ত সৃষ্টি হোৱা তীব্ৰ যান-জঁটত ফলত আৱদ্ধ হব লগা হৈছিল পূৰ্ব-প্ৰস্তুতিৰ বাবে অহা জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল। প্ৰায় দুঘণ্টা ধৰি আবদ্ধ হৈ পৰা বুলি ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইয়াৰ পিছতেই এই ঘটনা আৰু গুৱাহাটীৰ পৰিৱেশক লৈ জাপান চৰকাৰ সন্তুষ্ট নাছিল বুলিও চৰ্চা চলিছে।
অৱশ্যে চৰকাৰী সূত্ৰ অনুসৰি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ গুৱাহাটী ভ্ৰমণসূচী বাতিল হোৱাৰ আঁৰত কোনো ৰাজনৈতিক বিতৰ্ক নাই। কেৱল কাৰিকৰী, লজিষ্টিক আৰু সময়ৰ নাটনিৰ বাবেহে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী বাতিল হোৱাৰ সম্ভাৱণা আছে। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই বিষয়টোক লৈ ৰাজ্যৰ একাংশ দল-সংগঠনৰ ওপৰক ক্ষোভ উজাৰে। তেওঁ কয়, এই "নৈৰাজ্যবাদী" শক্তিবোৰে অসমৰ উন্নতি হোৱাটো সহ্য কৰিব নোৱাৰে। গুৱাহাটীত শেহতীয়াকৈ সৃষ্টি কৰা বিশৃংখল পৰিৱেশৰ জৰিয়তে তেওঁলোকে দেশ-বিদেশৰ বিনিয়োগকাৰী আৰু ভিভিআইপি সকলক অসমলৈ আহিবলৈ ভয় খুৱাব বিচাৰিছে, যাতে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ থমকি ৰয়। আমি উন্নয়ৰ স্বাৰ্থত সদায় দুগুণ উৎ সাহেৰে আগুৱাই যাম বুলি উল্লেখ কৰে।
উল্লেখ কৰিব পাৰি যে, জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই ভ্ৰমণকালত ছুজুকি মটৰৰ দৰে বিশ্ববিখ্যাত প্ৰতিষ্ঠানৰ মুৰব্বীসহ ৫০ টাৰো অধিক আগশাৰীৰ জাপানী কোম্পানীৰ এক বৃহৎ প্ৰতিনিধি দল অসমলৈ অহাৰ কথা আছিল। ইয়াৰ দ্বাৰা ৰাজ্যখনত কোটি কোটি টকাৰ জাপানী বিনিয়োগৰ সম্ভাৱনা আছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচী বাতিলে বাৰুকৈ প্ৰভাৱ পেলাব বিশেষকৈ অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনক।
ইফালে অখিল গগৈয়ে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমৰ একাংশ সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে কোনো প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বাতিল হোৱা নাই। ঘৰুৱা কাৰ্যসূচীৰ বাবেহে কেৱল দিল্লীতে বৈঠক অনুষ্ঠিত কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী স্বদেশলৈ উভতিব। ইয়াত কোনো ৰাজনৈতিক ষড়যন্ত্ৰ বা দল-সংগঠনক সাঙুৰি লোৱাৰ প্ৰয়োজন নাই। মই ব্যক্তিগতভাৱেও জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ কৰাটো বিচাৰো বুলি কয় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৯ চনতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা গণ আন্দোলনৰ পৰিপ্ৰেক্ষিততো জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হৈছিল। সেইসময়ত দেশখনৰ প্ৰধানমন্ত্ৰী আছিল শ্বিনজ' আবেৰ।
