অসম-নগালেণ্ড সীমান্তৰ চুঙাজান নাওকতা ফটৌ বস্তিত কৰুণ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ প্ৰকাণ্ড বন্যহস্তীৰ মৃত্যু, তদন্তত দুই ৰাজ্যৰ বন বিভাগ

অসম-নগালেণ্ড সীমান্তৰ চুঙাজান নাওকতা ফটৌ বস্তিত কৰুণ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ প্ৰকাণ্ড বন্যহস্তীৰ মৃত্যু, তদন্তত দুই ৰাজ্যৰ বন বিভাগ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, সৰুপথাৰঃ অসম-নগালেণ্ড সীমান্তবৰ্তী অঞ্চলত পুনৰ এক মৰ্মান্তিক হাতীৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সীমান্তৰ চুঙাজান নাওকতা ফটৌ বস্তি তিনিআলিৰ কাষত বুধবাৰে পুৱা এটা প্ৰকাণ্ড বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীটো অঞ্চলটোত থকা বিদ্যুৎ পৰিবাহী তাৰ অথবা কোনো অসুৰক্ষিত ট্ৰান্সফৰ্মাৰৰ সংস্পৰ্শত অহাৰ ফলতেই এই কৰুণ মৃত্যু ঘটিছে।

ইফালে আন এক স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰায় ১১ টা হাতীৰে গঠিত এই বন্যহস্তীৰ জাকটোৱে দীৰ্ঘদিন ধৰি খাদ্যৰ সন্ধানত বোকাজানৰ মাটিপুলৰ দাৰোগা বাগানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল লাইন পাৰ হৈ দৈনিক জনাঞ্চললৈ আহে। প্ৰতিদিনে সন্ধিয়া এই পথছোৱা পাৰ হৈ হাতীৰ জাকটো চুঙাজান নাওকতা ফটৌ বস্তিলৈকে যায় আৰু পুৱা পুনৰ একে বাটেৰেই অৰণ্যলৈ ঘূৰি আহে। বছৰ বছৰ ধৰি এইদৰেই অত্যন্ত বিপদসংকুলভাৱে ঘাইপথ আৰু ৰে’ললাইন পাৰ হৈ আহিছে এই বন্যহস্তীৰ জাকটো।

এই বিপদসংকুল যাত্ৰাৰ ফলত পূৰ্বতেও কেইবাটাও ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে, য’ত কেইবাটাও হাতীৰ কৰুণ মৃত্যু ঘটিছে। ইয়াৰ বিপৰীতে, খাদ্যৰ অভাৱত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে প্ৰায়েই স্থানীয় মানুহৰ ঘৰ-দুৱাৰ, ধানৰ ভঁৰাল ভাঙি তহিলং কৰাৰ লগতে কেইবাজনো নিৰীহ লোকৰ প্ৰাণো কাঢ়ি নিছে। মঙ্গলবাৰেও আনদিনাৰ দৰেই হাতীৰ জাকটো খাদ্যৰ সন্ধানত নাওকতা ফটৌ বস্তিৰ অভিমুখে পাৰ হৈ গৈছিল, কিন্তু কোনেও ভবা নাছিল যে জাকটোৰ দলপতিটোৰ বাবে এইযাত্ৰাই অন্তিম যাত্ৰা হ’ব।

ঘটনাৰ খবৰ পোৱাৰ পিছতেই অসম আৰু নগালেণ্ড—দুয়োখন ৰাজ্যৰে বন বিভাগৰ লোক আৰু স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। বন বিভাগে ইতিমধ্যে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা আৰু যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আনহাতে, এই ঘটনাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ উদগীৰণ ঘটিছে। ৰাইজে অভিযোগ উত্থাপন কৰিছে যে দীৰ্ঘদিন ধৰি বিপদসংকুলভাৱে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ললাইন পাৰ হৈ থকা এই হাতীৰ জাকটোৰ সুৰক্ষাৰ বাবে বন বিভাগে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰোপৰি জনাঞ্চলত অসুৰক্ষিতভাৱে ওলমি থকা বিদ্যুতৰ তাৰ আৰু ট্ৰান্সফৰ্মাৰসমূহ মেৰামতি নকৰাৰ বাবেই আজি প্ৰকাণ্ড বন্যহস্তীটোৱে অকাল মৃত্যুক সাৱতি ল’বলগা হ’ল বুলি স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।


Post a Comment

Previous Post Next Post