![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, মেৰাপানীঃ গোলাঘাট জিলাৰ মেৰাপানীৰ চাউদাংপথাৰ গতঙাচুকৰ এজন সাধাৰণ যুৱক। কিন্তু তেওঁৰ সপোন অসাধাৰণ। পৃথিৱীক সেউজীয়া কৰি তোলাৰ এক মহান আহ্বান আৰু বুকুত প্ৰকৃতি সংৰক্ষণৰ দৃঢ় বাৰ্তা লৈ কেৱল এখন চাইকেল চলাই দেশ-বিদেশ ভ্ৰমণ কৰি ফুৰিছে মেৰাপানীৰ সাহসী সন্তান ৰূপম গগৈ নামৰ যুৱকজনে। ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল যুৱকজনৰ এই ব্যতিক্ৰমী আৰু অনুপ্ৰেৰণাদায়ী অভিযান।
বুকুত অদম্য সাহস, লক্ষ্য এক সেউজ পৃথিৱীঃ
কেৱল এখন চাইকেল আৰু বুকুত অদম্য সাহস তথা পৰিৱেশ সংৰক্ষণৰ এক দৃঢ় সংকল্প লৈ মেৰাপানীৰ পৰা আৰম্ভ হোৱা ৰূপমৰ এই যাত্ৰাই ইতিমধ্যে অতিক্ৰম কৰিছে হাজাৰ হাজাৰ কিলোমিটাৰ পথ। প্ৰথমতে বিদেশী ৰাষ্ট্ৰ নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু তাৰ পিছত বিশ্বৰ অন্যতম দুৰ্গম অঞ্চল লেহ-লাডাখলৈ চাইকেলেৰে যাত্ৰা কৰে ৰূপমে। প্ৰতিকূল বতৰ, দুৰ্গম পাহাৰীয়া পথ আৰু অসহনীয় ঠাণ্ডায়ো আউৰাব পৰা নাই ৰূপমৰ মনোবল।শেহতীয়াকৈ প্ৰায় ৪,৬০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ কলম্বোত উপেনীত হয় এই সাহসী অসম সন্তান। চাইকেলৰ পেডেল মাৰি মাৰি প্ৰতি কিলোমিটাৰতে তেওঁ কঢ়িয়াই লৈ গৈছে পৰিৱেশ সুৰক্ষা, সচেতনতা আৰু প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা। ৰূপমৰ এই যাত্ৰা কেৱল এটা ভ্ৰমণ অভিযান নহয়, ই এতিয়া এক সামাজিক আন্দোলনলৈ ৰূপান্তৰিত হৈছে। যুৱ সমাজক সুস্থ জীৱনশৈলী, পৰিৱেশৰ প্ৰতি দায়বদ্ধতা আৰু সাহসী মনোবলৰ অনুপ্ৰেৰণা যোগাইছে তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপে।
জুলাইত পুনৰ নতুন আন্তঃৰাষ্ট্ৰীয় অভিযানঃ
ইমানতে শেষ হোৱা নাই ৰূপম গগৈৰ সপোন। অহা জুলাই মাহত তেওঁ পুনৰ আৰম্ভ কৰিব আন এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় অভিযান। এইবাৰ লাওচ, ভিয়েটনাম, কম্বোডিয়া, মালয়েছিয়াকে ধৰি মুঠ পাঁচখন দেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে ৰূপমে। এই যাত্ৰাৰ জৰিয়তে বিশ্ব মঞ্চত পুনৰ এবাৰ উচ্চাৰিত হ’ব অসমৰ এজন যুৱকৰ পৰিৱেশ বচোৱাৰ ঠিকনা। য’ত বহুতে কেৱল মুখেৰে কথা কয়, তাত ৰূপম গগৈয়ে কামেৰে কৰি দেখুৱাইছে। সমগ্ৰ অসমবাসী এতিয়া গৌৰৱাম্বিত মেৰাপানীৰ এই ব্যতিক্ৰমী যুৱকজনক লৈ।
