কাজিৰঙা ভ্ৰমণ কৰিবলগা পৰ্যটকৰ ভাল খবৰ, ২৯ মে’ পৰ্যন্ত খোলা থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰি
![]() |
| ফটো সৌজন্য: ইণ্টাৰনেটৰ পৰা সংগৃহীত (সম্পাদিত) |
ডিজিটেল সংবাদ, কাজিৰঙাঃবিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা এশিঙীয়া গড়ৰ বাসস্থান কাজিৰঙা ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰি থকা দেশী-বিদেশী পৰ্যটকসকলৰ বাবে আহিছে এক অতিকে ভাল খবৰ। চলিত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ জীপ ছাফাৰি অহা ২৯ মে’ পৰ্যন্ত পৰ্যটকৰ বাবে মুকলি থাকিব।
শুক্ৰবাৰে বোকাখাতস্থিত ইষ্টাৰ্ন আছাম ৱাইল্ডলাইফ ডিভিজনৰ ডিভিজনেল ফৰেষ্ট অফিচাৰে (DFO) জাৰি কৰা এক চৰকাৰী জাননীযোগে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা স্পষ্ট কৰে। ইয়াৰ লগে লগে অন্তিম মুহূৰ্তত কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব বিচৰা প্ৰকৃতিপ্ৰেমীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাজিৰঙাৰ জীপ ছাফাৰি বন্ধ কৰাক লৈ বন বিভাগৰ তৰফৰ পৰা কিছু ভিন্ন সিদ্ধান্ত লোৱা হৈছিল, যাৰ বাবে পৰ্যটক আৰু স্থানীয় পৰ্যটন ব্যৱসায়ীসকলৰ মাজত কিছু অনিশ্চয়তাই দেখা দিছিল। কিন্তু শেহতীয়াকৈ জাৰি কৰা নতুন চৰকাৰী জাননীখনৰ জৰিয়তে পূৰ্বৰ নিৰ্দেশনা আংশিকভাৱে সংশোধন কৰা হৈছে।
এই নতুন নিৰ্দেশনা মৰ্মে, চলিত পৰ্যটন বৰ্ষ ২০২৫-২৬ ৰ বাবে অহা ২৯ মে’ৰ পৰাহে জীপ ছাফাৰি আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা হ’ব। অৱশ্যে বন বিভাগে জাননীখনত এই কথাও উল্লেখ কৰিছে যে, জীপ ছাফাৰি খোলা ৰখাৰ এই চূড়ান্ত সিদ্ধান্ত সেই সময়ৰ স্থানীয় বতৰ আৰু ৰাস্তা-ঘাটৰ পৰিস্থিতিৰ ওপৰতো বিশেষভাৱে নিৰ্ভৰ কৰিব।
প্ৰতি বছৰে বাৰিষাৰ আগমণ, বৰষুণৰ মাত্ৰা বৃদ্ধি আৰু বিশেষকৈ কাজিৰঙাৰ বন্যপ্ৰাণীসমূহৰ নিৰাপত্তা তথা সুৰক্ষাৰ স্বাৰ্থত মে' মাহৰ শেষৰ ফালে বা জুন মাহৰ আৰম্ভণিতে উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয়। ইতিমধ্যে চলিত বৰ্ষৰ বাবে উদ্যানখনৰ অন্যতম আকৰ্ষণ হাতী ছাফাৰি আনুষ্ঠানিকভাৱে বন্ধ কৰা হৈছে।
উল্লেখযোগ্য যে, চলিত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অভিলেখসংখ্যক দেশী আৰু বিদেশী পৰ্যটকৰ আগমণ ঘটিছে, যাৰ ফলত ৰাজ্যৰ পৰ্যটন উদ্যোগে এক নতুন মাত্ৰা লাভ কৰিছে। গতিকে যিসকল পৰ্যটকে এতিয়াও কাজিৰঙাৰ বন্যপ্ৰাণী আৰু অপূৰ্ব সৰু-বৰ বিল, ঘাঁহনিৰ সৌন্দৰ্য উপভোগ কৰিব পৰা নাই, তেওঁলোকে অহা ২৯ মে’ৰ ভিতৰত কাজিৰঙাত উপস্থিত হৈ জীপ ছাফাৰিৰ এক ৰোমাঞ্চকৰ আনন্দ ল’ব পাৰিব।

No comments