মেৰাপানীত কৃষকৰ হাহাকাৰঃ ১ টকাত বিক্ৰী হৈছে বিলাহী! সমাধানৰ দাবীত জিলা কৃষি বিষয়াক স্মাৰকপত্ৰ

মেৰাপানীত কৃষকৰ হাহাকাৰঃ ১ টকাত বিক্ৰী হৈছে বিলাহী! সমাধানৰ দাবীত জিলা কৃষি বিষয়াক স্মাৰকপত্ৰ
ফটোঃ নিজা সংবাদ দাতা


ডিজিটেল সংবাদ, মেৰাপানীঃ গোলাঘাটৰ মেৰাপানীত কৃষকৰ হাহাকাৰ। মেৰাপানী আৰু বৃহত্তৰ দৈয়াং অঞ্চলৰ কৃষকসকল বৰ্তমান এক গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। কঠোৰ পৰিশ্ৰমেৰে উৎপাদিত কৃষিজাত সামগ্ৰীৰ উপযুক্ত বজাৰ আৰু ন্যাৰ্য মূল্য নোপোৱাৰ ক্ষোভত সোমবাৰে দৈয়াঙৰ দল-সংগঠন সন্মিলিত কৃষক প্ৰতিনিধি দলে গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এক স্মাৰকপত্ৰ প্ৰদান কৰে। কৃষকৰ লোকচানৰ তাৎক্ষণিক সমাধান আৰু জৰুৰী হস্তক্ষেপৰ দাবীৰে এই স্মাৰকপত্ৰ অৰ্পণ কৰা হয়।

স্মাৰকপত্ৰখনত কৃষকসকলে তেওঁলোকৰ দুৰ্দশাৰ কথা উল্লেখ কৰি কয় যে, বেংক ঋণ, ব্যক্তিগত ঋণ আৰু নিজৰ সঞ্চিত ধন ব্যয় কৰি তেওঁলোকে বিলাহীকে ধৰি বিভিন্ন কৃষিজাত শস্য উৎপাদন কৰিছিল। কিন্তু বৰ্তমান বজাৰত বিলাহীৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস পাইছে। সাৰ, বীজ আৰু কৃষি ঔষধৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে যদিও বজাৰত প্ৰতি কেজি বিলাহী মাত্ৰ এক-দুই টকা দৰত বিক্ৰী কৰিবলগীয়া হৈছে। উপায়হীন হৈ বহু কৃষকে এতিয়া বিলাহী বজাৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে গৰু-ছাগলীক খুৱাবলৈ বাধ্য হৈছে। আনহাতে উপযুক্ত মূল্য আৰু সংৰক্ষণৰ অভাৱত পথাৰতে পচি নষ্ট হৈছে শ শ কুইণ্টল বিলাহী।

কৃষকৰ এই শোচনীয় অৱস্থাৰ স্থায়ী সমাধান বিচাৰি প্ৰতিনিধি দলটোৱে জিলা কৃষি বিষয়াক ১০ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। 

তেওঁলোকৰ মূল দাবীসমূহ হৈছে:

১/ অঞ্চলটোত স্থায়ী কৃষি বিপণন কেন্দ্ৰ স্থাপন কৰা।

২/ কৃষিজাত সামগ্ৰীৰ বাবে ন্যূনতম সমৰ্থন মূল্য (MSP) নিৰ্ধাৰণ কৰা।

৩/ কৃষকৰ লোকচানৰ বাবে চৰকাৰীভাৱে বিশেষ আৰ্থিক সহায় পেকেজ ঘোষণা কৰা।

৪/ ভূমিহীন কৃষকসকলক ভূমিপট্টা প্ৰদান কৰা।

৫/ সামগ্ৰী সংৰক্ষণৰ বাবে আধুনিক শীতলীকৰণ ভঁৰাল (Cold Storage) স্থাপন কৰা।

৬/ কৃষি ঋণৰ সুদ সম্পূৰ্ণ ৰেহাই দিয়া।

৭/ অঞ্চলটোত ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ (Food Processing Industry) স্থাপন কৰা।

৮/ কৃষকসকলক আধুনিক কৃষি প্ৰযুক্তিৰ উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা।

কৃষক প্ৰতিনিধি দলটোৱে স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰ তথা কৃষি বিভাগে তেওঁলোকৰ এই ওজৰ-আপত্তিৰ প্ৰতি অতি সোনকালে গুৰুত্ব নিদিয়ে, তেন্তে অনাগত দিনত কৃষক সমাজ জীয়াই থকাৰ স্বাৰ্থত অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে।

Post a Comment

Previous Post Next Post