![]() |
| ফটোঃ দিলশিৰি |
ফল দিব নোৱাৰ এজোপা গছে যিদৰে অক্সিজেনৰ লগতে ছাঁ দিব পাৰে ঠিক সেইদৰে ঘৰখনৰ এগৰাকী বৃদ্ধাৰ পৰাও সংস্কাৰ লাভ কৰিব পাৰি৷
আমাৰ মাজৰ পৰা যেন মানৱীয়তা গুণ হেৰাই গৈছে নেকি? প্ৰকৃততে বৰ্তমান সময়ৰ লগত খাপ খুৱাই আমি নিজকে কিমানদূৰ আগুৱাই নিব পাৰিছোঁ। এনে ধৰণৰ অসংখ্য উত্তৰ বিহীন প্ৰশ্নই মনটোক দোলা দি থাকে৷ সঁচা অৰ্থত ক’বলৈ গ’লে আমি যেন ক’ৰবাত ৰৈ গৈছোঁ৷ অত্যাধুনিকতাই আমাৰ সমাজখনক চাৰিওফালৰ পৰা যেন গ্ৰাস কৰি পেলাইছে৷ উদ্দেশ্যবিহীন আৰু লক্ষ্যবিহীন ভাৱে উৰা মাৰিলে হয়তো শক্তিশালী গৰুড় পক্ষীয়েও এদিন ভাগৰি পৰিব৷ ঠিক সেইদৰে আধুনিকতাৰ জখলাত বগাবলৈ গৈ আমি যেন নিজকে ক’ৰবাত হেৰুৱাই পেলাইছোঁ৷ আমি সঁচা অৰ্থত আধুনিকতাৰ জখলাত কিমানদূৰ বগাব পাৰিছোঁ, সেয়া জানো আমি কেতিয়াবা উপলব্ধি কৰিছোঁ। কিন্তু উপলব্ধি কৰাৰ সময় কেতিয়াবাই পাৰ হৈ গৈছে৷ কেৱল শৰীৰত পৰিধান কৰা সাজ-পাৰ সলনি কৰিলেই মানুহ আধুনিক হৈ নাযায়৷ আধুনিকতা মানে কেৱল মানুহৰ বাহ্যিক পৰিৱৰ্তনেই যথেষ্ট নহয়৷ বিজ্ঞানে পৃথিৱীৰ পৰিধি অতিক্ৰম কৰিছে যদিও বিজ্ঞানৰ ন ন প্ৰযুক্তি আৱিষ্কাৰে এতিয়াও ঢুকি পোৱা নাই ৰাজ্যৰ একাধিক অঞ্চলক৷ এখন সুস্থ-সৱল সমাজৰ যোগেদিহে প্ৰকৃতাৰ্থ আধুনিকতা আহে৷ সেয়েহে এখন সমাজ সুস্থ, সৱলভাৱে গঢ়ি তুলিবলৈ হ’লে আমাৰ মন আৰু মগজু পৰিষ্কাৰ কৰিব লাগিব, অন্তৰখন নিকা হ’বই লাগিব৷ ইজনে সিজনক বিপদ কালত সংগ দিব লাগিব৷ আমি আমাৰ নিজা সভ্যতা, সংস্কৃতিৰ সৈতে পৰিচয় হ’ব লাগিব৷ তাৰ সমান্তৰালভাৱে নিজৰ ভাষা-সংস্কৃতিৰজ্ঞানো থাকিব লাগিব, কেৱল আনক নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ হ’লে নিজে আমাৰ সংস্কৃতিৰ সাজ পৰিধান কৰিব পাৰিব লাগিব৷ তেতিয়াহে আমি নিজকে আধুনিক যুগৰ, সভ্য সমাজৰ অংশীদাৰ বুলি ক’ব পাৰিম৷ ইয়াৰ বাবে প্ৰথমে নিজেই নিজক পৰিষ্কাৰ কৰিব লাগিব৷ আমি যদি নিজেই নিজক নিকা কৰি ৰাখোঁ, আমি বাস কৰা সমাজখনো নিজে নিজে নিকা হৈ পৰিব৷ আমাৰ চিন্তা-ধাৰা, আচাৰ-ব্যৱহাৰ নিকা ভাৱাপন্ন হ’ব লাগিব৷
আমি আধুনিক যুগত ভৰি থৈয়ো যেতিয়ালৈকে অন্ধবিশ্বাসৰ বসৱৰ্তী হৈ ডাইনীৰ সন্দেহত নিজৰ আপোনজনকেই অত্যাচাৰ কৰোঁ, ধৰ্মৰ নামত নিজৰ জাতিটোকে ভাগ ভাগ কৰা আদি অপসংস্কৃতিসমূহ মনৰ পৰা ত্যাগ নকৰোঁ সেইখন সমাজ কেতিয়াও আধুনিক অথবা সভ্য সমাজ বুলি ক’ব নোৱাৰিম৷ বিশ্বজগতৰ প্ৰতিটো জীৱ বা প্ৰাণী এটাৰ লগত আনটোৰ পৰস্পৰ সম্পৰ্ক জড়িত হৈ আছে, যিটো বিষয় দাৰ্শনিক আৰু বিজ্ঞানীসকলেও ইতিমধ্যে প্ৰমাণ কৰিছে৷ নিজৰ জীৱনীশক্তিক সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মানুহৰ সুবুদ্ধিৰ বিনাশ হয়৷ জাতি এটাৰ আচাৰ-ব্যৱহাৰ, ভাষা-সাহিত্য, কলা-সংস্কৃতি, সাজ-পাৰ, খাদ্যাভাস, সামাজিক ৰীতি-নীতি, আদৰ্শ আদি এটা প্ৰজন্মই পিছৰ প্ৰজন্মলৈ কঢ়িয়াই নিয়াকেসংস্কৃতি বুলি বিদ্বান লোকসকলে কৈ গৈছে৷ কাৰণ সংস্কৃতিয়েই এখন সমাজৰ সুস্থ আৰু সৱল বাতাবৰণৰ সৃষ্টি কৰি আহিছে৷ সেয়েহে আমাৰ সংস্কৃতি যাতে অটুট থাকে বা ঘুণে নধৰে তাৰ প্ৰতি আমি প্ৰতিজনেই সদায়ে দায়ৱদ্ধ হৈ থাকিব লাগিব৷
আমি তাকে নকৰি আধুনিকতাৰ নামত কেৱল সাজ-পাৰ সলনি কৰিয়েই দায়িত্ব সামৰিছোঁ৷ আধুনিকতাৰ নামত কেৱল বিলাসী জীৱন কটাইছোঁ৷ নিজৰ ভাষা সংস্কৃতিক এলাগি কৰি পশ্চিমীয়া সংস্কৃতিক অধিক প্ৰাধান্য দিছোঁ৷ যাৰ পৰিণতিতে কেতিয়াবা আপোনজনকো পৰ বুলি ভাবিবলৈ লৈছোঁ৷ নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখিবলৈ আৰম্ভ কৰিছোঁ৷ গুৰু-শিষ্যাৰ মাজৰ সেই বান্ধোন আজি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে৷ জ্যেষ্ঠ জনক আজি কণিষ্ঠজনে সন্মান নকৰা হ’ল৷ আজিৰ সমাজত ভাষা, কলা-সংস্কৃতিৰ প্ৰতি দায়িত্ববোধ দিনক দিনে হ্ৰাস পাবলৈ ধৰিলে৷
কিন্তু অসমৰ এনে কিছুমান অঞ্চল আছে য’ত নিজা ভাষা, কলা-সংস্কৃতিৰ প্ৰতি সদা সচেতন আৰু দায়ৱদ্ধ৷ যেতিয়ালৈকে আমি নিজেই আমাৰ ভাষা-সংস্কৃতিৰ প্ৰতি দায়ৱদ্ধ নহওঁ তেতিয়ালৈকে ভাষা সংস্কৃতি বিকৃতি হোৱা বুলি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিলে একো ফল পোৱা নাযাব৷ বৰ্তমান সময়ত যুৱ উশৃংখলতা সম্পৰ্কত সঘনাই আলোচনা হোৱা দেখিবলৈ পোৱা যায়৷ সেইসময়ত আমি কেৱল সেই প্ৰজন্মটোৰ গালৈ বল ঠেলিয়েই দায়িত্ব সামৰোঁ৷ কিন্তু আচল সমস্যাটো ক’ত তাৰ পৰা ফালৰি কাটি সকলো দোষ নতুন প্ৰজন্মৰ গাত জাপি দিব বিচাৰোঁ বা তেনে কৰা দেখা যায়৷ কিন্তু নতুন প্ৰজন্মক দোষ দিয়েই দায় সাৰিব বিচৰাটো উচিত কাৰ্য নহয়৷ আমাৰ অভিভাৱকসকলে নিজৰ সন্তানক সদায় নিজা ভাষা, সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰিব লাগিব৷ জ্যেষ্ঠ জনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, নিজা পৰম্পৰা, ভাল-বেয়া আদি বিভিন্ন দিশৰ লগত তেওঁক প্ৰত্যক্ষভাৱে চিনাকি কৰি দিয়াৰ দায়িত্ব আমাৰ অভিভাৱকসকলৰে ( মই একাংশ অভিভাৱকৰ ক্ষেত্ৰতহে ক’ব বিচাৰিছোঁ)৷ আজিৰ সমাজত এনেকুৱাও একাংশ অভিভাৱক আছে, বুকু ফুলাই আত্ম গৌৰৱেৰে কয়– ‘মোৰ ল’ৰাই অসমীয়াত স্পষ্টকৈ কথা কোৱাত অসুবিধা হয়, ইংৰাজীতহে সাৱলীলভাৱে কথা পাতিব জানে’! ইংৰাজীৰ ভাষাজ্ঞান থাকক তাত আমাৰ ক’বলগীয়া একো নাই৷ ইংৰাজীৰ লগতে বিশ্বৰ বিভিন্ন ভাষা, সংস্কৃতিও আয়ত্ব কৰক; ভাল কথা, কিন্তু নিজৰ ভাষা, কলা-সংস্কৃতিক এলাগি কৰি অন্য ভাষাক অধিক প্ৰাধান্য দিয়াটো সম্পূৰ্ণ শুদ্ধ নহয়৷
সেয়েহে আমি আমাৰ নতুন প্ৰজন্মক অসমীয়া ভাষা, সাহিত্যৰ প্ৰতি আকৃষ্ট কৰিব পাৰিব লাগিব আৰু চিনাকি কৰাই দিব লাগিব৷ লাগিলে ইংৰাজী মাধ্যমতেই অধ্যয়ণৰত নহওঁক কিয় তেওঁক সদায়ে বিভিন্ন ধৰণৰ ৰুচি অনুসৰি অসমীয়া ভাষাৰ সাহিত্য, উপন্যাস আদিৰ লগতে যিসকল পুৰোধা ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী হ’ল, অসমৰ জাতীয় বীৰ-বীৰাঙ্গনা সকলৰ জীৱনা দৰ্শন সম্পৰ্কতজ্ঞান কৰাব পাৰিব লাগিব৷ কিন্তু ইয়াৰ প্ৰতি আকৃষ্ট কৰাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ সমাজখন বা অভিভাৱসকলেই বহন কৰিব লাগিব৷
শিক্ষা আৰু সংস্কৃতি যদিও ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে তথাপিও ই পৃথক৷ কাৰোবাৰ উচ্ছ শিক্ষা নাথাকিব পাৰে, কিন্তু তেওঁৰ সংস্কাৰ আছে৷ কেতিয়াবা একাংশ তথাকথিত উচ্ছ শিক্ষিত লোকৰো সংস্কাৰৰ অভাৱ দেখিবলৈ পোৱা যায়৷ সেয়েহে আমাৰ সংস্কাৰৰ আদি পাঠ নিজৰ ঘৰখন অথবা পৰিয়ালৰ পৰাই লাভ কৰিব পাৰি৷ নিজৰ সন্তানে বিদেশতে বা স্বদেশতে শিক্ষা গ্ৰহণ নকৰক কিয়, সেইসকলৰ কাম-কাজৰ ওপৰত চকু দিয়াটো অভিভাৱকৰ কৰ্তব্য৷
সমালোচনাই সমাজত বেয়া প্ৰভাৱ নেপেলাই যেতিয়ালৈকে সেই সমালোচনাত স্বাৰ্থ জড়িত হৈ নাথাকে৷ প্ৰকৃত ভুলটো ভুল বুলি কোৱা জনহে প্ৰকৃত সমালোচক৷ সেয়েহে কেতিয়াবা নিজৰ আপোনজন বা নিজৰ ভাল বন্ধু, সন্তানকো সমালোচনা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ স্বৰূপে বৰ্তমান সময়ত একাংশ যুৱক ড্ৰাগছৰ প্ৰতি অধিক আসক্ত হোৱা পৰিলক্ষিত হৈছে৷ যিটো বিষয় অতিকে চিন্তনীয়৷ কেতিয়াবা নিজৰ অভিভাৱকে নিজৰ সন্তানক আনে বেয়া বুলি কোৱাৰ ভয়তো কিছুমান কথা লুকুৱাই ৰখাৰ ফলতো বহু ল’ৰাই তাৰ সুযোগ গ্ৰহণ কৰি শেষত মৃত্যুমুখত পৰা দেখা যায়৷ যেনেদৰে ফল দিব নোৱাৰ এজোপা গছে অক্সিজেনৰ লগতে ছাঁ দিব পাৰে ঠিক সেইদৰে ঘৰখনৰ এজন বা এগৰাকী বৃদ্ধাৰ পৰা সংস্কাৰ লাভ কৰিব পাৰি৷ ইয়াৰোপৰি জাতি-ভেদ, উচ্ছ-নীচ আদি চিন্তাধাৰাই সমাজখনক আৰু অধিক কুলষিত কৰিছে৷ একাংশ ঠেক মনোবৃত্তিয়ে ধৰ্মৰ নামত আমাৰ সমাজ ব্যৱস্থাটোকে অপসংস্কৃতিৰ বিষবাষ্প বিয়পাই তুলিছে৷ জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিক ধৰ্মৰাজ বুলি কোৱা হয়৷ ধৰ্মৰাজ যুধিষ্ঠিক ধৰ্মৰ অৰ্থ কি বুলি সোধাত তেওঁৰ উত্তৰ আছিল এনেধৰণৰ–‘ধৰ্ম কি বুজো বা নুবুজো, সাপৰ খোজৰ দৰে, সাগৰৰ মাজৰ পৰ্বত-শৃঙ্গৰ দৰে’৷ সেয়েহে ধৰ্মৰ কোনো সীমা নাই, ধৰ্মই সমাজক একত্ৰিত কৰি ৰাখিব পাৰে৷ কেতিয়াও বিভেদৰ কাৰণ হ’ব নোৱাৰে ধৰ্ম৷
আজিৰ সমাজত শত শত পূণ্যধাম স্থাপন কৰি ভগৱানকো ভাগ ভাগ কৰিবলৈ ল’লে৷ একবিংশ শতিকাত বাস কৰিও আজি আমি প্ৰকৃত সভ্য হ’বলৈ নিশিকিলো৷ জাতি-ভেদ, উচ্চ-নীচ ব্যৱধানৰ সৃষ্টি কৰি আমাৰ নিজৰ সমাজখনকে ভাগ ভাগ কৰিবলৈ ল’লোঁ৷ আমেৰিকাৰ এগৰাকী প্ৰখ্যাত লেখক, অধ্যাপকে ‘শংকৰদেৱ গুৰুজনাক পৃথিৱীৰ ভিতৰতে মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ জন্মদাতা’ বুলি অভিহিত কৰিছে৷ তেনেস্থলত শংকৰদেৱৰ দেশত জন্মগ্ৰহণ কৰিও আজি একাংশই জাতি-ভেদৰ নামত নিজৰ জাতিটোকে ভাগ ভাগ কৰি সমগ্ৰ সমাজ ব্যৱস্থাটোকে বিষাক্ত কৰি তুলিছে৷ যদি তেওঁলোক প্ৰকৃততে শংকৰদেৱৰ নীতি-আদৰ্শক সন্মান জনাই বা মানে তেনেহ’লে কিয় তেওঁলোকে আজি কেৱল অসমীয়া বুলি ক’বলৈ সাহস গোটাব নোৱাৰে৷
উচ্চ জাতি, নীচ জাতি বিচাৰ কৰি কিয় শংকৰদেৱৰ জাতি-ভেদৰ স্থান নথকা নৱ-বৈষ্ণৱ ধৰ্মক অপমাণিত কৰিছে৷ তাৰ উত্তৰ আজি কাৰো হাতত নাই৷ সকলোৱেই নিজকে শ্ৰেষ্ঠ বুলিজ্ঞান কৰা হ’ল৷ কিন্তু আজি ধৰ্মৰ নামত একাংশই বৃহত্তৰ অসমীয়া জাতিটোকে ভাগ ভাগ কৰি পেলালে৷ আজিৰ সমাজত উচ্চ সম্প্ৰদায় বুলি পৰিচিত পৰিয়ালৰ ছোৱালী আজিৰ সমাজেই আকৌ নীচ সম্প্ৰদায় বুলি ভাগ কৰা কূললৈ বিয়া হ’লে সেই ছোৱালী পৰিয়ালক এঘৰীয়া কৰি ৰাখে বা সমাজৰ পৰা বহিষ্কাৰ কৰে৷ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া একাংশ সম্প্ৰদায় বা কুলক অজাতি বুলিজ্ঞান কৰে৷ যিসকলে আজিও শংকৰদেৱৰ ধৰ্মত জাতি-ভেদ আছিল বুলি ভাবিছে সেইসকল প্ৰকৃতাৰ্থত মিছলীয়া অৰ্থাৎ ঠগ বুলি ভবাৰো থল আছে৷ যদি এইসমূহ অপসংস্কৃতি ৰোধ কৰিব পৰা নাযায় তেনেহ’লে হাজাৰ জংগী আন্দোলন কৰিও বিদেশীক অসমৰ পৰা খেদি পঠিওৱাটো সম্ভৱপৰ নহয়৷ কাৰণ আমাৰ অসমীয়া জাতিটোৰেই কোনো স্থিৰতা নাই, একতাও নাই৷ নানা জাতি-উপজাতি একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে৷ ‘ তই কাৰ্বি’, ‘ তই মিচিং’, তই বড়ো’, ‘তই কোঁচ’, ‘তই উচ্চ’, ‘তই নীচ জাতি’ এইবিলাক চিন্তাধাৰা সলনি কৰিবৰ হ’ল৷ নহ’লে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গীতত গোৱাৰ দৰে ‘আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব’ আৰু নিজৰ মাটিতেই ভগনীয়া হ’ব লাগিব৷
(লেখকঃ ইউ.ডি..)
