![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল ক্ৰীড়া সংবাদ, নগাঁওঃ অসমৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত সুখবৰ আৰু ঐতিহাসিক ক্ষণ। নগাঁৱৰ জীয়ৰী নীলাক্ষী শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। জিলাখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে নীলাক্ষী শইকীয়া।
উল্লেখ্য যে, অসম বক্সিং সন্থাৰ উদ্যোগত আৰু ভাৰতীয় বক্সিং ফেডাৰেচনৰ তত্বাৱধানত ৰাজ্যত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈ যোৱা প্ৰফেছনেল বক্সিং লীগ 'কাজিৰঙা ৰাইন' কাপ'ত নগাঁৱৰ জীয়ৰী নীলাক্ষী শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেগা প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি এক ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাৰ আয়োজন কৰা হৈছিল। এই কঠিন পৰীক্ষাত অৱতীৰ্ণ হৈ নগাঁৱৰ নীলাক্ষী শইকীয়াই সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।
এই সাফল্যৰ লগে লগে তেওঁ নগাঁও জিলাৰ প্ৰথমগৰাকী 'ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী' হিচাপে পৰিগণিত হৈ এক নতুন ইতিহাস ৰচনা কৰে। উল্লেখ্য যে, গোলাঘাটত অনুষ্ঠিত হোৱা এই প্ৰথমটো প্ৰফেছনেল বক্সিং লীগত দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, দিল্লী, হাৰিয়ানা, চণ্ডীগড়, গোৱা আৰু লাডাখৰ দৰে ১১খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বক্সাৰসকলে এই ৰাইন কাপত নিজৰ খেলুৱৈ সুলভ প্ৰতিভা প্ৰদৰ্শন কৰে।
এনে এক উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰা নীলাক্ষী শইকীয়াৰ এই সফলতাত এতিয়া সমগ্ৰ নগাঁও জিলাৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত আনন্দৰ বন্যা বৈছে। বিভিন্ন মহল তথা ক্ৰীড়া সন্থাই নৱনিযুক্ত ৰাষ্ট্ৰীয় ৰেফাৰীগৰাকীক উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

.jpeg)
