টেলীগ্ৰামক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

টেলীগ্ৰামক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
ফটোঃ দিলশিৰি


ডিজিটেল ডেস্কঃ টেলীগ্ৰামক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। টেলীগ্ৰামক লৈ সাময়িক নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ। আগন্তুক নীট পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।  তথ্য প্ৰযুক্তি আইনৰ (IT Act) 69A ধাৰাৰ অধীনত টেলিগ্ৰাম সেৱা অহা ২২ জুন (সোমবাৰ) লৈকে সমগ্ৰ দেশতে সাময়িকভাৱে বন্ধ থাকিব।

উল্লেখযোগ্য যে, পূৰ্বে অনুষ্ঠিত হোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত টেলিগ্ৰামৰ বিভিন্ন চেনেল আৰু গ্ৰুপৰ জৰিয়তে ফাদিল হোৱা তথা ভুৱা প্ৰশ্নকাকত বহু ছাত্ৰ- ছাত্ৰী তথা অভিভাৱকে লাভ কৰাৰ তথ্য পোহৰলৈ আহিছিল আৰু এই ভুৱা প্ৰশ্ন কাকত বিক্ৰী কৰি একাংশই শিক্ষাৰ্থীসকলক প্ৰতাৰণা কৰাৰ তথ্য লাভ কৰিছিল। এই দুষ্ট চক্ৰটোয়ে যাতে পুনৰ এনে দুষ্কাৰ্য কৰি নোৱাৰে তাক প্ৰতিহত কৰিবলৈকে এই পদক্ষেপ লোৱা হৈছে বুলি জানিব পৰা গৈছে। 

দুষ্ট চক্ৰটোৱে টেলিগ্ৰামৰ পুৰণি মেচেজ এডিট বা সংশোধন কৰিব পৰা বিশেষ সুবিধাটোৰ অপব্যৱহাৰ কৰি পৰীক্ষাৰ পিছত প্ৰশ্ন মিলাই পুৰণি তাৰিখ দেখুৱাই "প্ৰশ্ন ফাদিল হোৱা" বুলি উৰাবাতৰি বিয়পাইছিল। সেয়া যাতে পুনৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেইবাবে অহা ৩০ জুন ২০২৬ লৈকে সমগ্ৰ ভাৰতত টেলিগ্ৰামৰ এই মেচেজ এডিটিং ফিচাৰটোও নিষ্ক্ৰিয় কৰি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে টেলিগ্ৰাম বন্ধ হ’লেও পৰীক্ষাৰ দিন বা সময়ৰ কোনো সলনি নহয়। পূৰ্বৰ ঘোষণা সময়সূচী অনুসৰিয়েই অহা ২১ জুনত নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হব।

এইক্ষেত্ৰতত নেচনেল টেষ্টিং এজেন্সী-ৰ তৰফৰ পৰা প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকলক সামাজিক মাধ্যমত ওলোৱা যিকোনো ভুৱা প্ৰশ্নকাকত বা উৰাবাতৰি প্ৰতি ভুল নগৈ ইয়াৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনাইছে। লগতে কেৱল অফিচিয়েল ৱেবছাইটৰ তথ্যক বিশ্বাস কৰিবলৈ সকলো পৰীক্ষাৰ্থী-অভিভাৱকৰ প্ৰতি আহ্বান জনাইছে নেচনেল টেষ্টিং এজেন্সীয়ে।


Post a Comment

Previous Post Next Post