অপপ্ৰচাৰ ওফৰাই নগেন বৰাৰ প্ৰতি মৰঙি প্ৰেছ ক্লাৱৰ পূৰ্ণ সমৰ্থন, অন্ত পৰিলগোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱনিৰ্বাচিত সভাপতি বিতৰ্ক

অপপ্ৰচাৰ ওফৰাই নগেন বৰাৰ প্ৰতি মৰঙি প্ৰেছ ক্লাৱৰ পূৰ্ণ সমৰ্থন, অন্ত পৰিলগোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱনিৰ্বাচিত সভাপতি বিতৰ্ক
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, মেৰাপানীঃ অৱেশষত অন্ত পৰিল গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱনিৰ্বাচিত সভাপতিকেন্দ্ৰিক বিতৰ্কৰ। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱ-নিৰ্বাচিত সভাপতি নগেন বৰাক কেন্দ্ৰ কৰি কিছুদিন ধৰি চলি থকা বিতৰ্ক আৰু বাক-বিতণ্ডাৰ মাজতে জিলাখনৰ সাংবাদিক সমাজৰ এক বৃহৎ অংশই এতিয়া নগেন বৰাৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি আগবাঢ়ি আহিছে। ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিল  ঐক্য আৰু সংহতিৰ ছবি।

প্ৰাপ্ত খবৰ অনুসৰি, মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াৰ নেতৃত্বত প্ৰেছ ক্লাৱৰ এটা প্ৰতিনিধি দলে সোমবাৰে নগেন বৰাৰ মেৰাপানীস্থিত বাসগৃহত উপস্থিত হৈ নৱ-নিৰ্বাচিত সভাপতি গৰাকীক চেলেং চাদৰ আৰু অসমীয়াৰ স্বাভিমান গামোচাৰে এক উষ্ম সম্বৰ্ধনা জনায়। ইয়াৰ লগতে তেওঁলোকে সভাপতি বৰাক আগন্তুক কাৰ্যকালৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

মৰঙি প্ৰেছ ক্লাৱৰ নেতৃত্বই স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত কয় যে, আগন্তুক সময়ত নগেন বৰাৰ সবল নেতৃত্বত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সৈতে তেওঁলোকে পূৰ্ণ সহযোগিতাৰে কাম কৰি যাব। সংগঠনটোক অধিক শক্তিশালী কৰি তোলাৰ স্বাৰ্থত মৰঙি প্ৰেছ ক্লাৱে সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আগলৈও সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে।

ইফালে, এনে পৰিস্থিতিৰ মাজতে এই সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে নৱ-নিৰ্বাচিত সভাপতি নগেন বৰাই। সচেতন মহলৰ মতে, মৰঙি প্ৰেছ ক্লাৱৰ এই ইতিবাচক পদক্ষেপে নগেন বৰাক কেন্দ্ৰ কৰি সৃষ্টি কৰিব বিচৰা কৃত্ৰিম বিতৰ্কৰ অৱসান ঘটাই জিলাখনৰ সংবাদ কৰ্মীসকলৰ মাজত একতা আৰু সহযোগিতাৰ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে।

Post a Comment

Previous Post Next Post