মাহমৰাত শোকাৱহ অঘটনঃ জেচিবিৰ মৰণফান্দত পৰি এটি নিষ্পাপ শিশুৰ কৰুণ মৃত্যু, ক্ষোভিত ৰাইজ

মাহমৰাত শোকাৱহ অঘটনঃ জেচিবিৰ মৰণফান্দত পৰি এটি নিষ্পাপ শিশুৰ কৰুণ মৃত্যু, ক্ষোভিত ৰাইজ
ফটোঃনিজাসংবাদদাতা


ডিজিটেল সংবাদ, সোণাৰিঃ অবৈধ খনন কাৰ্যৰ বাবেই সোণাৰিৰ মাহমৰাত এটি নিষ্পাপ শিশুৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।  দায়িত্বহীন খননৰ বলি হৈ অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এটি নিষ্পাপ দেৱ শিশুৱে। জেচিবিৰে খন্দা এটা গভীৰ গাঁতত পৰি অকাৰণতে এটি শিশুৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ লগতে শোকৰ ছাঁ পেলাইছে।

ঘটনা অনুসৰি, মাহমৰাৰ জেলুকণি গাঁৱত মুকুন্দ দুৱৰা নামৰ এজন স্থানীয় ঠিকাদাৰে ৰাজহুৱা পথৰ একেবাৰে কাষতে জেচিবি মেচিন লগাই মাটি খান্দি আছিল। কোনো ধৰণৰ সুৰক্ষা বেষ্টনী বা সতৰ্কতামূলক সংকেতৰ ব্যৱস্থা নথকাকৈ ৰাস্তাৰ কাষতে খন্দা এই গভীৰ গাঁতটোৱে অৱশেষত অঞ্চলটোৰ বাবে মৰণফান্দত পৰিণত হয়। শুক্ৰবাৰে নিশা  অসাৱধানবশতঃ এটি দেৱ শিশু এই পানীভৰ্তি গভীৰ গাঁতটোত পৰি থিতাতে কৰুণ মৃত্যুক সাৱতি লবলগা হয় এটি শিশুয়ে।

ইয়াৰ পিছতেই জেলুকণি গাঁৱৰ স্থানীয় ৰাইজ জাঙুৰ খাই উঠে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে। অভিযুক্ত ঠিকাদাৰ মুকুন্দ দুৱৰাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত গোচৰো দিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ, ঠিকাদাৰজনৰ এনে চৰম গাফিলতি আৰু অবৈধ মাটি খননৰ বাবেই  এটি নিষ্পাপ শিশুৱে প্ৰাণ হেৰুৱাব লগা হ’ল। জনবসতিপূৰ্ণ এলেকা বা পথৰ কাষত এনেধৰণৰ খনন কাৰ্য চলোৱাৰ পিছতো গাঁতসমূহ পূৰণ নকৰি বা সুৰক্ষিত নকৰাৰ লগতে কোনো সাংকেতিক ব্যৱস্থা নকৰি ঠিকাদাৰজনে এক অপৰাধমূলক দায়িত্বহীনতাহে প্ৰদৰ্শন কৰিছে।

নিষ্পাপ শিশুৰ এনে কৰুণ মৃত্যুৱে এতিয়া সমগ্ৰ মাহমৰা অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে । সচেতন মহলে দাবী কৰিছে যে— সাধাৰণ জনতাৰ জীৱনক লৈ হেতালি খেলা এনে দায়িত্বহীন ঠিকাদাৰৰ বিৰুদ্ধে প্ৰশাসনে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰক। অন্যথা এনে ঠিকাদাৰ দায়িত্বহীন কৰ্মৰ কৱলত পৰি আৰু বহুতে অকালতে প্ৰাণ হেৰুৱাব লগা হব পাৰে। সেয়েহে এনে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। 


Post a Comment

Previous Post Next Post