![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, দুলীয়াজানঃ দুলীয়াজানৰ নাওহলীয়াস্থিত "নাওহলীয়া ডি-এডিকচন চেন্টাৰ"ত সংঘটিত এক ৰহস্যজনক ঘটনাৰ বাবে সমগ্ৰ দুলীয়াজান অঞ্চল উত্তাল হৈ পৰাৰ সময়তে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা মহিলা মঞ্চই। এই নিচামুক্তি কেন্দ্ৰটোত অমন সোনাৰ নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত আজি দোষীক শাস্তি প্ৰদানৰ দাবীত দুলীয়াজানৰ ৰাজপথলৈ ওলাই আহি শ শ গোৰ্খা মহিলা। অমন সোনাৰৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবীত গোর্খা মহিলা মঞ্চৰ উদ্যোগত উত্তাল হৈ পৰে সমগ্ৰ পৰিৱেশ।
গোর্খা মহিলা মঞ্চৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদ কাৰ্যসূচীত অঞ্চলটোৰ শ শ মহিলা আৰু স্থানীয় বাসিন্দাই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল অভিযুক্তক অচিৰেই গ্ৰেপ্তাৰ কৰা, সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ তদন্ত সম্পন্ন কৰা আৰু দুৰ্ভগীয়া অমন সোনাৰৰ পৰিয়ালক উচিত ন্যায় প্ৰদান কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলৰ গুৰুতৰ অভিযোগ যে, এই ডি-এডিকচন চেন্টাৰ বা নিচামুক্তি কেন্দ্ৰটোৰ চাৰিবেৰৰ ভিতৰত সংঘটিত সমগ্ৰ ঘটনাটোৰ আঁৰত কোনো গভীৰ ৰহস্য বা ষড়যন্ত্ৰ লুকাই আছে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবী তোলে। উচ্চস্তৰীয় তদন্তৰ জৰিয়তেহে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্যটো পোহৰলৈ অনা সম্ভৱ বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোর্খা মহিলা মঞ্চৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত কয় যে, অমন সোনাৰৰ এই আকস্মিক আৰু কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীক স্তম্ভিত কৰি তুলিছে। সুৰক্ষা আৰু সংস্কাৰৰ নামত চলি থকা এনে কেন্দ্ৰত যুৱকৰ মৃত্যু কোনো কাৰণতে মানি লোৱা নহ’ব। সংগঠনটোৱে প্ৰশাসনক স্পষ্টভাৱে সকীয়নি দি কয় যে, যদিহে দোষীক অতি শীঘ্ৰে চিনাক্ত কৰি আইনৰ আওতালৈ অনা নহয়, তেন্তে অনাগত দিনত সমগ্ৰ অঞ্চলটোত ইয়াতকৈও ভয়াবহ আৰু তীব্ৰ বৃহত্তৰ গণআন্দোলন গঢ়ি তোলা হ’ব।
