উৰিয়ামঘাটত অসম-নাগালেণ্ড সীমা সমস্যা আৰু নিৰাপত্তা সন্দৰ্ভত বৃহৎ ৰাজহুৱা সভা

উৰিয়ামঘাটত অসম-নাগালেণ্ড সীমা সমস্যা আৰু নিৰাপত্তা সন্দৰ্ভত বৃহৎ ৰাজহুৱা সভা
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, সৰুপথাৰঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ উৰিয়ামঘাট অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যাৰ স্থায়ী সমাধান আৰু সীমান্তবাসীৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ দাবীত সোমবাৰে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সৰ্বাত্মক সহযোগত এই সভাৰ আয়োজন কৰা হয়। সভাত সীমান্ত অঞ্চলটোত বসবাস কৰি থকা অসমৰ খিলঞ্জীয়া লোকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা বিভিন্ন সমস্যাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। 

বিশেষকৈ চুবুৰীয়া ৰাজ্যখনৰ দুষ্কৃতিকাৰীৰ দ্বাৰা সঘনাই সংঘটিত হৈ অহা বেদখল, উপদ্ৰৱ আৰু ভাবুকিৰ ফলত সীমান্তবাসীয়ে চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। সীমান্তবাসীৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত কৰাৰ দাবীৰে আজিৰ এই ৰাজহুৱা সভাখন অনুষ্ঠিত কৰা হয়। এইক্ষেত্ৰত অসম আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ (CRPF) তহলদাৰী ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ সৈতে এক আলোচনাৰ জৰিয়তে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। 

উল্লেখ্য যে, নাগালেণ্ডে বিভিন্ন সময়ত অসমৰ ভূ-খণ্ডক নিজৰ বুলি দাবী কৰি আহিছে। শেহতীয়াকৈ গোলাঘাট জিলা অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সম জিলাৰ অন্তৰ্গত চি চেক্টৰৰ এলেকাধীন উৰিয়ামঘাট নাগালেণ্ড চৰকাৰ তথা নগা প্ৰশাসনৰ চৰকাৰী নথিত অন্তৰ্ভুক্ত হোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। যাক লৈ অঞ্চলটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এইক্ষেত্ৰত অসম চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল বিভিন্ন দল-সংগঠন তথা স্থানীয় সীমান্তবাসীয়ে।

অসম ভূমি ওপৰত নগাৰ শেন চকু পৰা ঘটনা নতুন নহয়। বিভিন্ন সময়ত এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে প্ৰতিবেশী ৰাজ্যখনে। নাগালেণ্ডে সদায়ে আগ্ৰাসী মনোভাৱৰ বিপৰীতে অসম চৰকাৰে সদায় এক নমনীয় স্থিতি গ্ৰহণ কৰি আহিছে। যাৰ বাবে নাগালেণ্ডে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অসমৰ ভূ-খণ্ড নিজৰ অধীনলৈ নিয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে।   

অসম-নাগালেণ্ড সীমান্তৰ সীমা বিবাদৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওপৰত আলোচনা হ'লেই বিধান সভাৰ মজিয়াত শাসক-বিৰোধী উভয়ে অসমৰ ভূ-খণ্ডৰ এক ইঞ্চি মাটিও নগাক এৰি নিদিয়াৰ পন লৈ আহিছে যদিও কাৰ্যক্ষেত্ৰত কোনো এখন চৰকাৰেই কথা আৰু কামৰ মাজত পাৰ্থক্য দেখা যায়। জ্বলন্ত সীমা সমস্যাটোক লৈ কোনো এখন চৰকাৰেই বাস্তব পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। বিগত দিনবোৰত শাসনৰ গাদীত যি চৰকাৰেই বহে সকলোৰে সীমা সমস্যা বিষয়টোক লৈ  কোনো দৃঢ় নীতি গ্রহণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা নকৰে।

প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে, গোলাঘাটৰ এক বৃহৎ অঞ্চল নগাই পৰিকল্পিতভাবে বেদখল কৰি বিবদমান অঞ্চললৈ পৰিণত কৰি গাঁও নিৰ্মাণ কৰাৰ লগতে নাগালেণ্ড চৰকাৰে প্ৰশাসনিক কার্যালয় স্থাপন কৰিলে। অগপ চৰকাৰৰ দিনত ১৯৮৭ চনৰ ১৩ ফেব্ৰুৱাৰীত অসমৰ ভূ-খণ্ডৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ নিউলেণ্ডত এটা প্রশাসনিক মহকুমা স্থাপন কৰি নাগালেণ্ডে অঞ্চলটো নিজৰ দখললৈ নিয়ে। এইক্ষেত্ৰত অসম চৰকাৰে নাগালেণ্ডৰ বিৰুদ্ধে মাথোঁ উচ্চতম ন্যায়ালয়ত ১৯৮৮ চনত এটা গোচৰ তৰিয়েই দায়িত্ব সামৰে। সেয়াই প্ৰথম নহয় পুনৰ ১৯৯১ চনৰ ২৮ নৱেম্বৰত 'কহবতু' নামৰ দ্বিতীয়টো মহকুমা স্থাপন কৰি নাগালেণ্ডে অসমৰ ভূ-খণ্ড দখল কৰাৰ অভিযানৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়। 

ঠিক সেইদৰে অসমৰ ভূ-খণ্ডত নাগালেণ্ডৰ এম এল এ ৱাই পেটনে ২০০২ চনৰ ১৮ মে'ত পকী পিলাৰ লগাই  'চুজাফান' নামৰ এখন নগা গাঁও উদ্বোধন কৰিছিল। ২০১৭ বৰ্ষত নাগালেণ্ড চৰকাৰে সীমান্ত বি চেক্টৰৰ‌ অকই অঞ্চলত দুটাকৈ ডাঙৰ পকী গৃহ নিৰ্মাণ কৰিছিল। সেইসময়ত সীমান্ত মন্ত্ৰীৰ দায়িত্বত থকা অতুল বৰাই নাগালেণ্ডে নিৰ্মাণ কৰা পকী ভৱন দুটা ভাঙি পেলাবলৈ সীমান্তত নিয়োজিত নিৰপেক্ষ বাহিনী চিআৰপিএফক নিৰ্দেশ দিছিল যদিও আজি পৰ্যন্ত সেই ভৱন দুটা একে অৱস্থাতে আছে। এনেদৰেই নাগালেণ্ড চৰকাৰ সদায়ে সীমান্তৰ বিবদমান এলেকাত সদায় সক্ৰিয় ভূমিকাৰে আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি আহিছে। 

যদিহে অনাগত দিনত অসম চৰকাৰে অসম-নাগালেণ্ড সীমা সমস্যাৰ বিষয়টো অধিক গুৰুত্বসহকাৰে লৈ কঠোৰ স্থিতি গ্ৰহণ নকৰে, তেন্তে পুনৰ সৰুপথাৰ সমজিলাৰ অধিকাংশ ভূমি যে নাগালেণ্ডৰ মানচিত্ৰত অন্তভুক্ত হোৱাৰ থল আছে।

Post a Comment

Previous Post Next Post