![]() |
| ফটোঃ দিলশিৰি |
ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ দৈয়াং আৰু ধনশিৰি নদীৰ পাৰৰ কৃষকসকলৰ বাবে এক ডাঙৰ অভিশাপ হৈ পৰিছে এবিধ অপতৃণ। মাটিৰ সংস্পৰ্শ পালেই অতি সহজতে গজি উঠা বিষাক্ত অপতৃণবিধ হল 'পাৰ্থেনিয়াম'। এই ঘাঁহবিধ এতিয়া অভিশাপ হৈ পৰিছে শ শ কৃষকৰ বাবে। জিলাখনৰ মাজেদি বৈ যোৱা এই দুইখন নদীৰ পাৰৰ হেজাৰ হেজাৰ কৃষকে বছৰৰ বাৰমাহেই শালি ধান আৰু বিভিন্ন ধৰণৰ ৰবিশস্যৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। কিন্তু অতি পৰিতাপৰ কথা যে, মেৰাপানী, গমাৰী, জামুগুৰি, কালুজান, নোগোৰাৰ পৰা দুই নৈৰ সূতী মুখলৈকে নদী দুখনৰ পাৰৰ হেজাৰ হেজাৰ একৰ সাৰুৱা মাটিত এতিয়া কেৱল এই বিষাক্ত পাৰ্থেনিয়াম ঘাঁহ ফুলি থকা দেখিবলৈ পোৱা গৈছে।
কৃষকসকলে জনোৱা মতে, তেওঁলোকে কৰা ভোল, জিকা, বেঙেনা, ভেন্দী আদিৰ বাৰীবোৰ এতিয়া সম্পূৰ্ণৰূপে পাৰ্থেনিয়ামে ছানি ধৰিছে। এই ঘাঁহৰ বিষাক্ত গুণৰ বাবে কৃষকসকল এতিয়া নিজৰ বাৰীত সোমাব নোৱাৰা এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। কেৱল কৃষিক্ষেত্ৰতে নহয়, এই ঘাঁহে জনস্বাস্থ্যৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই আনিছে। এই ঘাঁহবিধ গাত লাগিলেই মানুহৰ গা খঁজুৱাবলৈ ধৰে আৰু বিভিন্ন ধৰণৰ চৰ্মৰোগে দেখা দিয়ে।। যাৰ ফলত গোলাঘাট নগৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ চিকিৎসালয়সমূহত বৰ্তমান ছালৰ আৰু সিৰাৰ খঁজুৱতি ৰোগীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।
অজানিতে এই ঘাঁহ খোৱাৰ ফলত পশুধনসমূহো বিভিন্ন অচিন বেমাৰত আক্ৰান্ত হৈছে। আনহাতে, দৈয়াং আৰু ধনশিৰি নদী দুখন নামবৰ অভয়াৰণ্যৰ কাষেদি বৈ যোৱাৰ বাবে বনাঞ্চলখনৰ বন্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটিবোৰে প্ৰায়েই নদীৰ পানী খাবলৈ আৰু পাৰৰ কোমল ঘাঁহ খাবলৈ আহে। এই বন্য জীৱ-জন্তুবোৰ পাৰ্থেনিয়ামৰ হাবিত সোমোৱাৰ ফলত সিহঁতো বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকাই দেখা দিছে।
প্ৰথম অৱস্থাত এই পাৰ্থেনিয়াম কেৱল ৰেললাইনৰ কাষে কাষে গজি উঠিছিল। কিন্তু পৰৱৰ্তী সময়ত জান-জুৰিৰ পানী আৰু বতাহৰ জৰিয়তে ইয়াৰ বীজবোৰ উটি গৈ নদী আৰু খাল-বিলৰ সাৰুৱা মাটিত থিতাপি লয়। তদুপৰি, নদীৰ পাৰৰ মাটি গাড়ীৰে কঢ়িয়াই আনি বিভিন্ন গ্ৰামাঞ্চল বা নগৰ অঞ্চলত ব্যৱহাৰ কৰাৰ বাবে এতিয়া সৰ্বত্ৰে ইয়াৰ বীজ অংকুৰিত হৈ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
এই বিষাক্ত ঘাঁহবিধে সমগ্ৰ অঞ্চলটোৰ কৃষি, মানুহ আৰু বন্যপ্ৰাণীৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পূৰ্বেই, অৰ্থাৎ ফুল ফুলাৰ আৰু গুটি ধৰাৰ আগতেই ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী কৃষকসকলে অসম চৰকাৰ তথা কৃষি বিভাগক অতি শীঘ্ৰে পদক্ষেপ ল’বলৈ কাতৰ আহ্বান জনাইছে।
