![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, ডিগবৈঃ ডিগবৈৰ চাৰিআলি ৰেল গেটৰ সমীপত শুক্ৰবাৰে সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনা। ৰেল লাইনেৰে পাৰ হৈ যোৱা অৱস্থাত ইণ্টাৰচিটি এক্সপ্ৰেছ ট্ৰেইনৰ চেপাত থিতাতে মৃত্যু হয় এজন অচিনাক্ত ব্যক্তিৰ। উক্ত ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। নিহত ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই।
প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় একাংশ লোকৰ ভাষ্য অনুসৰি, ঘটনাটো সাধাৰণ দুৰ্ঘটনা নহয়, ই এক আত্মহত্যা হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে, ইতিমধ্যে ঘটনাস্থলীত ৰেল আৰক্ষীৰ লগতে স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ। মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
ৰে’ল আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নিহত ব্যক্তিজনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে বৰ্তমান অনুসন্ধান চলাই আছে। আৰক্ষীৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ প্ৰতিবেদন অহাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।
