কাজিৰঙাত গঁড় চিকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষীৰ বৃহৎ সাফল্যঃ অস্ত্র-সহ আটক দুই কুখ্যাত চিকাৰী

কাজিৰঙাত গঁড় চিকাৰীৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষীৰ বৃহৎ সাফল্যঃ অস্ত্র-সহ আটক দুই কুখ্যাত চিকাৰী
ফটোঃ গোলাঘাট আৰক্ষী


ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰীৰ এক ভয়ংকৰ পৰিকল্পনাক অসফল কৰি তুলিলে বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে। বুধবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক সফল অভিযানত উদ্যানখনৰ আগৰাতলি বনাঞ্চলৰ সীমান্তৱৰ্তী এলেকাৰ পৰা দুটা হাতে সজা ৰাইফল আৰু এখন মটৰচাইকেলসহ দুজন চোৰাং চিকাৰীক আটক কৰা হয়।

প্ৰাপ্ত খবৰ অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ই এ ডব্লিউ এল  সংমণ্ডলৰ ডি এফ অ’, গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া, আগৰাতলিৰ বনাঞ্চলিক বিষয়া আৰু সশস্ত্ৰ বাহিনীৰ নেতৃত্বত এই যুটীয়া অভিযান চলোৱা হৈছিল। চোৰাং চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত প্ৰৱেশ কৰি গঁড় চিকাৰ কৰাৰ সম্পূৰ্ণ পৰিকল্পনা কৰি থকা অৱস্থাতে নিৰাপত্তা বাহিনীয়ে তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

আটকাধীন চিকাৰী দুজন হ’ল জিন্তু ওৰাং (৪০ বছৰ) আৰু সৰবাং ৰংহাং (৩১ বছৰ) ইয়াৰে জিন্তু ওৰাং পূৰ্বেও গঁড় চিকাৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আৰু চাৰি বছৰ কাৰাবাস খাটিছিল। 


Post a Comment

Previous Post Next Post