![]() |
| ফটোঃ ইণ্টাৰনেট (সম্পাদিত) |
নেপ’লিয়ন বোনাপাৰ্টে কৈছিল–“তেওঁৰ জীৱনৰ সফলতাৰ মূল চাবি-কাঠি আছিল তেওঁৰ মাতৃ৷ বাল্যকালতে মাকৰ পৰা লাভ কৰা শিক্ষাই তেওঁৰ জীৱনৰ চমকপদ সাফল্যৰ মূল কাৰণ বুলি বিশ্বাস কৰিছিল৷ মাকেই তেওঁৰ ইচ্ছা শক্তিক প্ৰভাৱিত কৰিছিল, কৰ্ম শক্তিক দৃঢ় কৰিছিল৷” ঘৰ এখনৰ পৰাই এখন সমাজৰ সকলো নীতি-নিয়ম পৰিচালিত হয়৷ এখন ঘৰৰ মূল চালিকা শক্তি হ’ল সেই ঘৰখনৰ নাৰীগৰাকী৷ এজন সফল ব্যক্তিৰ আঁৰত এগৰাকী নাৰীৰ থকা অৰহিণা সদায় উল্লেখণীয়৷ সেই নাৰী গৰাকী কেতিয়াবা ‘মা’, ‘আইতা’ ‘বাইদেউ’ অৰ্থাৎ প্ৰেমিকা বা পত্নী আদি বিভিন্ন হ’ব পাৰে৷ আমি যদি অনুধাৱন কৰোঁ, এটি শিশুৰ জ্ঞানৰ পৰিধি মাতৃ গৰাকীৰ ওপৰতেই নিৰ্ণয় কৰে৷ সেয়ে সন্তানৰ প্ৰথম শিক্ষাদান কৰোঁতা গৰাকী হ’ল মাতৃ৷ সেইদিশৰ পৰা এজন শিশুৰ জীৱনৰ প্ৰথমগৰাকী গুৰু হ’ল মাতৃ অৰ্থাৎ এগৰাকী নাৰী৷ এগৰাকীৰ মাতৃৰ থাকে নিঃস্বাৰ্থ মৰম আৰু এই মৰম চিৰ প্ৰবাহিত এখনি নৈৰ দৰে৷ প্ৰতিগৰাকী মাতৃৰেই নিজৰ সন্তানৰ ওপৰত শক্তিশালী প্ৰভাৱ পৰে৷ সন্তান এটিৰ তেওঁৰ ওপৰত পৰা সকলো প্ৰভাৱ এগৰাকী মাতৃৰ পৰাই প্ৰতিফলিত হয়৷ এগৰাকী মাতৃৰ পৰা সন্তানে যি শিক্ষা লাভ কৰে সেইয়া হয়তো কোনো পুথিগত বিদ্যাই দিব নোৱাৰে৷ বিশেষকৈ এটি শিশুৱে দেউতাকতকৈ মাকৰ সান্নিধ্য বেছি লাভ কৰে৷ কিয়নো দেউতাক বিভিন্ন কৰ্মৰ বাবে বেছিসময় ঘৰৰ বাহিৰতেই থাকিব লগা হয়৷ সেয়েহে এটি সন্তানে দেউতাকতকৈ মাকক বেছি অনুসৰণ কৰিবলৈ লয়৷ এটি সন্তানৰ ভাল-বেয়া দুয়োতা দিশ এগৰাকী মাতৃৰ ওপৰতেই নিৰ্ভৰ কৰে৷ ভাৰতবৰ্ষত বৈদিক যুগৰে পৰা মহিলাৰ সামাজিক মযাৰ্দা আছিল উচ্চ৷ তেনেক্ষেত্ৰত আজি একবিংশ শতিকাত নাৰীৰ মৰ্যাদা আৰু সুৰক্ষা কেৱল কাগজে কলমেহে ৰৈছেগৈ৷
অৰ্ধআকাশ বুলি পৰিচিত নাৰী জাতিক যুগে যুগে ব্যৱহাৰ কৰি অহা হৈছে নেকি? সামাজিক, ৰাজনৈতিক, পাৰিবাৰিক নাইবা আন যিকোনো কাৰণতেই নহওঁক কিয়? সদায়েই নাৰীজাতিয়েই ভুক্তভোগী হ’ব লগা হয় কিয়? উদাহৰণ স্বৰূপে নানাৰঙী সপোনৰ মাজেৰে এগৰাকী যুৱতীয়ে জীয়ৰীৰ পৰা বোৱাৰীৰ জীৱনত খোজ পেলায়৷ অযুত ভাৱ, নানান চিন্তাৰ মাজেৰেই নতুন ঘৰ এখনত পদাৰ্পন কৰেহি যুৱতীগৰাকী ন বোৱাৰীৰূপে৷ জন্মৰ পৰা যৌৱনলৈকে এছোৱা কাল যিখন ঘৰত ডাঙৰ-দীঘল হৈ নিজৰ ঘৰ বুলি বুকুত সাৱতি আছিল এদিন সেইখন ঘৰ, জন্মদাতা পিতৃ-মাতৃকে ধৰি ভাই-ভনী সকলোকে চিৰদিনৰ বাবে এৰি নতুনকৈ আন এখন ঘৰক আপোন কৰি লয়৷ তেনেদৰেই এদিন বোৱাৰী জীৱনৰ সাজ পৰিধান কৰি এটা নতুন জীৱনক আঁকোৱালি লওঁতে আৰম্ভণিতে বিভিন্ন সমস্যাই দেখা দিয়াটো এক স্বাভাৱিক ঘটনা৷ কিয়নো দুয়োখন ঘৰৰ পৰিৱেশৰ মাজত যথেষ্টখিনি পাৰ্থক্য থাকে৷ এখন ঘৰৰ খাদ্যাভাসৰ পৰা আৰম্ভ কৰি বিভিন্নক্ষেত্ৰত মিল নাথাকিবও পাৰে৷ এখন ঘৰৰ লগত আন এখন ঘৰৰ পৰিৱেশৰ সৈতে খাপ খাবলৈ অলপ সময়ৰ প্ৰয়োজন হয়৷ এগৰাকী বোৱাৰীয়ে শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে আটাইতকৈ বেছি সময় শাহু গৰাকীৰ ছত্ৰছায়াতে থাকে৷ সেয়েহে এইক্ষেত্ৰত শাহুমা গৰাকীৰ ভূমিকাৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰে৷ এগৰাকী বোৱাৰীয়ে নতুনকৈ লাভ কৰা জীৱনটোত স্বামীৰ লগতেপৰিয়ালটোৰ বাকী সদস্যসকলো থাকে৷ কিন্তু পাকঘৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে বোৱাৰীগৰাকীয়ে সম্ভালিব লগা হয়৷ তেনে সময়তে যদি এগৰাকী ন-বোৱাৰীয়ে শাহুৰ হাতৰ আঙুলিত ধৰি সকলো কাম ভালদৰে বুজি লয়, সেইগৰাকী বোৱাৰীৰ বাবে সকলো কাম সহজ হৈ পৰে৷ কিন্তু এই সময়চোৱাত বোৱাৰীগৰাকীক শাহুৱে নিজ কন্যাৰ দৰে মৰমেৰে কামবোৰ বা সেইখন ঘৰৰ ৰীতি-নীতি, পৰম্পৰা আদি বিভিন্ন কাম-কাজৰ সৈতে চিনাকী কৰায় দিব লাগিব৷ শাহুৱেক গৰাকীয়েও মৰমেৰে শিকাই বুজাই ল’লে, নজনাখিনি দেখুৱাই দিলে পৰস্পৰ সুখী হ’ব পাৰে৷ পৰস্পৰ বুজাবুজি সমিল-মিলেৰে শাহু-বোৱাৰীৰ সম্পৰ্কটোৰ মাধুৰ্য বজাই ৰাখিব পৰা যায়৷ কিয়নো মাক-জীয়েকৰ দৰেই শাহু-বোৱাৰীৰ সম্পৰ্কৰো আছে এক সুকীয়া বৈশিষ্ট্য৷ এইক্ষেত্ৰত কিন্তু বোৱাৰীগৰাকীৰো যথেষ্টখিনি কৰণীয় আছে৷ বোৱাৰীগৰাকীয়েও তেওঁৰ ঘৰখনৰ দৰেই স্বামীৰ ঘৰখনকো আকোঁৱালি স্বামীৰ লগতে পৰিয়ালটোৰ সকলো সদস্যকে মৰম-আদৰ কৰিব লাগিব৷ শাহু মাক নিজৰ মাক হিচাপে গণ্য কৰাৰ লগতে সেই পৰিয়ালটোৰ সকলো পৰম্পৰা, ৰীতি-নীতি আয়ত্ত্ব কৰি সংসাৰখন আগুৱাই নিবলৈ যত্ন কৰিব লাগিব৷ মনত শ্ৰদ্ধা আৰু আনুগত্যৰ ভাৱ পোষণ কৰি যেতিয়া এগৰাকী বোৱাৰীয়ে নিজৰ কৰ্তব্য সমাপন কৰে, শাহুৱেকেও যেতিয়া কথাইপতি খুঁত উলিওৱাৰ পৰিৱৰ্তে ভালকৈ বুজাই দিয়ে তেতিয়া খাম-খেয়ালীৰ কোনো কথাই নাহে৷ তেতিয়াহে এখন সংসাৰ সুখৰ হয়৷
এই কথাবোৰৰ পৰা বুজা যায় যে ‘কুমাৰী কালত পিতৃৰ অধীন, যৌৱন কালত স্বামীৰ আৰু বৃদ্ধকালত পুত্ৰৰ অধীন’ হৈয়েই জীৱনটো কটাব লগা হয়৷ আজিৰ সমাজত নাৰীৰ অধিকাৰ খৰ্ব হৈ অহাৰো বিভিন্নসময়ত প্ৰশ্ন অৱতাৰণা হৈ আহিছে৷ অকলশৰে ওলাই যোৱা নাৰীগৰাকী উভতি আহোঁতে ধৰ্ষিতা হৈ ঘূৰি আহিছে৷ কনমানি শিশুও সেইসকলৰ কামাতুৰ পুৰুষৰ হাতৰ পৰা সাৰি যোৱা নাই৷ কন্যা সন্তান হোৱা বাবেই মাতৃৰ গৰ্ভতেই ভ্ৰুণ হত্যা কৰা হৈছে–এনে বহু উদাহৰণ আছে৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে একেখন সমাজত বাস কৰা বহু পুৰুষে এগৰাকী নাৰীক তেওঁৰ দৰে এগৰাকী তেজ মঙহৰ মানুহ বুলি গণ্য নকৰে৷ শৈশৱৰে পৰাই নাৰীক এগৰাকী শাৰীৰিকভাৱে দুৰ্বল প্ৰাণীৰূপে গণ্য কৰি অহাৰ বাবেই তেওঁলোক ডাঙৰ হৈ অহাৰ লগে লগে বিভিন্ন বাধ্য-বাধ্যকতাও বৃদ্ধি পাই আহে৷ অবৈধ মাতৃত্বৰ বোজা কিন্তু সদায়েই নাৰীগৰাকীয়েই বহন কৰিব লগা হয়৷ ঠিক সেইদৰে বৈৰ্ধব্যৰ যন্ত্ৰণাও নাৰীগৰাকীৰ ক্ষেত্ৰতহে প্ৰযোজ্য৷ আমাৰ সমাজত যদি নাৰীগৰাকীয়ে দ্বিতীয় বিবাহতো বহে তেতিয়া তেওঁৰ চৰিত্ৰৰ ওপৰত বিভিন্ন প্ৰশ্ন আহি পৰে বা বিভিন্ন ধৰণে উপহাস কৰা হয়৷
আমি যদি লক্ষ্য কৰোঁ–শিক্ষা-দীক্ষা, জীৱিকা, শিল্প-কলা, ৰাজনীতি, সমাজসেৱা আদি পৃথিৱীৰ পৰা মহাকাশলৈ কোনো ক্ষেত্ৰতে নাৰী পিছ পৰি ৰোৱা নাই৷ কিন্তু এতিয়াও এনে কিছুমান অশিক্ষিত আৰু অন্ধবিশ্বাসী তথাকথিত লোক আছে যিয়ে কন্যা সন্তানক পৰিয়ালটোৰ বোজা বুলি গণ্য কৰি আহিছে৷ সময় সলনি হৈছে কিন্তু এতিয়াও তথাকথিত শিক্ষিত ভণ্ড মুখাপিন্ধা একাংশৰ ধ্যান ধাৰণাৰ পৰিৱৰ্তন হোৱা নাই৷ এনেদৰে নাৰীয়ে বিভিন্ন সময়ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহাৰ পাছতো কেতিয়াবা এগৰাকী নাৰীও নাৰীৰ শত্ৰু হিচাপে থিয় দিয়া এইখন সমাজতে দেখিবলৈ পোৱা যায়৷ বিভিন্ন সময়ত এগৰাকী নাৰীৰ বাবেই এখন সুখৰ সংসাৰো ম্লান হৈ পৰা দেখিবলৈ পোৱা যায়৷ এখন ঘৰৰ ক্ষেত্ৰত যদি চাওঁ ইয়াৰ কাৰণ হ’ল–শাহুমা আৰু জন্মদাত্ৰী মা, কন্যা আৰু বোৱাৰীৰ মাজত থকা ব্যৱধান৷ আজিৰ দিনত স্ত্ৰী সমাজে সন্মুখীন হোৱা আন এটি প্ৰত্যাহ্বান হ’ল সন্তানহীনতা৷ ফলশ্ৰুতিত পৰিয়ালৰ ককৰ্থনা, সমাজৰ দোষাৰোপ৷ পৰিণতিত লাজ, শংকা আৰু তীব্ৰ মানসিক উদ্বেগ৷ এইক্ষেত্ৰটো কিন্তু সেই নাৰীগৰাকীলৈ আন এগৰাকী নাৰীয়েই প্ৰথম আঙুলি নিক্ষেপ কৰা সততে দেখিবলৈ পোৱা যায়৷ আজি এই কথা বুজি উঠা উচিত যে সন্তানহীনতাৰ বাবে কেৱল মহিলাগৰাকীয়েই দায়ী নহয়৷ সেয়েহে সন্তানহীন দম্পত্তিয়ে সন্তানহীনতাৰ বাবে কেৱল স্ত্ৰীগৰাকীকেই দোষাৰোপ নকৰি পুৰুষজনৰো প্ৰয়োজনীয় নিৰ্ধাৰিত পৰীক্ষা-নিৰীক্ষা কৰাই লোৱা প্ৰয়োজন৷
এটা পৰিয়াল বা এখন সমাজৰ উত্তৰণত পুৰুষ আৰু মহিলা উভয়ৰে সমান অৰিহণা থাকে৷ বহুত হ’ল, এতিয়া আমাৰ সমাজে মানসিক, চিন্তা-চৰ্চা সলনি কৰাৰ সময় আহি পৰিছে৷ আমাৰ সমাজত চলি অহা মলিয়ন চিন্তাক পৰিষ্কাৰ আৰু মানসিকতা ব্যৱস্থাৰ সলনি কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত৷
লেখকঃ ইউ.ডি
