মেৰাপানীত জলসিঞ্চন বিভাগৰ চৰম অৱহেলাঃ কোটিটকীয়া আঁচনি এতিয়া ‘বগা হাতী’ত পৰিণত, ক্ষোভিত কৃষক সন্থা

মেৰাপানীত জলসিঞ্চন বিভাগৰ চৰম অৱহেলাঃ কোটিটকীয়া আঁচনি এতিয়া ‘বগা হাতী’ত পৰিণত, ক্ষোভিত কৃষক সন্থা
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, মেৰাপানীঃ ৰাজ্যত খৰাং সদৃশ পৰিস্থিতিয়ে দেখা দিয়াৰ সময়তে মেৰাপানীৰ সৰুপানী অঞ্চলৰ কৃষকসকলৰ সমস্যা দুগুণ কৰি তুলিছে চৰকাৰৰ অচল জনসিঞ্চন আঁচনিসমূহে। প্ৰকৃতিৰ প্ৰতিকূল বতৰৰ মাজতে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জল উত্তোলন আঁচনিসমূহ বৰ্তমান বিকল হৈ পৰি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সমগ্ৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি এতিয়া ক্ষোভত হৈ  পৰিছে সদৌ দৈয়াং কৃষক সন্থা।

উল্লেখ্যযে, জনসিঞ্চন বিভাগৰ গোলাঘাট-সৰুপথাৰ ডিভিজনৰ অধীনস্থ মেৰাপানীৰ সৰুপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত বেনদিক পথাৰ, নৰেশপুৰ আৰু সোণালী পথাৰত দৈয়াং নদীৰ ওপৰত কেইবাটাও কোটিটকীয়া জল উত্তোলন আঁচনি নিৰ্মাণ কৰা হৈছিল। বৃহস্পতিবাৰে সদৌ দৈয়াং কৃষক সন্থাৰ এটি প্ৰতিনিধি দলে এই আঁচনিসমূহৰ বৰ্তমান স্থিতি পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে। পৰিদৰ্শনকালত প্ৰকল্পসমূহৰ জৰাজীৰ্ণ আৰু অচল ৰূপ দেখি হতচকিত হৈ পৰাৰ লগতেপ্ৰতিনিধি দলটোৱে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

স্থানীয় কৃষকসকলে জানিবলৈ দিয়া অনুসৰি, অঞ্চলটোত বৰষুণৰ অভাৱত তীব্ৰ খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। যাৰ বাবে কৃষিজীৱী ৰাইজে বৰ্তমানলৈকে কঠিয়া সিঁচিব পৰা নাই। কৃষকৰ সহায় হোৱাকৈ চৰকাৰে কোটি কোটি টকা ব্যয় কৰিলে যদিও বিভাগীয় অৱহেলা, বিদ্যুতৰ বিসংগতি আৰু যন্ত্ৰপাতিৰ বিকলতাৰ বাবে এই আঁচনিসমূহ কেৱল কাগজ-পত্ৰতে সীমাবদ্ধ হৈ ৰৈছে। বাস্তৱ ক্ষেত্ৰত এই প্ৰকল্পসমূহ এতিয়া একো একোটা ‘বগা হাতী’ত পৰিণত হৈছে।

আনহাতে, অঞ্চলটোৰ কৃষকসকলৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা আন এটা বৃহৎ জল উত্তোলন প্ৰকল্প বিগত তিনি বছৰে সম্পূৰ্ণ নোহোৱাৰ তথ্যও পোহৰলৈ আহিছে। ফলস্বৰূপে, বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ শ শ কৃষক কৃষিৰ বাবে অতি প্ৰয়োজনীয় পানীৰ টোপালৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

সদৌ দৈয়াং কৃষক সন্থাৰ সভাপতি দেৱজিত বৰা আৰু সম্পাদক দিগন্ত শইকীয়াৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে এইক্ষেত্ৰত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি অচিৰেই বিকল হৈ থকা আঁচনিসমূহ সুচল কৰাৰ আহ্বান জনাইছে। লগতে আধৰুৱা প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক সজোৰে দাবী উত্থাপন কৰিছে। অন্যথা কৃষকৰ স্বাৰ্থত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সন্থাই সঁকিয়াই দিয়ে।

Post a Comment

Previous Post Next Post