![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট চহৰৰ ঐতিহাসিক দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ গোলাঘাট জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ সাধাৰণ সভা দেওবাৰে অনুষ্ঠিত হৈ যায়। আটাছু গোলাঘাট জিলা সমিতিৰ সভাপতি পংকজ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ পৰা পাঁচ শতাধিক প্ৰতিনিধি আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।
সভাৰ কাৰ্যসূচী অনুসৰি জিলা সভাপতিগৰাকীয়ে সংগঠনৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে টাই জাতিৰ ত্ৰাণকৰ্তা স্বৰ্গদেউ ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত গোলাঘাট জিলা আটাছুৰ কাৰ্যকৰী সভাপতি দিগন্ত গগৈ, যুটীয়া সম্পাদকদ্বয় অংকুৰ কোঁৱৰ আৰু ভাস্কৰজ্যোতি ফুকনে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে উপস্থিত ৰাইজক উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰে আটাছু কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱাই।
আজিৰ সভাৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুসৰি গোলাঘাট জিলা টাই আহোম মহিলা মঞ্চৰ নতুন সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এলিজা ফুকনক সভানেত্ৰী, ৰজলিন বুঢ়াগোহাঁই ফুকনক কাৰ্যকৰী সভানেত্ৰী আৰু মৌচুমী ফুকন গোঁহাইক সাধাৰণ সম্পাদিকা হিচাপে লৈ নতুন কৈ ২১ জনীয়া এখন শক্তিশালী জিলা মহিলা সমিতি গঠন কৰা হয়।
সভাত আটাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ, যুটীয়া সম্পাদক দিগন্ত চাংমাই, সহকাৰী সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়া, প্ৰচাৰ সম্পাদক গৌতম লাহন, জিলা সমিতিৰ উপদেষ্টা জ্যোতিপ্ৰসাদ গগৈকে ধৰি কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়া, মহিলা মঞ্চৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
সভাৰ সৈতে সংগতি ৰাখি গোলাঘাট আটাছুৰ তত্ত্বাৱধানত জিলাখনৰ সৰ্বসাধাৰণ ৰাইজৰ জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে এখন উন্নতমানৰ এম্বুলেন্স সেৱাও আজি শুভ উদ্বোধন কৰা হয়। এম্বুলেন্সখন যুটীয়াভাৱে ফিটা কাটি উদ্বোধন কৰে সদৌ অসম মটৰ পৰিবহন সন্থাৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা আৰু দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক ড০ দেৱজিত ফুকনে।
![]() |
| এম্বুলেন্স শুভ উদ্বোধনৰ মুহূৰ্তত বিশিষ্ট ব্যক্তিসকল |

