![]() |
| Photo-Dilshiri |
‘বিজ্ঞান হ’ল সংঘবদ্ধ জ্ঞান’৷ সহজ ভাষাত বিজ্ঞান হ’ল আমি পৰ্যবেক্ষণৰ পৰা সংগ্ৰহ কৰা বাস্তৱিক, পৰীক্ষামূলক তথ্যভিত্তিক জ্ঞানৰ কিছু কথা৷ সেই জ্ঞানৰ শ্ৰেণী বিভাজন আৰু মূল নীতিৰ শৃংখলাৱদ্ধ বিকাশেই বিজ্ঞান৷
মানৱ সভ্যতাত বিজ্ঞানে কেতিয়াবা আশীৰ্বাদ আৰু কেতিবায়া অভিশাপ হিচাপেও প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ সেয়েহে আমি যু্ক্তিৰে বিবেচনা কৰি বিজ্ঞানৰ অৱদানসমূহ সঠিকভানে নিৰূপন কৰি ইয়াৰ সদব্যৱহাৰ কৰাটো উচিত৷ হাৰ্বাট স্পেনচাৰৰ মতে– ‘বিজ্ঞান হ’ল সংঘবদ্ধ জ্ঞান’৷ সহজ ভাষাত বিজ্ঞান হ’ল আমি পৰ্যবেক্ষণৰ পৰা সংগ্ৰহ কৰা বাস্তৱিক, পৰীক্ষামূলক তথ্যভিত্তিক জ্ঞানৰ কিছু কথা৷ সেই জ্ঞানৰ শ্ৰেণী বিভাজন আৰু মূল নীতিৰ শৃংখলাৱদ্ধ বিকাশেই বিজ্ঞান৷
॥কিন্তু এইটোও ঠিক যে বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰি পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতাৰ বিকাশত ইন্ধন যোগাই আহিছে৷ ফলত আজিৰ বিশ্ব সম্পূৰ্ণ সলনি হৈ গৈছে৷ কিন্তু আমি এইটোও লক্ষ্য কৰা উচিত যাতে বিজ্ঞানে আমাক দাসত্বত পৰিণত কৰিব নোৱাৰে৷ সম্প্ৰতি সময়ত বিজ্ঞানৰ সৃষ্ট উপাদানৰ অবিহনে এখোজো যাব নোৱাৰাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱলৈ লোৱা পৰ্যন্ত কেৱল বিজ্ঞানৰ চমৎকাৰী উপাদানৰ ওপৰতে নিৰ্ভৰশীল আজি সমাজ ব্যৱস্থা৷ যাৰ বাবে বিজ্ঞানবিহীন জীৱন অসাৰ প্ৰতিপন্ন কৰি বিজ্ঞানে আমাক দাসত্বৰ শিকলি পিন্ধাবলৈ আৰম্ভ কৰিছে৷
মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়৷ মানুহ চেতনাশীল আৰু চিন্তাশীল প্ৰাণী৷ মানুহৰ প্ৰচেষ্টা আৰু প্ৰকৃতিৰ অধ্যয়নো হ’ল বিজ্ঞান৷ প্ৰকৃতিক অধ্যয়ণ কৰি ইয়াৰ ৰহস্য উদ্ঘাটন কৰাৰ লগতে ইয়াৰ লগত জড়িত হৈ থকা বিশেষ পদ্ধতিয়েই হ’ল বৈজ্ঞানিক পদ্ধতি৷ যি পদ্ধতিৰ দ্বাৰা প্ৰকৃতিৰ ঘটনা পৰিঘটনা, প্ৰাকৃতিক উপাদান আদি বিশে¡ষণ কৰি সত্যৰ সন্ধান কৰিব পাৰি৷ সেয়েহে বিজ্ঞান যে গতিশীল, ইয়াৰ বিকাশ আৰু প্ৰগতি চিৰন্তন, তাত কোৰো সন্দেহ নাই।
বিজ্ঞানে মানৱকূলৰ জীৱন পৰিক্ৰমা অকল্পনীয়ভাৱে সলনি কৰিছে৷ ইয়াৰ দ্বাৰা উন্নয়ন সাধিব পাৰিছে সঁচা, কিন্তু ইয়াৰ সমান্তৰালভাৱে বিজ্ঞানে যে মানৱ সমাজলৈ অশান্তি আৰু ধবংস মাতি আনিছে তাকো আমি একাষাৰে নুই কৰিব নোৱাৰোঁ৷ বিজ্ঞানে জীৱ বিধবংসী অস্ত্ৰ-শস্ত্ৰ, পাৰমানৱিক বোমা, বাৰুদ, বন্দুক, যুদ্ধ জাহাজ আদি বিভিন্ন আৱিষ্কাৰে বিশ্বৰ শান্তিত ব্যাঘাত জন্মাইছে৷ ইয়াৰ পৰাই যদি চাও আমি, বিজ্ঞানে কৰিব নোৱাৰাৰ কাম আজিৰ তাৰিখত একোৱেই নাই৷ পৃথিৱীখন নিচেই কম সময়ৰ ভিতৰতেই ধবংস কৰি দিব পাৰে।
কিন্তু আধুনিক যুগৰ বিজ্ঞানৰ ন ন আৱিষ্কাৰে প্ৰকৃতিৰ এই ৰুষ্ট গতিপথক ৰোধ কৰাৰ সামৰ্থ নাই৷ আমি হ’লো প্ৰকৃতিৰ দাস৷ প্ৰকৃতিৰ সৃষ্টিৰাজীয়ে যেন আমাক দি গৈছে জীয়াই থকাৰ আনন্দ৷ বিশ্বৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ লৈছে৷ কাৰণ চৌদিশে উদ্যোগীকৰণৰ দিশে অগ্ৰসৰ হৈছে৷ কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, গাড়ী-মটৰৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱা, গেছ আদিয়ে পৃথিৱীৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ তাৰ মাজতে আকৌ একাংশ জীৱশ্ৰেষ্ঠ মানৱে প্ৰকৃতিৰ সৃষ্ট বনাঞ্চল জধে-মধে ধবংস কৰাৰ প্ৰতিযোগিতাত নামিছে৷ ইয়াৰ পৰা আমি অদূৰ ভৱিষ্যতে আৰু অধিক ভয়ানক আৰু জটিল পৰিৱেশৰ সৈতে মুখামুখি হ’বলৈ সাজু হৈ থাকিব লাগিব সেয়া ধুৰূপ৷ কিয়নো প্ৰকৃতিয়ে হৈছে জীৱজগতৰ প্ৰাণ৷
প্ৰকৃতিয়ে সদায়ে জীৱজগতৰ বাবেই দায়িত্ব পালন কৰি আহিছে৷ কিন্তু জীৱশ্ৰেষ্ঠ মুখাপিন্ধা একাংশ দানৱে নিৰ্মমভাৱে এফালৰ পৰা প্ৰকৃতি ধবংস কৰি নিজৰ লগতে প্ৰকৃতিৰ নৈসৰ্গিক শোভা বিনষ্ট কৰি আহিছে৷ আমি জীয়াই থকাৰ উপাদানসমূহ ক’ৰ পৰা পাওঁ৷ খাদ্য-শস্যৰ পৰা আৰম্ভ কৰি বাসস্থানলৈকে প্ৰকৃতিৰেই অৱদান৷ কেৱল সেয়াই নহয় প্ৰকৃতি ধবংস কৰাৰ ফলত কৃষিভূমিৰ গুণাগুণো হ্ৰাস পাইছে৷ যাৰ ফলত খেতিৰ বাবে অনুপযোগী হৈ পৰিছে৷ ভূমিৰ এই অৱনমনৰ মূল কাৰণ হ’ল বনাঞ্চলৰ ধবংস, প্ৰদূষণ, ভূমিস্খলন, পাহাৰ-নদী খনন, ইটাৰ ভাটা আৰু নানা প্ৰকাৰৰ উদ্যোগ নিৰ্মাণ, দ্ৰুত নগৰীকৰণ আদি৷
এনেবোৰ কাৰকৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে আৰু মানৱ সমাজলৈ বিপদ ঘণ্টা কঢ়িয়াই আনিছে৷ জীৱজগতৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আন এক উদাহৰণ হ’ল প্ৰকৃতিৰ উৎকৃষ্ট দান বৰ্ষাৰণ্যসমূহ ধবংস কৰা৷ আমি সকলোৱে দেখি আহিছোঁ প্ৰকৃতি ধবংসৰ কুফল মানৱ সমাজে কেনেদৰে ভোগ কৰি আহিছে৷ মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা নানান কু-কাৰ্যৰ বাবেই কৃত্ৰিম বানে প্ৰতিবছৰে বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ ই কি দেশৰ অৰ্থনীতিত প্ৰভাৱ নেপেলায়। আনহাতে
বনাঞ্চল ধবংসই আমাৰ জৈৱ পাৰিপাৰ্শ্বিকতাৰ ওপৰতো বেয়াকৈ প্ৰভাৱ পেলাইছে৷ আজিৰ গ্ৰামাঞ্চলত পূৰ্বৰ সেই চিনাকি পৰিৱেশ দেখিবলৈ পোৱা নাযায়– আন্ধাৰ নামি অহাৰ লগে লগেই সেই জোনাকী পৰুৱাৰ মেলা, নানা ৰঙী পখিলা, ভেকুলীৰ টুৰটুৰণি, পুৱা হ’লেই চৰাই-চিৰিকতিৰ সুমধুৰ কাকলি৷ সেই চিনাকি পৰিৱেশ আজি আৰু নাই৷ আমি এটা কথা মনত ৰখা উচিত হ’ব যে মানুহ আৰু প্ৰকৃতি পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল৷ আমাক উশাহ-নিশাহ যোগান ধৰিবলৈ গছৰ প্ৰয়োজন৷ সেয়েহে প্ৰকৃতি নথকাকৈ যদি কোনোৱে জীয়াই থকাৰ সপোন দেখিছে সেয়া অজ্ঞানতাৰ পৰিচায়ক৷
প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য আছে৷ কোনো এটা ভৌগলিক অঞ্চলক প্ৰাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়৷ এইক্ষেত্ৰত জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ লগতে প্ৰকৃতি আৰু মানৱ সম্পৰ্কত উল্লেখণীয় ভূমিকা পালন কৰি আহিছে বনাঞ্চল তথা বৰ্ষাৰণ্যসমূহে৷ আমি সকলোৱে জ্ঞাত যে আজিৰ সময়ত সবাতোতকৈ চহকী সম্পদেই হ’ল প্ৰাকৃতিক সম্পদ৷ প্ৰকৃতিৰ পৰা লাভ কৰা বা ইয়াৰ বুকুত উদ্ভৱ হোৱা সম্পদেই জানো প্ৰাকৃতিক সম্পদ নহয়৷ যদি প্ৰকৃতিয়েই নাথাকে আমি সম্পদ ক’ৰ পৰা আহৰণ কৰিম৷ আমি নিশ্চয়কৈ ক’ব লাগিব যে দেশ এখনৰ সামগ্ৰিক উন্নয়নত এই প্ৰাকৃতিক সম্পদে অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ প্ৰাকৃতিক সম্পদত চহকী দেশখনৰ সামগ্ৰিক উন্নয়নৰ দিশটোও অপৰিসীম৷ অসমখনো এখন প্ৰাকৃতিক সম্পদেৰে চহকী ৰাজ্য৷ অসমৰ বুকুৰপাহাৰ- পৰ্বত, হাবি-জংঘল, নদ-নদীত আদি অলেখ সম্পদৰ ভঁৰাল বুলি ক’ব পাৰি৷ কিন্তু কেৱল উন্নয়নৰ স্বাৰ্থত ধবংস কৰিবলৈ লোৱাটো কিমান গ্ৰহণযোগ্য৷ আমি প্ৰকৃতিত কোনোধৰণৰ প্ৰভাৱ নপৰাকৈ প্ৰকৃতিৰ দ্বাৰা সৃষ্ট উপাদানসমূ অন্বেষণৰ কোনো বিকল্প পথ বিচাৰিব নোৱাৰোঁ নে?
(লেখকঃ ইউ.ডি)
