ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত উজলিল গোলাঘাটৰ এগৰাকী শিক্ষয়িত্ৰী


সৰুৰে পৰাই নিজ মাতৃয়ে কৰা এম্ব্ৰইডাৰী কৰ্ম দেখি অনুপ্ৰাণিত হোৱা শিক্ষয়িত্ৰী গৰাকীয়ে এক ব্যতিক্ৰমী ধৰণে এম্ব্ৰইডাৰী কৰাৰ মানসেৰে আমপাতত যোগাসনৰ বিভিন্ন আসন ভংগিমা এম্ব্ৰইডাৰী কৰে


গোলাঘাটৰ নতুন আমোলাপট্টিৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা তথা মেলামৰা হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ এক অনন্য প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছে। বৰ্ণালী দত্ত নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে সতেজ আমপাতত যোগাসনৰ বিভিন্ন আসন এম্ব্ৰইডাৰী কৰি অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু বৰ্ণালী দত্তৰ এই প্ৰতিভাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই। সৰুৰে পৰাই নিজ মাতৃয়ে কৰা এম্ব্ৰইডাৰী কৰ্ম দেখি অনুপ্ৰাণিত হোৱা শিক্ষয়িত্ৰী গৰাকীয়ে এক ব্যতিক্ৰমী ধৰণে এম্ব্ৰইডাৰী কৰাৰ মানসেৰে আমপাতত যোগাসনৰ বিভিন্ন আসন ভংগিমা এম্ব্ৰইডাৰী কৰে। স্বামী আৰু দুটি সন্তানেৰে ভৰপূৰ এক সাংসাৰিক জীৱনৰ দায়িত্ব পালন কৰাৰ মাজতো বৰ্ণালী দত্তই এনে বিৰল প্ৰতিভা প্ৰদৰ্শন কৰি এইদৰে স্বীকৃতি লাভ কৰাত তেওঁৰ শিক্ষক স্বামী প্ৰণৱজ্যোতি শইকীয়া আৰু পৰিয়ালৰ লোক যথেষ্ট আনন্দিত আৰু গৌৰৱান্বিত হৈছে।

Post a Comment

Previous Post Next Post