প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ সম্পূৰ্ণ! গোলাঘাটত দিনটোতে ৫০৪২ গৰাকী গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন।

প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ সম্পূৰ্ণ! গোলাঘাটত দিনটোতে ৫০৪২ গৰাকী গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন।
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, গোলাঘাটঃ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক অন্যতম অভিলাষী পদক্ষেপ ‘প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান-এ আজি সফলতাৰে ১০ বছৰ সম্পূৰ্ণ কৰিলে। এই বিশেষ ক্ষণৰ লগত সংগতি ৰাখি গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত দিনটো সমগ্ৰ জিলাখনতে ব্যাপক কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অভিযানৰ অধীনত আজি অনুষ্ঠিত বিশেষ শিবিৰসমূহত গোলাঘাট জিলাৰ প্ৰায় ৫০৪২ গৰাকী গৰ্ভৱতী মহিলাৰ সফল স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়।

উল্লেখ্য যে, এই আঁচনিৰ অধীনত প্ৰতি মাহৰ ৯ তাৰিখে দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকত থকা গৰ্ভৱতী মহিলাসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ সকলো ধৰণৰ গৰ্ভকালীন সেৱা আগবঢ়োৱা হয়। ইয়াৰ ভিতৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা, আল্ট্ৰাছাউণ্ড, তেজ পৰীক্ষা আৰু বিভিন্ন জটিল ৰোগ নিৰ্ণয়কাৰী সেৱাসমূহ অন্যতম। জিলাখনৰ নিৰ্ধাৰিত ২০ টা পি.এম.এস.এম.এ কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা অসামৰিক চিকিৎসালয় আৰু জিলা চিকিৎসালয়কে ধৰি সকলো চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানতে আজিৰ এই বিশেষ দিনটো উলহ-মালহেৰে উদযাপন কৰা হয়।

বিশেষ স্বাস্থ্য পৰামৰ্শ আৰু সজাগতাঃ

আজি অনুষ্ঠিত হোৱা এই বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰসমূহত গৰ্ভৱতী মহিলাসকলক স্বাস্থ্যজনিত বিভিন্ন গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰা হয়। বিশেষকৈ—গৰ্ভাৱস্থাৰ সময়ৰ প্ৰয়োজনীয় পুষ্টি আৰু পৰিয়াল পৰিকল্পনা।গৰ্ভাৱস্থাৰ সময়ত হ’ব পৰা বিপদৰ কাৰক যেনে— উচ্চ ৰক্তচাপ, মধুমেহ ইত্যাদি আৰু ইয়াৰ সঠিক ব্যৱস্থাপনা।ইয়াৰ লগতে জন্ম পৰিকল্পনা প্ৰপত্ৰ পূৰণ, নিয়মীয়া প্ৰসৱপূৰ্ব পৰীক্ষা আৰু নিৰাপদ মাতৃত্ব নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।এই আয়ুষ্মান আৰোগ্য শিবিৰসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত চিকিৎসা বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, নাৰ্ছ, বহুমুখী স্বাস্থ্য কৰ্মী, আশা আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলে সক্ৰিয়ভাৱে জড়িত থাকি সেৱা আগবঢ়ায়।

প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ সম্পূৰ্ণ! গোলাঘাটত দিনটোতে ৫০৪২ গৰাকী গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন।


জিলা পৰ্যায়ৰ মূল কাৰ্যসূচীঃ

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু বিভাগত এক জিলা পৰ্যায়ৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য বিভাগ) জিণ্টু বৰা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰাজীৱ ৰঞ্জন গগৈ, জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ দিলীপ ডেকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ বিষয়াসকলকে আদি কৰি বিভিন্ন পৰ্যায়ৰ স্বাস্থ্য কৰ্মী আৰু অগণন গৰ্ভৱতী মহিলা উপস্থিত থাকে। স্বাস্থ্য বিভাগৰ এই সজাগতামূলক আৰু বিনামূলীয়া চিকিৎসা অভিযানে জিলাখনৰ মাতৃ আৰু নৱজাতকৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ আশাপ্ৰদ সঁহাৰি কঢ়িয়াই আনিছে।

প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰ সম্পূৰ্ণ! গোলাঘাটত দিনটোতে ৫০৪২ গৰাকী গৰ্ভৱতী মহিলাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন।



Post a Comment

Previous Post Next Post