জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ-২০২৬’

জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ-২০২৬’
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদঃ কামৰূপ জিলাৰ শুৱালকুছিৰ নিবাসী তথা ‘দৈনিক জনমভূমি’ কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক কিশোৰ গোস্বামীক এই বৰ্ষৰ সন্মানীয় ‘দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ-২০২৬’ৰ বাবে মনোনীত কৰা হৈছে। সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিয়ে যুটীয়াভাৱে এই কথা ঘোষণা কৰিছে। আজু যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওঝা, সম্পাদক বিজু কুমাৰ তনুৱাল আৰু সাংবাদিক কল্যাণ নিধিৰ সম্পাদক নবজ্যোতি বৰুৱাই এক যৌথ সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

বিজ্ঞপ্তিটোত জনোৱা অনুসৰি, ২০২৩ চনৰ পৰা প্ৰয়াত দেৱকুমাৰ বৰাৰ স্মৃতিত তেওঁৰ পৰিয়ালৰ বিশেষ সহযোগত ৰাজ্যখনৰ ছপা, ইলেক্ট্ৰনিক আৰু স্বতন্ত্ৰ সাংবাদিকসকলক বিভিন্ন বিষয়ৰ গৱেষণা তথা অধ্যয়নৰ বাবে এই ফেল’শ্বিপ প্ৰদান কৰি অহা হৈছে। চলিত বৰ্ষত ৰাজ্যৰ চুকে-কোণে থকা সাংবাদিকসকলৰ পৰা বহুসংখ্যক আবেদন লাভ কৰা হৈছিল। সেই সমূহৰ ভিতৰত কিশোৰ গোস্বামীৰ গৱেষণা প্ৰস্তাৱটো আটাইতকৈ উপযুক্ত আৰু সময়োপযোগী বুলি বিবেচিত হোৱাত তেওঁক এই ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰা হয়।

সাংবাদিক গোস্বামীৰ গৱেষণাৰ মূল বিষয় হৈছে— “অসমৰ টাই ভাষাৰ সংকটাপন্ন মৌখিক সাহিত্যৰ জৰুৰীকালীন ডিজিটেল সংৰক্ষণঃ এক অংশগ্ৰহণমূলক পাইলট প্ৰকল্প”। এই ফেল’শ্বিপৰ অধীনত তেওঁক ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব আৰু অহা ছয় মাহৰ ভিতৰত তেওঁ গৱেষণামূলক প্ৰতিবেদন দাখিল কৰিব লাগিব। অহা ডিচেম্বৰ মাহত যোৰহাটত অনুষ্ঠিত হ’বলগীয়া আজু আৰু সাংবাদিক কল্যাণ নিধিৰ বাৰ্ষিক সাধাৰণ সভাত তেওঁক আনুষ্ঠানিকভাৱে এই সন্মানীয় ফেল’শ্বিপ প্ৰদান কৰা হ’ব।


Post a Comment

Previous Post Next Post