গোলাঘাটত বিশ্ব পৰিৱেশ দিৱস উদযাপন: বিবেকানন্দ কেন্দ্ৰ, চিআৰপিএফ আৰু মানৱ অধিকাৰ ব্যুৰোৰ যৌথ উদ্যোগত বৃহৎ বৃক্ষৰোপণ

গোলাঘাটত বিশ্ব পৰিৱেশ দিৱস উদযাপন: বিবেকানন্দ কেন্দ্ৰ, চিআৰপিএফ আৰু মানৱ অধিকাৰ ব্যুৰোৰ যৌথ উদ্যোগত বৃহৎ বৃক্ষৰোপণ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, গোলাঘাটঃ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী, গোলাঘাট নগৰ শাখাৰ উদ্যোগত এক বৃহৎ বৃক্ষৰোপণ আৰু স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো তথা ১৪২ বেটেলিয়ন চিআৰপিএফৰ সক্ৰিয় সহযোগত এই সমগ্ৰ কাৰ্যসূচী গোলাঘাট পুৰণা আমোলাপট্টি মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অতি সুন্দৰকৈ সম্পন্ন হয়।

আধ্যাত্মিক আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘৩ ঔম কাৰ’ শান্তি পাঠেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সভাত বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী আৰু ১৪২ বেটেলিয়ন চিআৰপিএফৰ চেকেণ্ড-ইন-কমাণ্ডেণ্ট উপেন্দ্ৰ সিঙে পৰিৱেশ সজাগতা আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত অতি সুন্দৰ আৰু তথ্যগধুৰ বক্তব্য দাঙি ধৰে।

কাৰ্যসূচীত গোলাঘাট পৌৰসভাৰ ১৩ নং ৱাৰ্ডৰ কমিছনাৰ ৰশ্মি দাস, পুৰণা আমোলাপট্টি বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, বিদ্যালয়ৰ সমূহ কৰ্মচাৰী, ১৪২ চিআৰপিএফৰ জোৱানসকল, বিবেকানন্দ কেন্দ্ৰ গোলাঘাট নগৰ আৰু বিস্তাৰৰ কাৰ্যকৰ্তাবৃন্দ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সদস্যসকলৰ লগতে স্থানীয় বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। সকলোৰে সহযোগিতাত বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰাৰ লগতে এটা স্বচ্ছতা অভিযান চলোৱা হয়।

অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ ৰংপুৰ বিভাগৰ কাৰ্য পদ্ধতি প্ৰমুখ বাণী শইকীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, "সমাজ আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ এক ডাঙৰ দায়িত্ব আৰু কৰ্তব্য আছে। কেৱল ৫ জুন তাৰিখটোতে নহয়, পৰিৱেশক সদায় সুন্দৰ আৰু স্বচ্ছ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব।" ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ এক অনন্য আহ্বান জনাই কয় যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জন্মদিনত একোটাকৈ গছপুলি ৰোপণ কৰিব লাগে আৰু তাক ডাঙৰ-দীঘল নোহোৱালৈকে লালন-পালন কৰিব লাগে। বৰ্তমান সময়ত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু সুস্থ জীৱন ধাৰণৰ বাবে অনাগত দিনত পৰিৱেশ সুৰক্ষিত কৰাৰ সংকল্প ল’বলৈ তেওঁ আহ্বান জনায়। 

অন্তত শান্তি মন্ত্ৰ উচ্চাৰণেৰে এই সফল কাৰ্যসূচীৰ সামৰণি পৰে।

Post a Comment

Previous Post Next Post