![]() |
| ফটোঃ দিলশিৰি |
প্লাষ্টিকৰ সামগ্ৰীৰ বহুল ব্যৱহাৰে আজি আমাৰ পুৰাতন মৃৎশিল্পলৈ কঢ়িয়াই আনিছে অশনি সংকেত। সাম্প্ৰতিক সময়ত আধুনিক, অতি আধুনিকতাৰ ধ্যান-ধাৰণাই আমাৰ সমাজ ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছে৷ অতীজত বিয়াই-সবাহে, কামে-সকামে বা দৈনন্দিন জীৱন নিৰ্বাহত অপৰিহাৰ্য আছিল মৃৎশিল্প৷ দিন বাগৰিল, মাটিৰ কলহত পানী শোধন কৰি খোৱাৰ দিন উকলিল৷ আধুনিক ফিল্টাৰ, ফ্ৰিজ ওলাল, মাটিৰ পাত্ৰ গুচি ধাতুৰ পাত্ৰ ওলাল৷ প্লাষ্টিক আৱিষ্কাৰৰ লগে লগে ঘৰুৱা দৈনন্দিন কাৰ্যত বহুল ব্যৱহাৰ হৈ অহা কুমাৰ শিল্পৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিলে৷ এনেকৈয়ে মাটিৰ বাচন বনোৱা লোকক যে কুমাৰ বুলি কয়, ল’ৰালি কালত পঢ়াশালিত পঢ়া এই কথাটো বৰ্তমান কাগজতহে অৱশিষ্ট হৈ ৰ’বগৈ৷
''প্লাষ্টিকৰ বহুল ব্যৱহাৰে ধ্বংসৰ মুখলৈ ঠেলি দিছে অসমৰ পুৰাতন মৃৎশিল্প। পৰিৱেশ ৰক্ষা, থলুৱা ঐতিহ্য জীয়াই ৰাখিবলৈ মাটিৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ সময় সমাগত''
মহাপুৰুষ জনাৰ আদৰ্শৰ মাজত স্থান পোৱা নৈ পৰীয়া তথা সাম্প্ৰতিক সমাজত ভেঁটি সুদৃঢ় কৰা এটা সম্প্ৰদায় হ’ল ‘কুমাৰ’৷ বৈষ্ণৱ যুগৰ ইতিহাস চালে দেখা যায় গুৰুজনাই কপিলী পাৰৰ কুমাৰৰ হতুৱাই খোল বনোৱাই তেখেতৰ সৃষ্টিৰাজী সমাজৰ আগত দাঙি ধৰিছিল৷ গুৰুজনাৰ আদৰ্শতে মহীয়ান হৈ আজিৰ সমাজত বিভিন্ন মাংগলিক কাম-কাজ কুমাৰে গঢ়া মাটিৰ সামগ্ৰীৰ দ্বাৰা সমাপন কৰা দেখা যায়৷ যেনে বিয়াৰ পানী তোলা কাৰ্যত ব্যৱহাৰ হোৱা দুণৰি, গোঁসাই ঘৰত আসনৰ আগত জ্বলোৱো বন্তি গছি, বিভিন্ন আধ্যাত্মিক তথা মাংগলিক কাৰ্যত ব্যৱহৃত চাকি, ধূপদানি, মলা, কলহ, আদিৰ উপৰিও ভুৰুকা, ভাবুকী, দিঙৰা, সুতুলি কুমাৰসকলৰ অনবদ্য অৱদান৷ সময়ৰ পাকচক্ৰত তথা আধুনিকতাৰ মেৰপেচত পৰি মাটিৰে তৈয়াৰ কৰা সামগ্ৰী ক্ৰমশঃ কমি আহিবলৈ ধৰিছে৷
অসমৰ কুমাৰসকলক উজনি কুমাৰ আৰু নামনি কুমাৰ নামেৰে দুটা ভাগত জনা যায়৷ নামনিৰ কুমাৰসকলক হীৰা কুমাৰ বুলি কোৱা হয়৷ তেওঁলোকে মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ বাবে ‘চাক’ ব্যৱহাৰ কৰা নাছিল৷ উজনিৰ যোৰহাট আৰু গোলাঘাট জিলাক পৃথক কৰা নৈ কাকডোঙা৷ পূৰ্বৰ নগাপাহাৰৰ পৰা কাকবাঁহৰ মাজেৰে বৈ অহাৰ বাবে নদীখনৰ নাম কাকডোঙা হ’ল বুলি এক প্ৰাচীন প্ৰবচন আছে৷ ইয়াৰ পূৰ্বৰ নাম আছিল দিলশিৰি৷ আহোম ৰাজত্ব কালত এটি প্ৰশাসনীয় অঞ্চল আছিল বছা দৈয়াং৷ এই দিলশিৰিৰ পাৰৰ, বছা দৈয়াঙৰ অন্তৰ্গত এখন গাঁৱৰ নাম বছাকুমাৰ গাঁও৷ আহোম ৰজাই মাটিৰ পাত্ৰ তৈয়াৰৰ নিমিত্তে কেইঘৰমান কুমাৰ মানুহ আনি এই স্থানত থাপিছিল বাবেই কালক্ৰমত ইয়াৰ নাম হ’ল বছা-কুমাৰ গাঁও৷ মাটিৰ বিভিন্ন পাত্ৰ ঘট, মলা, কলহ, টেকেলি, মাটি চাকি, ধূনাবাটি, ধূপদানি আদি তৈয়াৰ কৰিছিল এই লোকসকলে৷ এটা সময়ত এই গাঁওখনৰ বাসিন্দাসকলৰ জীৱন-জীৱিকা বুলিবলৈ চাকখনেই একমাত্ৰ সম্বল আছিল৷ অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ লগতে সমাজত বহুল প্ৰচলিত এই মৃৎ সামগ্ৰীবোৰ তৈয়াৰ কৰাত সমাজখনৰো অভূত উপকাৰ হৈছিল৷ এতিয়া সেই ৰামো নাই অযোধ্যাও নাইৰ দৰে বছা কুমাৰ গাঁৱৰ সেই অতীত ঐতিহ্যক আধুনিক কালে গিলি পেলালে৷ গাঁওখনত বৰ্তমান এই মৃৎ শিল্পটোৰ লগত প্ৰায় ১০-১২ টা মান পৰিয়ালহে জড়িত হৈ আছে৷ অৰ্থনৈতিক দিশৰ পৰা বা ব্যৱাসায়িক ভিত্তিত যদি আমি লক্ষ কৰোঁ এই লোকসকলৰ আৰ্থিক অৱস্থা বৰ টনকিয়াল বুলিব নোৱাৰি৷ সকলো মাটি পাত্ৰৰ বিকল্প সামগ্ৰীৰে বজাৰ ভৰি পৰিল৷ মানুহৰ ঘৰৰ ফুলনিত মাটিৰ টাবৰ সলনি প্লাষ্টিকৰ টাব ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ’ল৷ এনেদৰেই এদিন প্ৰাচীন এই চহকী শিল্পটো সময়ৰ সোঁতত যে হেৰাই যাব সেয়া নিশ্চিত হৈ পৰিছে৷
গাঁওখনৰ এটা মূৰত থকা মাত্ৰ এবিঘাতকৈও কম ভূমিৰ পৰা ‘কুমাৰ মাটি’ সংগ্ৰহ কৰি গাঁওখনৰ প্ৰায় ১০-১২ টা পৰিয়ালে বৰ্তমান মাটিৰ পাত্ৰ তৈয়াৰ কৰি আহিছে৷ উক্ত স্থানৰ পৰা ‘কুমাৰ মাটি’ খন্দাৰ ফলত পুখুৰী সদৃশ হোৱাৰ বাবে বাৰিষাৰ আগতেই যিকেইটা পৰিয়াল এই বৃত্তিৰ লগত জড়িত তেওঁলোকে মাটিখিনি সংগ্ৰহ ৰাখে৷ মাটিৰ পাত্ৰ গঢ়িবলৈ আঠা জাতীয় ক’লা মাটিৰ প্ৰয়োজন হয়৷ বগা আঠা জাতীয় মাটিৰেও এই সামগ্ৰীসমূহ গঢ়িব পাৰে যদিও ক’লা আঠা জাতীয় মাটিক প্ৰাধান্য দিয়া হয় বা অধিক উপযোগী হোৱা বুলি জনা যায়। টেকেলি এটা তৈয়াৰ কৰোঁতে ‘ডিঙি’ সদৃশ অংশটো তৈয়াৰ কৰিবলৈ ‘চাক’ ব্যৱহাৰ কৰা হয়৷ ‘চাক’ সাধাৰণতে পুৰুষসকলে ব্যৱহাৰ কৰিব পাৰে আৰু ‘মলা’ অংশ ‘এঠালি’ নামৰ আন এবিধ সঁজুলিত তৈয়াৰ কৰা হয়৷ মহিলা সকলেও ‘এঠালি’ত পাত্ৰ তৈয়াৰ কৰিব পাৰে বাবে কোনোকোনোৱে এঠালিক ‘মহিলা চাক’ বুলিও কয়৷ কাৰণ এনেদৰেই ‘চাক’ আৰু ‘এঠালি’ত বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰি ‘পেঘাঁলিত’ পুৰি এবিধ মৃৎপাত্ৰ তৈয়াৰ কৰা হয় আৰু এনেদৰেই মৃৎপাত্ৰ তৈয়াৰ কৰিয়েই কুমাৰসকলে জীৱন নিৰ্বাহ কৰি আহিছে৷
আজিকালি প্লাষ্টিক বা অন্যান্য অত্যাধুনিক ধাতুৰে নিৰ্মিত সামগ্ৰীৰ বহুল ব্যৱহাৰে মাটিৰে তৈয়াৰ কৰা পাত্ৰৰ চাহিদা একেবাৰে নাইকীয়া কৰি পেলাইছে৷ যাৰ বাবে আশা কৰা ধৰণে এই বৃত্তিটোৰ পৰা লাভৱান হ’ব পৰা নাই৷ আজিকালি মেচিনৰ দ্বাৰাও মাটিৰ পাত্ৰ তৈয়াৰ কৰা হয়৷ কেইবছৰমানৰ আগলৈকে দশেৰা, দীপাৱলী, কালিপূজা আদিত যথেষ্ট পৰিমাণৰ মাটিৰ চাকি বিক্ৰী হৈছিল৷ কিন্তু আগৰ তুলনাত মাটি চাকিৰ চাহিদা নাইকীয়া হৈ পৰিছে৷ দেশ-বিদেশৰ পৰা অহা বিভিন্ন ধৰণৰ বৈদ্যুতিক লাইটেই হওঁক বা অন্যান্য ধাতুৰে নিৰ্মিত বিভিন্ন ৰঙৰ সামগ্ৰীয়ে থলুৱা এই ঐতিহ্যপূৰ্ণ মাটি চাকিৰ প্ৰয়োজনো একেবাৰে নাইকীয়া কৰি পেলাইছে৷ সম্প্ৰতি ভাদ মাহতেই যথেষ্ট পৰিমাণৰ মাটি চাকি বিক্ৰী হয়৷ গাঁওখনৰ কাষতে থকা ঐতিহাসিক আঠখেলিয়া নামঘৰলৈ এই গাঁওখনৰ পৰা মাহটোত প্ৰায় ৪০-৫০ হাজাৰ মাটি চাকিৰ যোগান ধৰা হয় ৷ তাৰ বাদে বাকী মাহ কেইটাত আশানুৰূপ ধৰণে মাটিৰ চাকি বিক্ৰী নহয় । এনেদৰে দিনকদিনে মৃৎশিল্পৰ চাহিদা কমি গৈ থাকিলে এইসকল মৃৎশিল্পীয়েও যে এদিন বৃত্তিটোৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’ব সেয়া নিশ্চিত৷ এনে হ’লে এদিন অসমীয়া সমাজৰ মৃৎশিল্প নামৰ এই চহকী শিল্পবিধৰ কেৱল নামহে শুনিবলৈ পোৱা যাব৷
বৰ্তমান সময়ত চৰকাৰে প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়াৰ উদ্দেশ্যে সজাগতামূলক অনুষ্ঠান বা সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে৷ প্লাষ্টিকৰ বহুল ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে আৰু মাটিৰ গুণাগুণো নষ্ট কৰে৷ যিহেতু অন্যান সামগ্ৰীৰ দৰে প্লাষ্টিক মাটিৰ লগত বিলীন হৈ পচি নাযায়৷ প্লাষ্টিক ব্যৱহাৰ কেন্সাৰ ৰোগৰো অন্য এক কাৰণ বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানে উনুকিয়াইছে৷ এইক্ষেত্ৰত চৰকাৰে মৃৎশিল্পটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰীভাৱে এক বিশেষ আঁচনি প্ৰস্তুত কৰিলে মৃৎশিল্পীসকলৰ লগতে সমাজৰো অভূত উপকাৰ হ’ব৷ আমাৰ সমাজে প্ৰয়োজন সাপেক্ষে প্লাষ্টিক বা অন্যান্য ধাতুৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰাতকৈ থলুৱা মৃৎপাত্ৰ ব্যৱহাৰ কৰিলে কিছুপৰিমাণে হ’লেও প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়াত সহায়ক হ’ব৷
(লেখকঃ ইউ.ডি )
