বজ্ৰপাতৰ কৰুণ পৰিণতিঃ বোকাখাতত খেতি পথাৰত কাম কৰি থকা অৱস্থাতে বৃদ্ধৰ কৰুণ মৃত্যু

বজ্ৰপাতৰ কৰুণ পৰিণতিঃ বোকাখাতত খেতি পথাৰত কাম কৰি থকা অৱস্থাতে বৃদ্ধৰ কৰুণ মৃত্যু
ফটোঃ দিলশিৰি


ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত লখৌজানত আজি বিয়লি এক অত্যন্ত কৰুণ ঘটনা সংঘটিত হয়। লখৌজানৰ পিতনি পথাৰত কাম কৰি থকা অৱস্থাতে হঠাত্‍ পৰা তীব্ৰ বজ্ৰপাতৰ ফলত এজন বৃদ্ধ লোকে কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয়।

প্ৰাপ্ত বাতৰি অনুসৰি, মৃত ব্যক্তিজনৰ নাম নোমল লইং (৬৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ বোকাখাতৰ ৰজাবাৰী ভকত চাপৰিত। বুধবাৰে বিয়লি প্ৰায় ৪ বজাত লয়িঙে পিতনি পথাৰত কৃষিকৰ্মত ব্যস্ত হৈ থকাৰ সময়তে হঠাতে আকাশ মেঘাচ্ছন্ন হৈ পৰে আৰু বিজুলী-ধেৰেকণিৰ সৈতে প্ৰচণ্ড বজ্ৰপাত হয়। 

দুৰ্ভাগ্যবশতঃ বজ্ৰপাতটো পোনপটীয়াকৈ তেওঁৰ ওপৰত পৰে আৰু থিতাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বৃদ্ধ কৃষকগৰাকীৰ এনে আকস্মিক আৰু শোচনীয় মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বোকাখাত ৰজাবাৰী ভকত চাপৰি তথা লখৌজান অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। 

Post a Comment

Previous Post Next Post