![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, দুলীয়াজানঃ দুলীয়াজানবাসীৰ বাবে সুখবৰ। এক দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। দুলীয়াজানৰ মাধপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা নাহৰকটীয়া–দুলীয়াজান সংযোগী ৰেলৱে উৰণ সেতুখন দেওবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই আধুনিক উৰণ সেতুখন উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে।
৮৩০ মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন প্ৰায় ৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বুলি জনা যায় । এই সেতুখন আজি মুকলি হোৱাত নাহৰকটীয়া, কঠালগুৰি, ম'হমাৰী, দুলীয়াজান আৰু টিংৰাই চাৰিআলিকে ধৰি এক বিস্তৃত অঞ্চলৰ হাজাৰ হাজাৰ লোক পোনপটীয়াকৈ উপকৃত হ’ব। যাতায়াতৰ সময় বহুখিনি হ্ৰাস পাব আৰু অঞ্চলসমূহৰ বাণিজ্যিক আৰু সামাজিক যোগাযোগ ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম আৰু দ্ৰুত হৈ পৰিব।
আজি উৰণ সেতু খনৰ উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপৰিও ৰাজ্যসভাৰ সাংসদ তেৰচ গোৱালা, বিধায়ক চক্ৰ গগৈ আৰু বিধায়ক প্ৰশান্ত ফুকন, প্ৰাক্তন আছু তথা বৰ্তমানৰ বিজেপি যুৱ নেতা শংকৰজ্যোতি বৰুৱাকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
উল্লেখণীয় যে, আজি মুকলি কৰা উৰণ সেতুখনে কেৱল যাতায়াতৰ সুচলতাই নহয় সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। সেতুখনৰ দুয়োকাষে পথচাৰীৰ সুবিধা হোৱাকৈ পদপথৰ ব্যৱস্থা কৰাৰ লগতে সেতুখনৰ কাষৰ দুয়োকাষে ইমূৰৰ পৰা সিমূৰলৈ স্থানীয় চিত্ৰশিল্পীসকলৰ দ্বাৰা অংকন কৰোৱা বিশিষ্ট সাংস্কৃতিক, ঐতিহ্যবহন কৰা মনোমোহা চিত্ৰকলাই এক অনন্য মাত্ৰা প্ৰদান কৰাই নহয় আকৰ্ষণীয় ৰূপ প্ৰদান কৰিছে।
আজি দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত সেতুখন আনুষ্ঠানিকভাৱে মুকলি হোৱাত দুলীয়াজানবাসীৰ মাজত ব্যাপক উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰেল বিভাগ আৰু নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত সংশ্লিষ্ট সকলো পক্ষকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ কৰিব পাৰিছে আদি এই উৰণ সেতুখনৰ মুকলিয়ে অঞ্চলটোৰ অৰ্থনৈতিক আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।
