![]() |
| ফটোঃ মৃণাল শইকীয়া ফেচবুক পেজ |
শেহতীয়াকৈ ভাৰতৰ সাতখন ৰাজ্যৰ জনপ্ৰতিনিধিসকলৰ এক বিশেষ ভ্ৰমণসূচী লৈ উৰিষ্যাৰ ভুৱনেশ্বৰত উপস্থিত হৈছে। উক্ত প্ৰতিনিধিৰ দলটোৰ সৈতে ভূৱনেশ্বৰত উপস্থিত আছে অসমৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। সেই ভ্ৰমণকালতে এক অপ্ৰত্যাশিত ভাৱে সংযোগ হয় ৰহাৰ সেই অসমীয়া অদম্য সাহসী ছোৱালীজনীৰ সৈতে। জনপ্ৰতিনিধিৰ দলটোক কঢ়িয়াই নিয়া ‘আমা বাছ’খন অত্যন্ত নিপুণতাৰে এগৰাকী যুৱতীয়ে চলাই থকা দেখি পৰিচয় হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল বিধায়ক মৃণাল শইকীয়াই। পৰিচয় সোধাতহে ওলাই পৰে যে বাছৰ ষ্টিয়েৰিঙত থকা সাহসী যুৱতীগৰাকী আমাৰ অসমৰে জীয়ৰী পল্লৱী দেউৰী। ইয়াৰ পিছতেই বিধায়কগৰাকী পল্লৱীৰ জীৱন সংগ্ৰাম তথা অসমৰ পৰা গৈ উৰিষ্যাত এইদৰে চালকৰ আসনত বহিবলগা হোৱা আঁৰৰ কথা জানিব বিচাৰিলে।
শেষত বিধায়কগৰাকীয়ে জানিব পাৰিলে যে, ১০ টা বছৰে উৰিষ্যাক নিজৰ কৰ্মভূমি হিচাপে বাচি লৈ জীৱন যুদ্ধ চলাই গৈছে পল্লৱীয়ে। খেলুৱৈ হোৱাৰ তীব্ৰ হাবিয়াস থকা স্বত্বেও পৰিয়ালৰ দায়িত্ব আৰু আৰ্থিক সংকটৰ বাবে তেওঁ বাধ্য হৈছিল এই পথ বাচি ল’বলৈ। কিন্তু ভাগৰি পৰা নপৰি পুৰুষৰ একপ্ৰকাৰ আধিপত্য থকা বাছ চালকৰ বৃত্তিটোক সাহসেৰে আঁকোৱালি লৈছিল আৰু বৰ্তমান তেওঁ উৰিষ্যা চৰকাৰৰ অধীনস্থ ‘আমা বাছ’ (AMABUS) সেৱাৰ এগৰাকী সুদক্ষ চালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
ভূৱনেশ্বৰৰ ৰাজপথত অসম জীয়ৰীৰ এই সাহস আৰু কৰ্মস্পৃহা দেখি অভিভূত হৈ পৰে বিধায়কগৰাকীয়ে। ব্যতিক্ৰমী কামৰ বাবে সদায় পৰিচিত বিধায়কগৰাকীয়ে এনে এক পৰিৱেশৰ সৈতে মুখামুখি হোৱা সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছৰে পৰা বিশেষ চৰ্চা লাভ কৰিছে। ঘৰৰ পৰা আঁতৰি থাকিও অসমৰ জীয়ৰীয়ে যিধৰণে আত্মনিৰ্ভৰশীলতাৰ নতুন নিদৰ্শন দাঙি ধৰিছে, সেয়া কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ নাৰী সমাজৰ বাবে এক ডাঙৰ প্ৰেৰণা বুলি উল্লেখ কৰে বিধায়ক শইকীয়াই।
ইচ্ছা আৰু একাগ্ৰতা থাকিলে যে, কোনো কামেই অসম্ভৱ নহয় তাকেই যেন এবাৰ পুনৰ প্ৰমাণ কৰিলে দৰিদ্ৰতা আৰু প্ৰত্যাহ্বানক নেওচি পল্লৱী দেউৰীয়ে ৰাজপথত চলোৱা এই যাত্ৰাই।

Nice
ReplyDeleteVery good
ReplyDelete