গোলাঘাট ফণীধৰ বৰদলৈ হাইস্কুলত কলাগুৰু আৰু গণকবিলৈ শ্ৰদ্ধাঞ্জলি

গোলাঘাট ফণীধৰ বৰদলৈ হাইস্কুলত কলাগুৰু আৰু গণকবিলৈ শ্ৰদ্ধাঞ্জলি
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস আৰু গণকবি অশোক দাসৰ পঞ্চম মৃত্যু বাৰ্ষিকী পালন কৰা হয়। পুৱা ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। ৰূপজ্যোতি ফুকনে আঁতধৰা সভাত প্ৰদীপ সোনাৰে সভাপতিত্ব কৰে আৰু  বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অনিল বৰাই আৰু গণকবি অশোক দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰদীপ সোনাৰে।

মুকলি সভাত লোকবাদ্যৰ খনিকৰ অনিল বৰাক সম্বৰ্ধনা পত্ৰ, গামোচা -চেলেঙ আদিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি অনিল বৰাই নিজস্ব শৈলীৰে জীৱনৰ অভিজ্ঞতা বৰ্ণনা কৰে। তেখেতৰ নিপুণ হাতত গঢ় লোৱা দোতাৰা,টোকাৰী,ঢোল, পেঁপা, গগণা,খোল,বীণ আদি দেশৰ সীমাৰ পৰিধি ভাঙি আমেৰিকা, জাপান,আৰৱ, চীন, থাইলেণ্ড আদি দেশত সমাদৰ বুটলিবলৈ সক্ষম হোৱা বুলি কৈ অসমৰ শিল্পী সমাজতো তেখেতৰ নিৰ্মিত দোতাৰা লোক শিল্পী ৰামেশ্বৰ পাঠক, ৰুমী শইকীয়া, খগেন মহন্ত, প্ৰভাত শৰ্মা আদিয়ে ব্যৱহাৰ কৰাৰ কথাও দোহাৰে। 

মুকলি সভাতে পদুমী ফুকন স্মৃতি ন্যাসৰ সচিব ৰূপজ্যোতি ফুকনৰ সম্পাদনাত প্ৰকাশিত বিষ্ণুপ্ৰসাদ ৰাভা, গণকবি অশোক দাস আৰু অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ফটো সম্বলিত আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ "বুদ্ধ হ'ল অৱৰুদ্ধ"শীৰ্ষক কবিতাটোৰ একাংশ,গণ কবি অশোক দাসৰ "সূৰ্যমুখী জনপদ"শীৰ্ষক কবিতাটোৰ একাংশৰে শ্ৰদ্ধাৰ্ঘ নামাকৰণৰে এখনি ৰঙীন এককালীন পুস্তিকা উন্মোচন কৰে শিক্ষক ঔপন্যাসিক গল্পকাৰ লোপামুদ্ৰা ভট্টাচাৰ্যই। মুকলি সভাত ছাত্ৰী পৰিণীতা তাঁতিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ "পৰজনমৰ শুভ লগণত শীৰ্ষক কালজয়ী গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। 

সভাত বিভিন্ন গৰাকীয়ে ব্যক্তিগত মন্তব্য আগবঢ়ায় আৰু নৱম শ্ৰেণীৰ ছাত্ৰী বন্দনা বৰাই অশোক দাসৰ"পদাতিক "কবিতাটো আবৃত্তি কৰে।এই সভাত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মা তামুলী আৰু দিপেন বৰতামুলী, শিক্ষক কৰ্মচাৰী সমন্বিতে ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ মাজত পুৰস্কাৰ প্ৰদান কৰে। সভাত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধান শিক্ষক উজ্জ্বল বৰুৱাই।

Post a Comment

Previous Post Next Post