গোলাঘাটত STOP ডায়েৰিয়া কেম্পেইন মুকলি

গোলাঘাটত STOP ডায়েৰিয়া কেম্পেইন মুকলি
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, গোলাঘাটঃ মঙ্গলবাৰে সমগ্ৰ ৰাজ্যৰ লগত গোলাঘাট জিলাতো Stop Diarrhoea Campaign অথবা ডায়েৰীয়া প্ৰতিৰোধ কাৰ্যসূচী আৰম্ভ হয়। এই কাৰ্যসূচী ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক দেশজোৰা পদক্ষেপ যাৰ লক্ষ্য হৈছে পাঁচ বছৰ বয়সৰ তলৰ প্ৰত্যেক শিশুৰ ডায়েৰীয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰা। গোলাঘাটৰ স্বাস্থ্য বিভাগে আজি প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰত  এই কাৰ্যসূচী মুকলি কৰি ৰাইজৰ মাজত ডায়েৰীয়া ৰোগৰ প্ৰতিৰোধৰ বিষয়ে সজাগতা কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচী ৩১ জুলাই, ২০২৬ পৰ্যন্ত চলিব। 

শিশুৰ ডায়েৰীয়া হ'লে অ' আৰ এছৰ মিশ্ৰণ আৰু জিংকৰ বঢ়ি  হৈছে শিশুৰ বাবে প্ৰাথমিক জীৱন ৰক্ষক। গ্ৰীষ্ম আৰু বাৰিষা মাহত চলোৱা এই অভিযানত ডায়েৰীয়া প্ৰতিৰোধ, আগতীয়া চিকিৎসা আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা হৈছে ইয়াৰ মূল উদ্দেশ্য। পৰিষ্কাৰ - পৰিচ্ছন্নতা, বিশুদ্ধ খোৱা পানীৰ সেৱন, হাত ধোৱাৰ অভ্যাস, শৌচালয় ব্যৱহাৰ, পুষ্টিকৰ খাদ্য গ্ৰহণ, শিশুক ৰোটা ভাইৰাছ, সৰু আইৰ প্ৰতিষেধক প্ৰদান আৰু ভিটামিন - এ পৰিপূৰক প্ৰদান আৰু ছমাহলৈ শিশুক কেৱল মাতৃদুগ্ধ সেৱনে ডায়েৰীয়াৰ বিপদৰ পৰা শিশুটিক সুৰক্ষিত কৰি ৰাখে। 

ডায়েৰীয়া প্ৰতিৰোধৰ দিশত গুৰুত্বপূৰ্ণ কথাঃ ORS (Oral Rehydration Solution) আৰু Zincৰ ব্যৱহাৰক প্ৰসাৰিত কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময়, বিশুদ্ধ খোৱাপানী, আৰু হাত ধোৱাৰ সজাগতা বৃদ্ধি কৰা, ডায়েৰিয়া ব্যৱস্থাপনাৰ বাবে স্বাস্থ্য ব্যৱস্থাৰ প্ৰস্তুতি শক্তিশালী কৰা, পাঁচ বছৰৰ তলৰ শিশু থকা ঘৰত ORS আৰু Zinc  বিতৰণ কৰা,  স্বাস্থ্যকেন্দ্ৰ সমূহত ORS-Zinc Corners স্থাপন কৰা, সজাগতা সৃষ্টি আৰু ORS-Zinc বিতৰণৰ বাবে আশা (ASHA Worker) আৰু এ এন এম (ANM) ৰ গৃহ পৰিদৰ্শন, অ’ আৰ এছৰ সঠিক প্ৰস্তুতি আৰু ব্যৱহাৰৰ ওপৰত প্ৰদৰ্শন, শিশুৰ ডায়েৰিয়া হলেও  মাতৃদুগ্ধপান কৰাই থাকিব লাগে ।

উল্লেখ্য যে ডায়েৰীয়া প্ৰতিৰোধৰ কাৰ্যসূচীৰ সময়ত আশা কৰ্মীয়ে ৫ বছৰ বয়স পৰ্যন্ত শিশু থকা প্ৰত্যেক ঘৰ পৰিদৰ্শন কৰি অ' আৰ এছ পেকেট বিলাব আৰু সজাগতা সৃষ্টি কৰিব।

Post a Comment

Previous Post Next Post