টীয়ক ই-মিডিয়া ফ'ৰামৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন, বিধায়ক বিকাশ শইকীয়াৰ অংশগ্ৰহণ

টীয়ক ই-মিডিয়া ফ'ৰামৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন, বিধায়ক বিকাশ শইকীয়াৰ অংশগ্ৰহণ
ফটোঃনিজা সংবাদদাতা


ডিজিটেল সংবাদ, টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ এক সক্ৰিয় মঞ্চ টীয়ক ই-মিডিয়া ফ'ৰামৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বিভিন্ন গাম্ভীৰ্যপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হৈ যায়। সাংবাদিকতা, সমাজসেৱা, শিক্ষা আৰু সাংস্কৃতিক চেতনাৰ এক সুন্দৰ সমন্বয় ঘটাই আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি, সমাজসেৱী, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, সাংবাদিক আৰু সচেতন নাগৰিকে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ অংশস্বৰূপে পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে সামগ্ৰিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন কলিতাই স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰি সাংবাদিকতা জগতলৈ অৱদান আগবঢ়োৱা অঞ্চলটোৰ প্ৰয়াত ব্যক্তিসকলক স্মৰণ কৰি প্ৰতিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰতিষ্ঠা দিৱস অন্যতম কাৰ্যসূচী হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শিশু আৰু কিশোৰ-কিশোৰীসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে। প্ৰতিযোগিতাখনত অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ শিল্প প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ মূল সভা অনুষ্ঠিত হয়। “নিৰপেক্ষ সাংবাদিকতাৰো এটা পক্ষ থাকে—জনতাৰ সাপেক্ষে” শীৰ্ষক বিষয়ত মুখ্য অতিথি হিচাপে উপস্থিত থকা আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্যমণ্ডিত বৰুৱাই এক গভীৰ তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। তেখেতে কয় যে সাংবাদিকতাৰ মূল উদ্দেশ্য হৈছে সত্যক উদঘাটন কৰা আৰু জনসাধাৰণৰ কণ্ঠস্বৰ সমাজৰ আগত তুলি ধৰা। নিৰপেক্ষতা মানে কোনো পক্ষৰ অন্ধ সমৰ্থন নহয়, বৰঞ্চ জনস্বাৰ্থক সৰ্বাধিক গুৰুত্ব দিয়া।

আনহাতে, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি একালৰ সাংবাদিক শান্তনু পূজাৰীয়ে “সাংবাদিকৰ বৃত্তিগত উপাৰ্জন, স্বাধীনতা আৰু সন্মুখৰ প্ৰত্যাহ্বান” বিষয়ত নিজৰ অভিজ্ঞতাৰেপৃষ্ট সাৱলীল বক্তব্য আগবঢ়ায়। লগতে বৰ্তমান সময়ত সাংবাদিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা, পেছাগত অনিশ্চয়তা, ডিজিটেল যুগৰ প্ৰতিযোগিতা আৰু সাংবাদিকতাৰ স্বাধীনতা ৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি যোৰহাট কেন্দ্ৰীয় এৰি-মুগা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড° কাৰ্তিক নেওঁগে সাংবাদিকতা আৰু সমাজৰ মাজৰ সম্পৰ্কৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰি গণমাধ্যমৰ গঠনমূলক ভূমিকাৰ শলাগ লয়। 

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংবাদিকসকলৰ পুত্ৰ-কন্যাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। শিক্ষা, ক্ৰীড়া, সংস্কৃতি, বিজ্ঞান, সাহিত্য আদি বিভিন্ন ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰি পৰিয়াল তথা অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা এই ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই টীয়ক ই-মিডিয়া ফ'ৰামে উদগণি জনায়। সাংবাদিকসকলৰ জীৱন অত্যন্ত ব্যস্ততাপূৰ্ণ আৰু দায়িত্ববহুল। জনসাধাৰণক সঠিক তথ্য প্ৰদানৰ স্বাৰ্থত তেওঁলোকে বহু সময়ত পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়। এনে পৰিস্থিতিতো সাংবাদিক পৰিয়ালৰ সন্তানসকলে বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষতা প্ৰদৰ্শন কৰি সমাজত নিজৰ বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই সফলতাক স্বীকৃতি জনোৱাৰ লগতে তেওঁলোকক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক দিনত আৰু অধিক সফলতা লাভৰ শুভেচ্ছা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত টীয়ক সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক বিকাশ শইকীয়াও বিশেষভাৱে উপস্থিত থাকে। টীয়ক ই-মিডিয়া ফ'ৰামৰ তৰফৰ পৰা তেখেতক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয়। বিধায়কগৰাকীয়ে নিজৰ বক্তব্যত টীয়ক ই-মিডিয়া ফ'ৰামৰ সমাজমুখী পদক্ষেপসমূহৰ শলাগ লৈ ভৱিষ্যতেও সাংবাদিকতা আৰু সমাজ উন্নয়নৰ ক্ষেত্ৰত ফ'ৰামটোৱে গঠনমূলক ভূমিকা পালন কৰি যাব বুলি আশা ব্যক্ত কৰে।  টীয়ক অঞ্চলত সাংবাদিকতাৰ ইতিবাচক ধাৰাক অধিক শক্তিশালী কৰি সমাজৰ কল্যাণৰ স্বাৰ্থত কাম কৰি যোৱাৰ দৃঢ় সংকল্পৰে অনুষ্ঠানৰ সামৰণি পৰে।

Post a Comment

Previous Post Next Post