![]() |
| ফটোঃ ইণ্টাৰনেট (সম্পাদিত) |
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে আটাইতকৈ ডাঙৰ আৰু গৌৰৱৰ খবৰ। এসময়ত চোৰাং চিকাৰৰ খবৰে সংবাদ শিৰোনাম দখল কৰা মানস ৰাষ্ট্ৰীয় উদ্যানত এতিয়া "শূন্য চোৰাং চিকাৰ"। কেৱল মানসতেই নহয়, সমগ্ৰ অসম জুৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অন্যান্য বনাঞ্চলসমূহতো সামগ্ৰিকভাৱে গঁড় চিকাৰৰ সংখ্যা অভূতপূৰ্বভাৱে হ্ৰাস পাইছে।
অসম চৰকাৰ আৰু বন বিভাগৰ কঠোৰ স্থিতিৰ বাবে বিগত বৰ্ষসমূহত গঁড় চিকাৰৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। বিগত বৰ্ষসমূহৰ কিছু তথ্য যদি আমি চাবলৈ যাও ২০১৩ৰ পৰা ২০১৪ চনৰ ভিতৰত প্ৰতি বছৰে প্ৰায় ২৭ টাকৈ গঁড় চোৰাং চিকাৰীৰ বলি হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০২১ চনত সমগ্ৰ অসমত কেৱল এটা গঁড় চিকাৰ হৈছিল। ২০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ অসমত ২০২২ চনত গঁড় চিকাৰৰ সংখ্যা ‘শূন্য’ লৈ অৱনমিত হৈছিল। ইয়াৰ পিছৰে পৰা অৰ্থাত ২০২৫-২০২৬ বৰ্ষত সমগ্ৰ অসম জুৰি সংৰক্ষণ ব্যৱস্থা ইমানেই কটকটীয়া কৰা হৈছিল যে ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহত গঁড় আৰু বাঘ চিকাৰৰ ঘটনা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহিছে।
বিশেষকৈ ২০২১ চনত গঠন হোৱা বিশেষ টাস্ক ফ’ৰ্চৰ বাবেই এইয়া সম্ভৱ হৈ উঠা বুলি ক’ব পাৰি। কিয়নো এই ফ’ৰ্চৰ নেতৃত্বত আছে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া। যাৰ ফলত আৰক্ষী আৰু বন বিভাগৰ মাজত ক্ষিপ্ৰ সমন্বয় ৰক্ষা কৰাত বিশেষভাৱে সহায়ক হয়। ইয়াৰ সমান্তৰালভাৱে আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা যেনে ড্ৰোন আৰু ২৪ ঘণ্টীয়া ছেটেলাইট নজৰদাৰীৰ ব্যৱহাৰো এই সফলতাৰ অন্যতম। ইয়াৰোপৰি অসম আৰক্ষী আৰু বন বিভাগৰ যৌথ উদ্যোগত চলি থকা ‘অপাৰেচন ফাল্কন’। নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আধুনিক মাৰণাস্ত্ৰৰে সজ্জিত বিশেষ সুৰক্ষা বাহিনী তথা কমাণ্ডো নিয়োগ কৰি নিৰন্তৰ তহলদাৰী ব্যৱস্থাই এই ইতিবাচক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখণীয় যে, পূৰ্বৰ থলুৱা থ্ৰী-নট-থ্ৰী ৰাইফেলৰ পৰিৱৰ্তে বনৰক্ষী আৰু কমাণ্ডো বাহিনীক AK-47 ৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ প্ৰদান কৰাত এইক্ষেত্ৰত অধিক নিৰাপত্তাৰ দিশত অমূল পৰিৱৰ্তন হোৱাৰ লগতে চোৰাং চিকাৰীৰ সৈতে সৈতে মোকাবিলা কৰিবলৈ বৰ্তমান সম্পূৰ্ণ সক্ষম।
মঙ্গলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ এই ঐতিহাসিক সফলতাৰ কথা সদৰী কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনত একেলেঠাৰিয়ে বিগত ৩টা বৰ্ষত গঁড় আৰু বাঘৰ চোৰাং চিকাৰ সম্পূৰ্ণ শূন্য। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যম ফেচবুকত উল্লেখ কৰি কয় যে, অসমৰ বনাঞ্চলত যিসমূহ বন্যপ্ৰাণীয়ে বহু বছৰ ধৰি চোৰাং চিকাৰৰ ভাবুকিৰ সন্মুখীন হৈ আহিছিল, আজিৰ তাৰিখত সেই চিকাৰ প্রতিৰোধ কৰাত পৰিলক্ষিত সফলতাই নতুন নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এয়া সাধাৰণ কথা নহয়। আমাৰ বন বিভাগৰ বিষয়া-কর্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে আজি মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় ৩৮,০০০ কিল'মিটাৰ এলেকা টহল দিয়া হয়। এই কঠোৰ প্ৰচেষ্টা, আধুনিক নজৰদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানাহক বন্যপ্ৰাণী সংৰক্ষণৰ এক অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে। তিনি বছৰ ধৰি গঁড় আৰু বাঘ চিকাৰৰ শূন্য ঘটনা কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক আদৰ্শ আৰু গৌৰৱৰ বিষয়। প্ৰকৃতি, জৈৱ-বৈচিত্ৰ্য আৰু আমাৰ মূল্যবান বন্যপ্ৰাণী সম্পদ সংৰক্ষণৰ এই যাত্ৰা আগলৈও অব্যাহত থাকিব।
এটা কথা উল্লেখ কৰিব লাগিব যে, মানস ৰাষ্ট্ৰীয় উদ্যানৰ সফলতাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল দাঁতিকাষৰীয় ৰাইজৰ মানসিকতাৰ পৰিৱৰ্তন। ‘মানস মাওজিগেণ্ড্ৰি ইকো-ট্যুৰিজম চচাইটি’ (MMES) ৰ দৰে স্থানীয় সংগঠনৰ সহযোগত ১০০ ৰো অধিক প্ৰাক্তন হাৰ্ডকোৰ চোৰাং চিকাৰীক মূল সুঁতিলৈ ঘূৰাই অনা হৈছে। ইয়াৰ পিছৰে পৰা উদ্যানখনত চোৰাং চিকাৰৰ দৰে দুষ্কাৰ্ষ হ্ৰাস পালে আৰু আজি ইতিবাসক সফলতা আমি সকলোৱে দেখিছো। বিগত তিনিটা বছৰত এটাও গঁড় বা বাঘ চোৰাং চিকাৰীৰ কৱলত কৰি হানি হোৱা নাই। আশা কৰি এই ধাৰা অব্যাহত থাকিব।

Nice
ReplyDeleteNice 👍
ReplyDelete