
Photo: Internet
গৰুখুটিৰ জীৱন____
ৰূপজ্যোতি ফুকন
শতৰুক লাই নিদিবি
পিৰিয়ে পিৰিয়ে চলি অহা কথা
হাক-বচন নুশুনিলো
খাল খান্দি ঘৰি়ঁয়াল চপাই
নিজেই বদন হলো,
ৰাজ আলি বান্ধোতে
আঞ্জাখন জিভাত লাগিবলৈ
দুপুৰা দহবিঘাৰ আঠুৱনি বোকাত
শ্ৰমৰ মিছিল আকিঁবলৈ
তোৰ দকৰা কলিজাত কপাল ফুটাই
লিখি দিলোঁ
পমুৱা
পাঁচ বছৰীয়া চাপবোৰটো
গোন্ধ তেল ঘঁহি
আমি সকলো হলো অসমীয়া খিলঞ্জীয়া