চৰাইদেউত আৰক্ষীৰ বৃহৎ সফলতা, বলেৰ’ গাড়ীসহ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ, আটক দুই সৰবৰাহকাৰী

চৰাইদেউত আৰক্ষীৰ বৃহৎ সফলতা, বলেৰ’ গাড়ীসহ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ, আটক দুই সৰবৰাহকাৰী
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, সোণাৰিঃ ড্ৰাগছৰ বিৰুদ্ধে চৰাইদেউ জিলা আৰক্ষীয়ে চলোৱা তীব্ৰ অভিযানত বৃহস্পতিবাৰে পুনৰ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ নিমনাগড়ত আৰক্ষীৰ এটা দলে চলোৱা এক অতৰ্কিত অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত দুজন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন চুবুৰীয়া শিৱসাগৰ জিলাৰ বিহুবৰৰ ৰমজান ইছলাম আৰু ৰবীন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি চৰাইদেউ আৰক্ষীৰ দলটোৱে নিমনাগড়ত খাপ পিটি আছিল। সেই সময়তে অহা এখন AS-04-AE-3929 নম্বৰৰ বগা ৰঙৰ ‘বলেৰ’' (Bolero) বাহন ৰখাই আৰক্ষীয়ে তালাচী চলায়। তালাচী কালত বাহনখনৰ পৰা ৬ টাকৈ চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত নিষিদ্ধ ড্ৰাগছখিনি উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, জব্দকৃত ড্ৰাগছখিনি মাৰাত্মক হেৰ’ইন বুলি সন্দেহ কৰা হৈছে। এই ড্ৰাগছখিনিৰ ওজন পাত্ৰৰ সৈতে প্ৰায় ২৪০ গ্ৰাম আৰু পাত্ৰ অবিহনে কেৱল ড্ৰাগছখিনিৰ ওজন প্ৰায় ৭৫ গ্ৰাম হ’ব বুলি জোখ-মাখৰ অন্তত জানিব পৰা গৈছে।



ইতিমধ্যে আৰক্ষীয়ে বলেৰ’ গাড়ীখন আৰু নিষিদ্ধ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আটকাধীন দুই সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post