নগাঁৱৰ ধিং ৰোডত পুৱাই চাঞ্চল্যকৰ ঘটনা!

নগাঁৱৰ ধিং ৰোডত পুৱাই চাঞ্চল্যকৰ ঘটনা!
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ ধিং ৰোডত শুক্ৰবাৰে পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পুৱা স্থানীয় ৰাইজে পথৰ কাষত মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীক অৱগত কৰে।  অতিৰিক্ত সুৰা সেৱন কৰাৰ ফলতেই সম্ভৱতঃ লোকজনৰ মৃত্যু ঘটিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।  অৱশ্যে এতিয়ালৈকে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ঘটনাৰ খবৰ পোৱাৰ পিছতে হয়বৰগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। 

বৰ্তমানলৈকে মৃত ব্যক্তিগৰাকীৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । আৰক্ষীৰ বিভাগীয় সূত্ৰই জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ প্ৰতিবেদন অহাৰ পিছতহে ঘটনাৰ প্ৰকৃত তথ্য আৰু মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

Post a Comment

Previous Post Next Post