চৰকাৰলৈ বাট নাচাই নিজৰ দৰমহাৰ ধনেৰে শ্ৰেণীকোঠা সাজিলে দেৰগাঁৱৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে

চৰকাৰলৈ বাট নাচাই নিজৰ দৰমহাৰ ধনেৰে শ্ৰেণীকোঠা সাজিলে দেৰগাঁৱৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে
ফটোঃ দেৰগাঁও নিজা প্ৰতিবেদক


ডিজিটেল সংবাদ, দেৰগাঁওঃ চৰকাৰী পুঁজি বা ফাইলৰ মেৰপেচৰ বাবে অপেক্ষা নকৰি শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক অনন্য তথা প্ৰশংসনীয় নিদৰ্শন দাঙি ধৰিছে দেৰগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। দেৰগাঁৱৰ নেঘেৰিটিং বালিবাটৰ বুধুৱা নায়ক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মহলে একত্ৰিত হৈ নিজৰ মাহেকীয়া বেতনৰ ধনেৰে বিদ্যালয়খনত এটা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰি উলিয়াইছে। মঙ্গলবাৰে এই নৱ-নিৰ্মিত শ্ৰেণীকোঠাটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিদ্যালয়খনত জৰুৰীভাৱে এটা অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন হৈছিল। কিন্তু চৰকাৰী নিয়মীয়া প্ৰক্ৰিয়া তথা ফাইলৰ মেৰপেচৰ মাজেৰে পুঁজি মঞ্জুৰ হৈ শ্ৰেণীকোঠাটো নিৰ্মাণ হ'বলৈ বহু সময়ৰ প্ৰয়োজন হ'লহেঁতেন। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছিল। শিক্ষাৰ্থীৰ এই বিদ্যায়তনিক ক্ষতিৰ কথা চিন্তা কৰিয়েই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে চৰকাৰলৈ বাট নাচাই এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰে।
বিদ্যালয়খনৰ আটাইকেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে একত্ৰিত হৈ নিজৰ মাহেকীয়া দৰমহাৰ এটা অংশ বৰঙণি হিচাপে আগবঢ়ায় আৰু ক্ষিপ্ৰতাৰে শ্ৰেণীকোঠাটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলে। মঙ্গলবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই নৱ-নিৰ্মিত শ্ৰেণীকোঠাটো আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে দেৰগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO) গৰাকীয়ে। শিক্ষক সমাজৰ এনে মহানুভৱতা আৰু কৰ্তব্যপৰায়ণতাক শিক্ষা বিষয়াগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে। চৰকাৰী ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি ছাত্ৰ-ছাত্ৰীৰ হিতৰ্থে বুধুৱা নায়ক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মহলে গ্ৰহণ কৰা এই আদৰ্শমূলক কাৰ্যই এতিয়া সমগ্ৰ দেৰগাঁও অঞ্চলৰে সচেতন মহলৰ মাজত ব্যাপক চৰ্চা আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

Post a Comment

Previous Post Next Post