![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল ক্ৰীড়া ডেস্কঃ অসমৰ জলক্ৰীড়া তথা ডাইভিং ইতিহাসলৈ আহিছে এক অভূতপূৰ্ব সুখবৰ। ৰাজ্যৰ উদীয়মান ডাইভাৰ ৰূপম গগৈয়ে আগন্তুক থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এছিয়ান এইজ গ্ৰুপ ডাইভিং চেম্পিয়নশ্বিপ-ৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
গোলাঘাট জিলাৰ কমাৰবন্ধাৰ মাউত গাঁৱৰ নিবাসী যাদৱ গগৈ আৰু ধৰিত্ৰী গগৈৰ সুপুত্ৰ ৰূপম গগৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি এই যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, গুজৰাটৰ আহমেদাবাদৰ বীৰ সাৱৰকাৰ ক্ৰীড়া প্ৰকল্পত এই প্ৰতিযোগিতাৰ বাবে এক ৰাষ্ট্ৰীয় বাছনি ট্ৰায়েলৰ আয়োজন কৰা হৈছিল।
উক্ত ট্ৰায়েলত ৰূপমে ধাৰাবাহিকভাৱে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে। খেলুৱৈগৰাকীয়ে যোৱা ১৭ জুনত অনুষ্ঠিত ১০ মিটাৰ ছিংক্ৰ'নাইজড ডাইভিং (10m Synchronized Diving) ইভেণ্টত প্ৰথম স্থান দখল কৰাৰ পিছত, আজি ১৮ জুনত ১ মিটাৰ স্প্ৰিংব'ৰ্ড (1m Springboard) ইভেণ্টতো শীৰ্ষ স্থান দখল কৰি ভাৰতীয় দলত নিজৰ স্থান সুনিশ্চিত কৰে।
বৰ্তমান পুনেৰ আৰ্মি স্পৰ্টছ ইনষ্টিটিউটৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ৰূপম গগৈৰ এই ঐতিহাসিক সফলতাত অসম সাঁতোৰ সংস্থাই গভীৰ সন্তোষ প্ৰকাশ কৰিছে। সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে উদীয়মান খেলুৱৈগৰাকীক উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা আজুৰি আনিবলৈ শুভেচ্ছা জ্ঞাপন কৰে।
থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এই মহাদেশীয় প্ৰতিযোগিতাত এছিয়াৰ বিভিন্ন দেশৰ শ্ৰেষ্ঠ ডাইভাৰসকলে অংশগ্ৰহণ কৰিব। তেনে এক মৰ্যাদাপূৰ্ণ মঞ্চত অসমৰ পুত্ৰই দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাটো ৰাজ্যখনৰ ক্ৰীড়া মহলৰ বাবে এক অন্যতম ডাঙৰ প্ৰেৰণা হিচাপে বিবেচিত হৈছে। ৰূপমৰ এই সাম্প্ৰতিক ফৰ্মে এতিয়া অসম তথা ভাৰতীয় ডাইভিং মহলত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

Good 👍
ReplyDelete