![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, সোণাৰিঃ পুনৰ বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপনলৈ যোৱা এজন অসমীয়াৰ মৃত্যু। ৰাজ্যত নিয়োজনৰ অভাৱ আৰু দৰিদ্ৰতাৰ বাবে পুনৰ এজন অসমীয়া যুৱকে বহিঃৰাজ্যত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই সোণাৰিৰ বৰহ গাঁৱত শোকৰ বন্যা বৈছে।
চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ বৰহ গাঁৱৰ কৃষ্ণ গগৈ নামৰ প্ৰায় ৪০ বছৰীয়া এজন যুৱকে পেটৰ তাড়ণাত বহিঃৰাজ্যলৈ ঢাপলি মেলি পুনৰ ঘূৰি নাহিল সুশৰীৰে। আন চাৰি বন্ধুৰ সৈতে উৰিষ্যালৈ কৰ্মৰ সন্ধানত যাত্ৰা কৰিছিল কৃষ্ণ গগৈ নামৰ ব্যক্তিজনে। কিন্তু দুৰ্ভাগ্যবশতঃ কৰ্মস্থানত গৈ পোৱাৰ পূৰ্বেই যুৱকজনৰ মৃত্যুৰ খবৰ আহে।
জানিব পৰা মতে, অত্যন্ত দৰিদ্ৰ পৰিয়ালটোৰ পোহপাল দিয়াৰ স্বাৰ্থতেই কৃষ্ণ গগৈ নামৰ ব্যক্তিজন উৰিষ্যালৈ ঢাপলি মেলিছিল। কিন্তু বৃহস্পতিবাৰে পুৱাই তেওঁৰ সৈতে যোৱা চাৰিজন বন্ধুৱে ফোনযোগে দুৰ্ভগীয়া পৰিয়ালটোক অৱগত কৰে যে, কৃষ্ণ গগৈৰ মৃত্যুৰ হৈছে। এই মৰ্মান্তিক খবৰ লাভ কৰাৰ পিছতেই যেন সৰগ ভাগি পৰিল দুৰ্ভগীয়া পৰিয়ালটোৰ মুৰত।
উল্লেখ্য যে, কৰ্মস্থান পোৱাৰ আগতেই কি পৰিস্থিতিত যুৱকজনৰ মৃত্যু হ’ল, তাক লৈ বৰ্তমানো সঠিক তথ্য লাভ কৰা হোৱা নাই। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। নিজ ৰাজ্যতে সংস্থাপনহীনতাৰ বলি হৈ এইদৰে এজনৰ পিছত আন এজন অসমীয়া যুৱকে বহিঃৰাজ্যত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই সমগ্ৰ এতিয়া সমগ্ৰ সোণাৰি আৰু বৰহ গাঁৱতে গভীৰ শোকৰ ছাঁ পেলাইছে।
