![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, গোলাঘাটঃ বুধবাৰে গোলাঘাট জোনাকীনগৰস্থিত অসম গেছ কোম্পানীৰ, গোলাঘাট জিলা কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাধিক দল-সংগঠনে। অসম জাতীয়তাবাদী যুৱ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমীয়া যুৱ মঞ্চ, টাই আহোম যুৱ পৰিষদৰ, গোলাঘাট জিলা সমিতিয়ে কাৰ্যালয় ঘেৰাও কৰি মুখ্য দ্বাৰত তলা ওলোমাই দিয়ে। সংগঠন কেইটাৰ অভিযোগ অনুসৰি যোৱা এবছৰ ধৰি সম্পন্ন হোৱা নাই নিবিদাৰ আবন্টন নাই। ইয়াৰবিপৰীতে অসমীয়া খিলঞ্জীয়া যুৱকক কেৱল প্ৰতাৰণা কৰি আহিছে কোম্পানীটোৱে। যাৰ বাবে আজি কাৰ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়।
সংগঠনকেইটাই অভিযোগ কৰি কয় যে , উজনি অসমৰ বিভিন্ন জিলাৰ লগতে গোলাঘাটৰো চাৰিজন থলুৱা অসমীয়া নিবনুৱা যুৱকক চৰম প্ৰতাৰণা কৰিছে। প্ৰতিবাদকাৰীসকলৰ স্পষ্ট দাবী— শীঘ্ৰে নিবিদাৰ আবন্টন দিব লাগিব। আনহাতে, অকল নিবিদাই নহয়, গোলাঘাট নগৰত প্ৰাকৃতিক পাইপ লাইন গেছ সংযোগ দিয়াৰ নামতো চলিছে চৰম বেমেজালি! বহু গ্ৰাহকে আজিলৈকে গেছ সংযোগ পোৱা নাই। যাৰ বিৰুদ্ধে আজি বিভিন্ন দল-সংগঠনে একত্ৰিত হৈ অসম গেছ কোম্পানী কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে, গোলাঘাট নগৰত অসম গেছ কোম্পানীয়ে গেছ সংযোগ ২০০৫ চনতে দিব বুলি সেই সময়ৰ চৰকাৰে ঘোষণা কৰিছিল। বিগত ২১ বছৰ ধৰি নগৰবাসীয়ে PNG গেছ সংযোগৰ পৰা বঞ্চিত হৈ আহিছে। নগৰখনৰ কিছু কিছু অঞ্চল গেছ পাইপ লাইনৰ কাম সম্পূৰ্ণ হৈছিল যদিও অধিকাংশ কাম এতিয়াও বাকী আছে। ইয়াৰ মাজতে নিৰ্বাচনৰ দোহাই দি গোলাঘাটৰ পৌৰসভাই গোলাঘাট নগৰত প্ৰাকৃতিক পাইপ গেছ সংযোগ দিবলৈ বন্ধ কৰি ৰাখিছিল । কিন্তু পৰিতাপৰ কথা এইয়ে যে, আজি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে নতুন চৰকাৰে শপতগ্ৰহণ কৰাৰ পিছতো গোলাঘাট নগৰত অসম গেছ কোম্পানীয়ে গেছৰ পাইপ লাইন সংযোগ দিয়া নাই।
![]() |
| অসম গেছ কোম্পানীলৈ দিয়া পৌৰসভাৰ পত্ৰ |
এতিয়া প্ৰশ্ন উত্থাপন হৈছে, PNG গেছ সংযোগৰ পৰা গোলাঘাট নগৰবাসীয়ে কিমান দিনলৈ বঞ্চিত হৈ ৰব লাগিব। লগতে আমাৰ থলুৱা নিবনুৱা যুৱকসকলক নিজৰ ৰাজ্যতে এনেদৰে প্ৰতাৰণা কৰা কাৰ্য কেতিয়ালৈ চলিব।
আপোনাৰ অঞ্চলটো পাইপ লাইন গেছ সংযোগক লৈ এনেকুৱা বেমেজালি হৈছে নেকি? কমেন্টত জনাওক আৰু পোষ্টটো শ্বেয়াৰ কৰক।

