নগাঁৱত আৰক্ষীৰ বৃহৎ সফলতাঃ বৰঘাটত কেইবাকোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

নগাঁৱত আৰক্ষীৰ বৃহৎ সফলতাঃ বৰঘাটত কেইবাকোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে লাভ কৰিছে এক বৃহৎ সফলতা। নগাঁৱৰ বৰঘাট বাইপাছত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে কেইবাকোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ’ইন । 

ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ ঘটনাৰে জড়িত তিনিজনক আৰক্ষীয়ে থিতাতে আটক কৰি গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বৰঘাট অঞ্চলত শিলচৰৰ পৰা নগাঁৱৰ জূৰীয়া অভিমুখী আহি থকা এখন বাহনত তালাচী চলাই উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছখিনি। বাহনখনৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছ ভৰ্তি ৬৮ টাকৈ চাবোনৰ বাকচ। জব্দকৃত এই ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবাকোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

উক্ত ঘটনাৰ সৈতে জড়িত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে ইনামূল হক, ইলিয়াছ আহমেদ আৰু নজমূল ইছলাম। শেহতীয়াকৈ তিনিজনক আটক কৰি আৰক্ষীয়ে চলোৱা প্ৰাথমিক তদন্তত  এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি শিলচৰৰ পৰা নগাঁৱৰ জুৰীয়ালৈ বুলি আনি আছিল। সমগ্ৰ চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে ধৃত তিনিওটাকে তীব্ৰ জেৰা অব্যাহত ৰাখিছে। 

আৰক্ষীৰ এই সফলতাক এতিয়া নগাঁৱৰ সচেতন ৰাইজে প্ৰশংসা কৰিছে যদিও নগাঁৱত বৃদ্ধি পোৱা এই ড্ৰাগছ সৰবৰাহে চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক। ধাৰাবাহিকভাৱে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলাৰ সমান্তৰালভাৱে আন একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে জিলাখনত ড্ৰাগছৰ সৰবৰাহ। দৈনিক এনেদৰে ড্ৰাগছ উদ্ধাৰৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক আটক হৈ থকা ঘটনাই জিলাখনৰ সচেতন নাগৰিকক হতচকিত কৰি তুলিছে। 

Post a Comment

Previous Post Next Post