![]() |
| ফটোঃ দিলশিৰি |
ডিজিটেল ডেস্কঃ কাজিৰঙাৰ ইংলে পথাৰৰ সমগ্ৰ বিষয় সন্দৰ্ভত এইবাৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে চাহ জনগোষ্ঠী কল্যাণ সমিতিৰ সভাপতি চম্ভু তাঁতীয়ে। কৃষিভূমি অধিগ্ৰহণ আৰু তাৰ বিপৰীতে স্থানীয় ৰাইজে ভূমি অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰায় চাৰিবছৰ যোৰা এক আন্দোলন চলি আহিছে। অঞ্চলটোক লৈ চৰকাৰী পক্ষ আৰু স্থানীয় আদিবাসী তথা কৃষক সমাজৰ মাজত চলি আহিছে সংঘাত।
সংঘাত মূল কাৰণ হৈছে পঞ্চ তাৰকা হোটেল প্ৰকল্প। অসম চৰকাৰে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্বমানৰ কৰিবলৈ কাজিৰঙাৰ দাঁতীকাষৰীয়া হাতীখুলি আৰু ইংলে পথাৰ অঞ্চলত বিলাসী পঞ্চ তাৰকা হোটেল বা ৰিজৰ্ট নিৰ্মাণৰ বাবে এক বৃহৎ প্ৰকল্প হাতত লৈছে। ইয়াৰ বাবে ইংলে পথাৰ অঞ্চলৰ প্ৰায় ৬০ বিঘা কৃষিভূমি অধিগ্ৰহণ কৰাৰ প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছে। ইয়াৰ পিছতেই চৰকাৰী পক্ষ আৰু স্থানীয় খিলঞ্জীয়াৰ মাজত এক সংঘাত সৃষ্টি হৈ আহিছে।
উল্লেখ্য যে, হাতীখুলি-ইংলে পথাৰ অঞ্চলত বছৰ বছৰ ধৰি থলুৱা আদিবাসী লোকসকলে কৃষি কাৰ্যৰে জীৱন-জীৱিকা নিৰ্বাহ কৰি আহিছে। তেনেস্থলত এই ভূমি কোনো মূল্যৰ বিনিময়ত হোটেল নিৰ্মাণৰ বাবে এৰি দিয়াৰ পক্ষত নাই। কিন্তু চৰকাৰী পক্ষই হোটেল নিৰ্মাণৰ বাবে উঠি পৰি লাগিছে। স্থানীয় ৰাইজৰ অভিযোগ বহু উক্ত অঞ্চলৰ কৃষকক ভূমি পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু শেহতীয়াকৈ এতিয়া পট্টা দিয়াৰ বিপৰীতে চৰকাৰে ঘৰ-মাটি, কৃষিভূমি কাঢ়ি লৈ উচ্ছেদ কৰিব বিচৰা কাৰ্য কোনো কাৰণতে মানি লব নোৱাৰোঁ।
ইফালে উক্ত অধিগ্ৰহণ কৰি লোৱা ভূমিত বেৰি, নিৰাপত্তাৰক্ষী নিয়োগ কৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। হাজাৰ প্ৰতিবাদকো নেওচি চৰকাৰে হোটেল নিৰ্মাণৰ যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে। উক্ত কৃষকক ৩ লাখকৈ টকা ক্ষতিপূৰণৰ বাবদ চৰকাৰে দিয়াৰো যো-জা চলোৱাৰ খবৰ পোৱা গৈছে।
অন্যহাতে উক্ত অঞ্চলটো পৰিৱেশ সংবেদনশীল অঞ্চল (Eco-Sensitive Zone)ৰ অধীনৰ। তেনেস্থলত উক্ত অঞ্চলত প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱাটো উচ্চতম ন্যায়ালয়ৰ বিধি উলংঘন কৰা বুলিও চৰ্চা চলিছে। এইক্ষেত্ৰত অবশ্যে পৰিৱেশকৰ্মীসকলেও বিৰোধীতা কৰিছে। পৰিৱেশ কৰ্মীসকলৰ মতে, বানপানীৰ সময়ত কাজিৰঙাৰ পৰা বন্যজীৱনসমূহ আশ্ৰয় বিচাৰি ঘাইপথ পাৰ হৈ কাষৰ পাহাৰ আৰু ইংলে পথাৰৰ দৰে ওখ অঞ্চলসমূহলৈ আহে। যদি এই পৰিৱেশ সংবেদনশীল অঞ্চলসমূহত ডাঙৰ কংক্ৰিটৰ হোটেল নিৰ্মাণ কৰা হয়, তেন্তে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হ’ব। ইয়াৰ মাজতো চৰকাৰে "উন্নয়নৰ নামত থলুৱাক গৃহহীন কৰা"ৰ দৰে নীতিৰে হোটেল নিৰ্মাণৰ পক্ষত এতিয়াও অটল।
সেয়েহে সমগ্ৰ বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰি চাহ জনগোষ্ঠী কল্যাণ সমিতিৰ সভাপতি চম্ভু তাঁতীয়ে ৰাষ্ট্ৰপতি পত্ৰ প্ৰেৰণ কৰি চৰকাৰখনৰ থলুৱা বিৰোধী নীতিৰ সন্দৰ্ভত অৱগত কৰিছে। তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এখন হোটেল প্ৰকল্পৰ বাবে খিলঞ্জীয়া আদিবাসী লোকে মাটি হেৰুৱাৰ আশংকা দেখা দিছে। কাজিৰঙাৰ ইংলে পথাৰত বাস কৰা ৪৫টা আদিবাসী পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম এই মাটিত খেতি কৰি, জীৱন গঢ়ি আৰু নিজৰ পৰিচয় ৰক্ষা কৰি আহিছে। এই ভূমি কোনো ফাইলৰ এটা সংখ্যা নহয়। মাত্ৰ ৩ লাখ টকাৰ ক্ষতিপূৰণে কেতিয়াও এটা পৰিয়ালৰ আজীৱন উপাৰ্জন, পিতৃ-পুৰুষৰ স্মৃতি, সমাজৰ শিপা আৰু নিজৰ ঘৰখনৰ মূল্য পূৰণ কৰিব নোৱাৰে। সেয়েহে এই ন্যায়ৰ স্বাৰ্থত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিব লগা হল। এই আবেদন কেৱল এখন আৱেদন-পত্ৰ নহয়; ই কাজিৰঙাৰ আত্মা, ইয়াৰ ভূমিপুত্ৰসকল আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ এক মৰ্মস্পৰ্শী আহ্বান।
চৰকাৰৰ স্থিতি বিপৰীতে অৱস্থান কৰা স্থানীয় কৃষকৰ আন্দোলনে প্ৰকৃতাৰ্থত কিমানদূৰ সফল হব পাৰিব সেয়েহে সময়েহে কব।
সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপোনালোকৰ মতামত জনাব পাৰিব......
